হাতত লোৱা কাৰ্য্যসমূহ

পৰীক্ষামূলক প্ৰকল্প: অনুকৃতি

অনুবাদৰ ক্ষেত্ৰত ‘অনুকৃতি’ শীৰ্ষকৰ অধীনত পৰিকল্পনা আয়োগে ভাৰতীয় ভাষা সংস্থানলৈ ইতিমধ্যেই এক গুৰুত্বপূৰ্ণ প্ৰকল্প মঞ্জুৰ কৰিছিল। ‘অনুকৃতি: ট্ৰান্সলেটিং ইণ্ডিয়া’ শীৰ্ষক ৱেবছাইটটো সকলো ভাৰতীয় ভাষাৰ অনুবাদ সেৱা আৰু তথ্যৰ সৰবৰাহ কৰিব পৰাকৈ পৰিকল্পনা কৰা হৈছিল। এনে ধৰণৰ এটা ৱেবছাইট পৰিকল্পনাৰ মূলতে আছিল ভাৰতীয় ভাষাৰ প্ৰতি সমৰ্পিত তিনিটা প্ৰতিষ্ঠান- ভাৰতীয় ভাষা সংস্থান (MHRD) মহীশূৰ, সাহিত্য একাডেমী আৰু নেচনেল বুক ট্ৰাষ্ট, নতুন দিল্লী।

দশম পৰিকল্পনাৰ কালছোৱাত মুঠ 59.64 লাখ টকা এই প্ৰকল্পৰ বাবে মঞ্জুৰী দিয়া হৈছিল। পৰিকল্পনা অনুসৰি, অনুকৃতিৰ অধীনত তলত দিয়া লক্ষ্যসমূহ প্ৰাপ্ত কৰা হ’ল।

  » www.anukriti.net নামৰ অনুবাদৰ প্ৰতি উত্সৰ্গিত এটা ৱেবছাইটৰ সূচনা কৰা হ’ল আৰু বিগত বছৰ সমূহত ইয়াক ধাৰাবাহিকভাৱে উন্নীত ও তথ্যৰে সজাই উলিওৱা হ’ল।
  » এতিয়ালৈকে তিনি বছৰ ধৰি ‘Translation Today’ নামৰ এখন অনলাইন অনুবাদ জাৰ্ণেল প্ৰকাশ কৰি থকা হৈছে।
  » এক অনুবাদ সমলআধাৰ আৰু অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জী নিয়মিতভাৱে উন্নীত কৰা হ’ল।
  » ইংৰাজী-কানাড়াৰ ওপৰত যন্ত্ৰ–সাহাৰ্যিত অনুবাদৰ বাবে প্ৰাথমিক বুনিয়াদ তৈয়াৰ কৰা হ’ল।
  » মুখ্য প্ৰকাশনসমূহৰ পৰা প্ৰাপ্ত অনুবাদৰ কেটল’গসমূহ ছাইটত অন্তৰ্ভুক্ত কৰি থকা হৈছে।
  » দেশ আৰু বিদেশত উপলব্ধ অনুবাদৰ বিভিন্ন পাঠ্যক্ৰমসমূহৰ পুংখানুপুংখ তথ্য ছাইটত উপলব্ধ কৰা হৈছে।
  » বিভিন্ন পেশাদাৰী অনুবাদ সংস্থাৰ লগত যোগাযোগ স্থাপন কৰা হ’ল।
  » অনলাইন অনুবাদকৰ সহায় হোৱাকৈ বিভিন্ন অনুবাদ চফ্টৱেৰ ক্ৰয় কৰাৰ সুবিধা উপলব্ধ কৰাৰ বাবে অনলাইন সংযোগ দিয়া হৈছে।
  » অনুবাদ অধ্যয়নৰ ওপৰত যুগুতাই থকা, শব্দাৱলীৰ অভিধান আৰু গ্ৰন্থপঞ্জী সম্পূৰ্ণ হোৱাৰ পথত।

