প্ৰযুক্তিবিদ্যা সম্পৰ্কিত বিষয়সমূহ

ভাৰতীয় ভাষাত ইলেক্ট্ৰনিক অনুবাদ সঁজুলিসমূহ এতিয়াও উন্নতিৰ প্ৰথমটো স্তৰতেই আছে। এই সঁজুলি সমূহৰ ভিতৰত ৱৰ্ড প্ৰচেছৰ, অভিধান, মেনেজমেন্ট সঁজুলি, শব্দথুপ (term bank), অনলাইন অভিধান, অনলাইন ভিজুৱেল শব্দকোষ, ৱৰ্ড ফাইণ্ডাৰ, অনুবাদ মেমৰি চফ্টৱেৰ, শব্দ-তালিকা (glossaries), শব্দপুঞ্জ (corpora), বানান পৰীক্ষক, ব্যাকৰণ পৰীক্ষক, ইলেক্ট্ৰনিক অভিধান, কাৰিকৰী শব্দ-তালিকা, বৈয়াকৰণিক শব্দ-তালিকা, অনলাইন সঁজুলি, সাংস্কৃতিক শব্দকোষ ইত্যাদি সুবিধাক অন্তৰ্ভূক্ত কৰিব পাৰি। যান্ত্ৰিক অনুবাদ পেকেজৰ বাহিৰে বাকী সকলো বিলাকেই অনুবাদকক সহযোগ কৰে, কিন্তু মূল অনুবাদ কাৰ্য সম্পন্ন নকৰে।

NTMএ কিছুমান কাৰ্যৰ বাবে কাৰিকৰী মানৱ সম্পদৰ প্ৰশিক্ষণ আৰু উন্নয়নত সহযোগ আৰু আনসকলক সহায় ও সহযোগিতা প্ৰদান কৰি যান্ত্ৰিক অনুবাদত প্ৰযুক্তিগত উন্নয়নৰ সহায়ক হৈ উঠিব পাৰে। CIIL আৰু TDIL (Technology Development for Indian Languages)ৰ দৰে প্ৰতিষ্ঠানৰ লগত একগোট হৈ NTMএ দলত দিয়া ক্ষেত্ৰসমূহত সহযোগ কৰিব পাৰে

a. প্ৰয়োজনীয় অৱগাঁঠনিৰ নিৰ্মাণ, বিশেষকৈ শব্দকোষ, দ্বিভাষিক অভিধান, অনুবাদ মেমৰিৰ বাবে চফ্টৱেৰ ইত্যাদি, যি মানদণ্ডসম্পন্ন ও সাৰ্থক অনুবাদৰ নিশ্চিতি প্ৰদান কৰিব পাৰে।
b. দীৰ্ঘকালীন বহু-প্ৰতিষ্ঠানিক সহযোগিতাৰ সহায়ত ই-অভিধান, ৱৰ্ডনেটৰ দৰে শাব্দ্য সম্পদ, ভাষা-বিশ্লেষণ, সংশ্লেষণ সঁজুলি, নিৰ্ঘণ্ট নিৰ্মাণকাৰী, তৰংগদৈৰ্ঘ্য বিশ্লেষক আদিৰ সৃজন ও তদাৰকীকৰণ: এই ক্ষেত্ৰত NTMএ সভা/কৰ্মশালা, অনলাইন আলোচনা আদি অনুষ্ঠিত কৰি নিৰবিচ্ছিন্ন পাৰস্পৰিক সম্পৰ্কৰ যোগেদি দলীয়-কাৰ্যৰ বাবে এক সাৰ্বজনীন মঞ্চ প্ৰদান কৰিব।
c. উত্স পাঠৰ গ্ৰন্থস্বত্বৰ লগত সম্পৰ্কিত বিষয়সমূহ চোৱাচিতা কৰা আৰু নিকা ডিজিটেল ৰূপলৈ অনুবাদ কৰা। মান বিশিষ্ট XML টেগ আৰু DTD সহায়ত NTMএ এই মূল্যবান ডিজিটেল সামগ্ৰীসমূহ মানদণ্ড সম্পন্ন সজ্জাত ৰখাৰ নিশ্চিতি প্ৰদান কৰিব।
d. LDC-IL প্ৰকল্পৰ অধীনত সৃষ্টি কৰা টীকা সংৰেখনেৰে এক উচ্চ মানদণ্ডসম্পন্ন সমান্তৰাল শব্দপুঞ্জ (corpora) তৈয়াৰ কৰা আৰু তাৰ তদাৰক কৰা। এনে ধৰণৰ শব্দপুঞ্জত যন্ত্ৰ–শিক্ষা কৌশল ব্যৱহাৰ কৰি যান্ত্ৰিক অনুবাদ প্ৰণালী পাব পৰা যায়।
e. 15 খন ৰাষ্ট্ৰক যুক্ত কৰি 1996 চনত ৰাষ্ট্ৰসংঘৰ নেতৃত্বত আৰম্ভ হোৱা Universal Networking Language (UNL)ৰ সৈতে একে শাৰীতে অৱস্থান গ্ৰহণ কৰি এক ইন্টাৰ-লিংগুৱা (Interlingua) আধাৰিত অভিগমনৰ পৃষ্ঠপোষকতা কৰা