NCERTৰ দ্বাৰা সম্পন্ন কাৰ্য

NCERTয়ে XIII শ্ৰেণীলৈকে ইয়াৰ সমগ্ৰ পাঠ্যপুথি ইতিমধ্যে হিন্দী আৰু উৰ্দুলৈ অনুবাদ কৰিছে। VIII অনুসূচীৰ সমগ্ৰ 22টা ভাষালৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় কাৰিকুলাম ফ্ৰেমৱৰ্ক অনুদিত হৈছে। NTMএ এইসমূহক অনুসূচীত অন্তৰ্ভুক্ত ভাৰতীয় ভাষাসমূহলৈ অনুবাদ কৰাত সহযোগ কৰিব পাৰিব।

ভাৰতত অনুবাদৰ প্ৰকাশন

সাহিত্য একাডেমী (1954 চনত প্ৰতিষ্ঠিত) আৰু নেচনেল বুক ট্ৰাষ্ট (1957 চনত প্ৰতিষ্ঠিত) হ’ল অনুবাদৰ যোগেদি ভাৰতৰ বিভিন্ন ভাষা, ক্ষেত্ৰ আৰু সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ সেঁতু সৃষ্টি কৰিবলৈ গঠন কৰা সৰ্বপ্ৰথম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান।

প্ৰতিষ্ঠাৰ পাচৰে পৰা সাহিত্য একাডেমীয়ে ইংৰাজী আৰু আন আঞ্চলিক ভাষা; কোনো ক্ষেত্ৰত আঞ্চলিক ভাষাৰ মাজত সাহিত্যিক পাঠ/ৰচনাৰ অনুবাদ প্ৰকাশ কৰি আহিছে। এতিয়ালৈকে একাডেমীয়ে 24টা ভাষাত প্ৰায় 7000 গ্ৰন্থৰ প্ৰকাশন সম্পূৰ্ণ কৰিছে। প্ৰথমতে স্বীকৃত ভাষাসমূহৰ মাজতহে অনুবাদ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল, কিন্তু প্ৰথমতে বৰোদা আৰু তাৰ পাছত শ্বিলঙত প্ৰতিষ্ঠিত এক বিশেষ ‘জনজাতি সাহিত্য প্ৰকল্প’ ৰ যোগেদি গাড়োৱালী, ভিলি, কুই, গাৰো, গাম্মিত, মিজো, লেপ্সা, পাহাৰী, মুণ্ডাৰী, গণ্ডি ইত্যাদি জনজাতীয় ভাষা আৰু দোৱানৰ পৰা অনুবাদ আৰম্ভ কৰে। আন্তঃভাষিক অনুবাদৰ ক্ষেত্ৰত ইয়াৰ অৱদান অতুলনীয়।

নেচনেল বুক ট্ৰাষ্টে ধাৰাবাহিকভাৱে ‘আদান-প্ৰদান’ প্ৰকাশ কৰে য’ত অনুসূচীভূক্ত বিভিন্ন ভাষাৰ সমসাময়িক সৰ্বোত্তম ৰচনাসমূহ ইংৰাজী আৰু আন ভাৰতীয় ভাষাত প্ৰকাশ কৰা হয়। যি কি নহওক, ট্ৰাষ্টৰ কাৰ্যকলাপ কেৱল সাহিত্যৰ ক্ষেত্ৰখনতে আবদ্ধ নহয়। বিভিন্ন ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ ব্যক্তিৰ জীৱনীৰ এক চিৰিজৰ ওপৰিও জন-অধিকাৰ, স্বাস্থ্য, পৰিবেশ, কলা, স্থাপত্য, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী আদিৰ ওপৰত ৰচিত জ্ঞান-গ্ৰন্থও প্ৰকাশ কৰে।

যদিও শিক্ষা আৰু ইয়াৰ লগত জড়িত প্ৰকাশনসমূহৰ 80%ই ইংৰাজীত উপলব্ধ হয়, আশী দশকৰ পাছত ভাৰতীয় মুক্ত অৰ্থনীতিয়ে বহুতো আন্তৰ্জাতিক প্ৰকাশনক ভাৰতত তেওঁলোকৰ প্ৰকাশ আৰম্ভ কৰিবলৈ আকৰ্ষণ কৰে। এই উদ্যোগত লাহে লাহে পেশাদাৰীত্ব আহি পৰিল, সম্পাদনাৰ মানদণ্ড বৃদ্ধি পালে আৰু ব্যৱসায়িক দিশতো ইয়াৰ গুৰুত্ব বৃদ্ধি পালে। পিয়েৰচন ইডুকেশ্বন, ৰেণ্ডম হাউচ, ছেজ, মেক-গ্ৰাউ হিল আদি প্ৰকাশনে বহল অৰ্থত শৈক্ষিক ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে অৰিয়েন্ট লংমেন(দিশা চিৰিজ), মেকমিলান (ইংৰাজী অনুবাদত আধুনিক উপন্যাস চিৰিজ), পেংগুইন ইণ্ডিয়া, অক্সফৰ্ড ইউনিভাৰচিটি প্ৰেছ, ৰূপা এণ্ড কোং, হাৰ্ণাৰ-কলিনছ আদি প্ৰকাশন অনুবাদৰ জগতখনৰ লগত জড়িত হৈ পৰে। ‘কথা’ৰ দৰে অনুবাদৰ ক্ষেত্ৰত বিশেষভাৱে সমৰ্পিত প্ৰকাশনৰ আবিৰ্ভাৱ এক উল্লেখযোগ্য ঘটনা। স্ত্ৰী, জুৱান, ৰ’লী আৰু ওমেন আনলিমিটেডৰ দৰে সৰু সৰু প্ৰকাশনেও অনুবাদত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

ইংৰাজীলৈ কৰা অনুবাদৰ চিত্ৰখন যথেষ্ঠ উজ্জল যদিও, (i) অন্য বিষয়ৰ গ্ৰন্থ ইংৰাজীলৈ অনুবাদ (ii) ইংৰাজী আৰু আন ভাৰতীয় ভাষাৰ পৰা ভাৰতীয় ভাষালৈ অনুবাদ (iii) ভাৰতীয় ভাষাৰ মাজত অনুবাদৰ ক্ষেত্ৰখন যথেষ্ট অসুসম; উদাহৰণস্বৰূপে, 260 খন বাংলা গ্ৰন্থ মালায়লমলৈ অনুদিত হোৱাৰ বিপৰীতে মাত্ৰ 12 খন মালায়লম গ্ৰন্থহে বাংলালৈ অনুদিত হৈছে। ভাষাৰ মুক্ত ও ৰুদ্ধ (open or closed nature) চৰিত্ৰৰ ওপৰিও এই অসুষমতাৰ আন এক কাৰণ হ’ল কিছুমান ভাষাৰ পৰা আন কিছুমান ভাষালৈ অনুবাদৰ বাবে অনুবাদকৰ অনুপস্থিতি ও অভাৱ। বিপৰীতে, বেছি সংখ্যক ভাষাৰ ক্ষেত্ৰতেই বিশেষজ্ঞ আছে যি ইংৰাজীৰ পৰা হিন্দীকে সাঙুৰি আন আধুনিক ভাৰতীয় ভাষালৈ অনুবাদ কৰিব পাৰে। কিন্তু ভাৰতীয় ভাষা -উদাহৰণস্বৰূপে, তামিল আৰু মাৰাঠী, মালায়লম আৰু গুজৰাটীৰ মাজত বাস্তবিকতে অনুবাদক নাই বুলিয়েই ক’ব পাৰি।

পাঠ্যক্ৰমসমূহ

মাত্ৰ কেইখনমান বিশ্ববিদ্যালয়েহে অনুবাদৰ আনুষ্ঠানিক পাঠ্যক্ৰম আগবঢ়াই আহিছে। বৰ্তমান তলত দিয়া পাঠ্যক্ৰমসমূহ উপলব্ধ।
1. আন্নামালাই বিশ্ববিদ্যালয়:  
  (i) স্নাতকোত্তৰ ডিপ্ল’মা, অনুবাদ অধ্যয়ন
  (ii) M. A., প্ৰায়োগিক ভাষাবিজ্ঞান আৰু অনুবাদ
  (iii) M. A., অনুবাদ
  (iv) Ph. D., ভাষাবিজ্ঞান (অনুবাদক সামৰি)
  (v) M. Phil., অনুবাদ অধ্যয়ন
2. আগ্ৰা বিশ্ববিদ্যালয়, K.M. ইন্সটিটিউট: ডিপ্ল’মা পাঠ্যক্ৰম, অনুবাদ
3. হিমাচল প্ৰদেশ বিশ্ববিদ্যালয় M. Phil., অনুবাদ অধ্যয়ন
4. পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়: চাৰ্টিফিকেট পাঠ্যক্ৰম, অনুবাদ
5. স্বামী ৰামানন্দ তীৰ্থ মাৰাঠৱাড়া বিশ্ববিদ্যালয়: চাৰ্টিফিকেট পাঠ্যক্ৰম, অনুবাদ
6. পুণা বিশ্ববিদ্যালয়: চাৰ্টিফিকেট আৰু ডিপ্ল’মা পাঠ্যক্ৰম, অনুবাদ
7. হায়দৰাবাদ বিশ্ববিদ্যালয় (দূৰৱৰ্তী শিক্ষা কেন্দ্ৰ): স্নাতকোত্তৰ ডিপ্ল’মা, অনুবাদ অধ্যয়ন (PGDTS)
8. হায়দৰাবাদ বিশ্ববিদ্যালয় (হিন্দী বিভাগ):
  (i) ডিপ্ল’মা, অনুবাদ
  (ii) এডভান্সড ডিপ্ল’মা পাঠ্যক্ৰম, পেশাদাৰী অনুবাদ
  (iii) স্নাতকোত্তৰ ডিপ্ল’মা, অনুবাদ অধ্যয়ন
9. হায়দৰাবাদ বিশ্ববিদ্যালয় (CALTS): M. Phil. & Ph. D., অনুবাদ অধ্যয়ন
10. CIEFL (বৰ্তমান TEFLU, হায়দৰাবাদ), অনুবাদ অধ্যয়ন কেন্দ্ৰ (CTS): স্নাতকোত্তৰ ডিপ্ল’মা, অনুবাদ অধ্যয়ন
11. কেৰেলা বিশ্ববিদ্যালয় স্নাতকোত্তৰ ডিগ্ৰী, অনুবাদ
12. মাদুৰাই কামৰাজ বিশ্ববিদ্যালয় P.G. পাঠ্যক্ৰম, অনুবাদ
13. তামিল বিশ্ববিদ্যালয়, তাঞ্জাভূৰ ডিপ্ল’মা পাঠ্যক্ৰম, অনুবাদ
14. বিশ্ব-ভাৰতী: M.A. ব্যৱহাৰিক হিন্দী (অনুবাদ)
এইবিলাকৰ ওপৰিও বিভিন্ন বিশ্ববিদ্যালয়ৰ যথেষ্ঠ সংখ্যক তুলনামূলক সাহিত্যৰ বিভাগে (যেনে, যাদৱপুৰ বিশ্ববিদ্যালয়, ক’লকাতা, বীৰ নাৰমাদ চাউথ গুজৰাট বিশ্ববিদ্যালয়, চুৰাট) অনুবাদ অধ্যয়নৰ ওপৰত পাঠ্যক্ৰম আগবঢ়াই আহিছে। ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠানেও এনে পাঠ্যক্ৰম আগবঢ়াই আছে- ডিপ্ল’মা, অনুবাদ, ইন্সিটিউট অব ট্ৰান্সলেচন ষ্টাডিজ (ৰেজিঃ), বাংগালুৰু। বৰ্তমান এনে প্ৰতিষ্ঠানৰ সংখ্যা যথেষ্ট।

লিংগুইষ্টিক ডাটা কনচৰ্টিয়াম অৱ ইণ্ডিয়ান লেংগুৱেজেছ (LDC-IL)

ভাৰতীয় ভাষাৰ লগত সম্পৰ্কিত কৰ্পাছ ভাষাবিজ্ঞান আৰু ভাষা-প্ৰযুক্তি ক্ষেত্ৰৰ লগত জড়িত গৱেষকক সহায়-সহযোগ আগবঢ়াবলৈ LDC-IL আৰম্ভ কৰা হৈছে। ভাষা-প্ৰযুক্তিৰ গৱেষণা আৰু বিকাশৰ বাবে ভাষা-সমল ও তথ্য হ’ল প্ৰাথমিক ও প্ৰয়োজনীয় উপাদান। LDC-ILএ হিন্দীৰ পৰা আন ভাষালৈ যন্ত্ৰ–পঠনযোগ্য ভাষা-সমল উত্কৃষ্টতৰ কৰাত গুৰুত্ব আৰোপ কৰিছে। ভাষা বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, অভিযান্ত্ৰিক বিজ্ঞান আদি ভিন্ন ক্ষেত্ৰৰ লগত জড়িত কৰিব পৰাকৈ যথেষ্ঠ পৰিমাণৰ ভাষ-সমলৰ সংগ্ৰহ, পৰিবৰ্তন প্ৰণালী আৰু টীকাকৰণ আদি বিষয়ত মনোযোগ দিব।

উপৰোক্ত কাৰ্যসমূহৰ ওপৰিও “লিংগুইষ্টিক ডাটা কনচৰ্টিয়াম অৱ ইণ্ডিয়ান লেংগুৱেজেছ”এ তলত দিয়া বিষয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব
  » পাঠ, বাক আৰু শাব্দ্য কৰপৰাৰ(corpora) ৰূপত সকলো ভাৰতীয় ভাষাত ভাষিক সম্পদৰ এক ভাণ্ডাৰ সৃষ্টি কৰা
  » বিভিন্ন প্ৰতিষ্ঠানক এনে সমল-আধাৰ (Database) সৃষ্টিত সহায়-সহযোগ কৰা
  » বিভিন্ন গৱেষণা ও উন্নয়ন কাৰ্য্যৰ বাবে ভাষা কৰপৰাৰ সংগ্ৰহ ও সংৰক্ষণৰ ক্ষেত্ৰত মানদণ্ড নিৰ্ধাৰণ কৰা
  » সমল সংগ্ৰহ আৰু মেনেজমেন্টৰ বাবে সঁজুলিৰ সৃজন ও আদান-প্ৰদানত সহযোগ
  » কাৰিকৰী আৰু লগতে পৰিবৰ্তন প্ৰণালী সম্বন্ধীয় বিষয়ত কৰ্মশালা, আলোচনাচক্ৰ ইত্যাদিৰ জৰিয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা
  » LDC-ILৰ সম্পদক সকলোলৈকে উপলব্ধ কৰিবলৈ প্ৰাথমিক পথ হিচাপে এটা ৱেবছাইট তৈয়াৰ কৰা আৰু তাৰ তদাৰক কৰা
  » জন-ব্যৱহাৰৰ বাবে যথাযোগ্য ভাষা-প্ৰযুক্তিৰ সৃজন ও সৃজনত সহযোগ কৰা
  » শৈক্ষিক প্ৰতিষ্ঠান, স্বাধীন গৱেষক আৰু জনসাধাৰণৰ মাজত প্ৰয়োজনীয় সম্পৰ্ক সৃষ্টি কৰা আৰু সহযোগ কৰা
 
এই কাৰ্যকলাপে যান্ত্ৰিক অনুবাদক সম্ভৱ কৰি তুলিব যি ৰাষ্ট্ৰীয় অনুবাদ অভিযানক প্ৰত্যক্ষভাৱে লাভান্বিত কৰি তুলিব।

C-DAC & TDIL ৰ দ্বাৰা সম্পূৰ্ণ হোৱা কাৰ্য

যান্ত্ৰিক অনুবাদৰ(MT) দক্ষতাৰ ওপৰত সংশয় প্ৰকাশ কৰা সকলে জানি আচৰিত হ’ব যে পৃথিবীত বৰ্তমান বহু বিধৰ MT পদ্ধতি প্ৰণালী ব্যৱহৃত হয়। উদাহৰণস্বৰূপে জনপ্ৰিয় Systran (Altavista চাৰ্চ ইঞ্জিনৰ দ্বাৰা ব্যৱহৃত) আৰু METEOৰ (কানাডিয়ান মেটেৰ’লজিকেল চেন্টাৰৰ দ্বাৰা ব্যৱহৃত, যি 1977 চনৰ পৰা বতৰ বুলেটিনৰ প্ৰায় 45000 শব্দতকৈ বেচি অনুবাদ কৰিছে) কথা ক’ব পাৰি। যেতিয়া C-DACএ NLP (প্ৰাথমিক ভাষা পৰিবৰ্তন প্ৰণালী)ৰ ওপৰত কাম কৰা আৰম্ভ কৰে তেতিয়াই ভাৰতত MT বিপ্লৱ আৰম্ভ হোৱা বুলি ক’ব পাৰি আৰু C-DACএ হিন্দী, সংস্কৃত, গুজৰাটী, ইংৰাজী আৰু জাৰ্মানৰ বিশ্লেষণ কৰিব পৰাকৈ টেগ-আধাৰিত বিশ্লেষক (Tagbase Parsar) সৃষ্টি কৰে। এই প্ৰযুক্তি সৃষ্টি কৰোঁতে প্ৰতিষ্ঠানটোৱে প্ৰযুক্তিৰ বাস্তৱিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু নানা এজেঞ্চিক ইয়াক ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। MTৰ প্ৰচুৰ সম্ভাৱনীয়তাক অনুমান কৰি চৰকাৰী ভাষা বিভাগ (DOL), ভাৰত চৰকাৰে এনে প্ৰকল্পলৈ প্ৰত্যক্ষভাৱে অনুদান দিয়া কাৰ্য আৰম্ভ কৰে। জনসংযোগ ও তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MC&IT) বিশেষ ক্ষেত্ৰৰ অনুবাদৰ উন্নয়নৰ বাবে তলত উল্লেখ কৰা ক্ষেত্ৰসমূহ চিনাক্তকৰণ কৰে:

  » চৰকাৰী প্ৰশাসনীয় প্ৰক্ৰিয়া আৰু অবয়ব
  » সংসদৰ প্ৰশ্ন ও উত্তৰ, ঔষধ সম্পৰ্কীয় তথ্য
  » আইনী পাৰিভাষিক শব্দাৱলী ও আদালতৰ ৰায়

মন্ত্ৰালয়ে 1990-91 চনত MT আৰু আনবিলাকক সাঙুৰি ভাৰতীয় ভাষাত তথ্য পৰিবৰ্তন প্ৰণালীৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নৰ প্ৰচেষ্টাক সহায়-সমৰ্থন আৰু অনুদান আগবঢ়োৱাৰ বাবে ‘ভাৰতীয় ভাষাৰ উন্নয়নৰ বাবে প্ৰযুক্তি’ (TDIL- Technology for Development of Indian languages') প্ৰকল্পৰ সূচনা কৰে। যি কি নহওক, 22টা চৰকাৰী ভাষা হোৱা বাবে অনুবাদ এক বৃহত্ প্ৰত্যাহ্বান হৈ পৰে। চৰকাৰী কাৰ্যালয়ৰ মাজত যোগাযোগৰ ক্ষেত্ৰত ইংৰাজী আৰু হিন্দী প্ৰয়োজনীয় ভাষা হোৱাৰ বাবে এই ভাষা দুটাক MTৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ বাবে চিনাক্ত কৰা হ’ল।

একেদৰে, গৱেষণাৰ দুটা বিশেষ ক্ষেত্ৰ চিনাক্ত কৰা হ’ল-ভাৰতীয় ভাষাৰ মাজত অনুবাদৰ বাবে MT ব্যৱস্থা, হিন্দী আৰু ইংৰাজীৰ মাজত অনুবাদৰ বাবে MT ব্যৱস্থা। বৰ্তমান C-DAC পুণা, MCST(বৰ্তমান C-DAC মুম্বাই বুলি জনা যায়), IIT হায়দৰাবাদ আৰু IIT কানপুৰে এই আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি অনুপ্ৰয়োগ সৃজন ও উন্নয়নত নেতৃত্ব বহন কৰিছে।

ইলেক্ট্ৰনিক্স বিভাগৰ (Department of Electronics (DOE) জ্ঞান-আধাৰিত কম্পিউটাৰ প্ৰণালী প্ৰকল্পৰ অধীনত C-DACএ VYAKARTA সৃষ্টি কৰে, যি ইংৰাজী, হিন্দী, গুজৰাটী আৰু সংস্কৃত বিশ্লেষণত সক্ষম। এই প্ৰতিষ্ঠানে একেই বিশ্লেষণ প্ৰণালী ব্যৱহাৰ কৰি MANTRA (প্ৰশাসনীয় বাক্য ইংৰাজীৰ পৰা হিন্দীলৈ অনুবাদ কৰিব পৰা যন্ত্ৰ সাহাৰ্যিত অনুবাদ সঁজুলি) সৃষ্টি কৰি উলিয়ায়। যি চৰকাৰী ভাষা বিভাগে প্ৰশাসনিক কাৰ্যৰ বাবে ‘ইংৰাজীৰ পৰা হিন্দীলৈ কম্পিউটাৰ সাহাৰ্যিত অনুবাদ প্ৰণালী- English to Hindi Computer assisted Translation System’ প্ৰকল্পত আৰ্থিক অনুদান প্ৰদান কৰিছিল সেই ভাষা বিভাগৰ সন্মুখত এই সঁজুলিৰ প্ৰয়োগ ও কাৰ্যকাৰিতা প্ৰদৰ্শন কৰা হয়। এই প্ৰকল্পৰ লক্ষ্য আছিল ব্যক্তিগত প্ৰশাসনৰ বাবে এক কম্পিউটাৰ সাহাৰ্যিত অনুবাদ প্ৰণালীৰ আৰ্হিকৰণ, সৃজন আৰু প্ৰয়োগকৰণ। এই প্ৰণালীয়ে বৰ্তমান নিযুক্তি পত্ৰ, স্থানান্তৰণ পত্ৰৰ দৰে চৰকাৰী নথি ও বিজ্ঞপ্তি অনুবাদ আৰু মানদণ্ড সম্পন্ন ৱৰ্ড পৰিবৰ্তন প্ৰণালীত ও ডিটিপি পেকেজৰ পৰা ইনপুট গ্ৰহণ কৰাত সক্ষম।

উল্লিখিত ক্ষেত্ৰসমূহত ইংৰাজীৰ পৰা হিন্দীলৈ অনুবাদ সম্ভৱ কৰি তোলাৰ পাছত, C-DACএ বৰ্তমান বহুভাষিক অনুবাদৰ বাবে কৌশল সৃজনৰ দৰে আন ক্ষেত্ৰলৈ গৱেষণাৰ পৰিসৰ বৃদ্ধি কৰিছে। এই গৱেষণাৰ সফলতাই যিকোনো দুটা ভাষাৰ মাজত যান্ত্ৰিক অনুবাদ সম্ভৱ কৰি তুলিব।

এই ক্ষেত্ৰৰ লগত যুক্ত আন এটা প্ৰতিষ্ঠান হ’ল মুম্বাইস্থিত NCST, যাক C-DAC মুম্বাই হিচাপে পুনৰ নামকৰণ কৰা হয়। যান্ত্ৰিক অনুবাদৰ ওপৰত কাম কৰা ভাৰতৰ প্ৰথম প্ৰতিষ্ঠানসমূহৰ ভিতৰত NCST হ’ল এটা। 80 দশকৰ শেষৰ ফালে এই প্ৰতিষ্ঠানে এক প্ৰাৰম্ভিক চানেকি-Screen Talk প্ৰস্তুত কৰিবলৈ সক্ষম হয় যি লিপি বা তেনে অভিগমন ব্যৱহাৰ কৰি বিশেষ বিষয়ৰ PTIৰ বাতৰি অনুবাদ কৰিবলৈ সক্ষম। তাৰপাছত ই হিন্দীৰ ক্ষেত্ৰত আৰম্ভ কৰি ইংৰাজী আৰু ভাৰতীয় ভাষাৰ মাজত অনুবাদৰ বাবে এক সাধাৰণ কাৰ্য-বিন্যাস MaTra বিকাশ কৰে। MaTra দুইধৰণে ব্যৱহাৰ কৰিব পাৰি। স্বয়ংচালিত অৱস্থাত, প্ৰণালীয়ে দিব পৰা সৰ্বোত্কৃষ্ট অনুবাদৰ যোগান ধৰে, যাক উপভোক্তাই পিছত সম্পাদনা কৰিব পাৰে। মানৱ নিয়ন্ত্ৰিত অৱস্থাত–উপভোক্তাই সহজজ্ঞেয় GUI ব্যৱহাৰ কৰি শুদ্ধ অনুবাদ সম্ভৱ কৰাত পথ প্ৰদৰ্শন কৰে।

Anusaaraka, Anglabharati, Anubharati ইত্যাদি প্ৰকল্পৰ যোগেদি এই অত্যাধুনিক প্ৰযুক্তি সৃজনত IIT মুম্বাই আৰু IIT কানপুৰে নেতৃত্ব দি আহিছে। বৰ্তমান IIT মুম্বায়ে সাৰ্বজনীন নেটৱৰ্কিং ভাষাৰ (UNL) যোগেদি এই সমস্যাৰ ক্ষেত্ৰত এক দৃঢ় পদক্ষেপ লৈছে। যান্ত্ৰিক অনুবাদৰ ক্ষেত্ৰত ‘ANGLABHARATI’ক এক বৈপ্লৱিক প্ৰণালী হিচাপে অভিহিত কৰা হৈছে। এই প্ৰণালী হ’ল জনস্বাস্থ্য অভিযানৰ বিশেষ ক্ষেত্ৰত ইংৰাজী আৰু হিন্দীৰ মাজত অনুবাদৰ বাবে এক যন্ত্ৰ সাহাৰ্যিত অনুবাদ প্ৰণালী। বৰ্তমান কালত সকলো প্ৰকল্পই ইংৰাজীৰ পৰা হিন্দীলৈ যান্ত্ৰিক অনুবাদত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিলেও ইয়াক আন ভাষালৈ সম্প্ৰসাৰণ কৰাটো এতিয়াও প্ৰত্যাহ্বান স্বৰূপেই হৈ আছে। এটা ভাৰতীয় ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদৰ লক্ষ্যৰে আৰম্ভ হোৱা Anusaaraka প্ৰকল্প এক অভিনৱ উদ্ভাৱন আছিল, যাক IIT কানপুৰত আৰম্ভ হৈছিল আৰু পিছলৈ IIT হায়দৰাবাদ আৰু CALTS, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সহযোগত সৃজন কৰা হৈছিল। Anusaaraka হ’ল এনে এটা চফ্টৱেৰ যি এটা ভাৰতীয় ভাষাৰ পৰা আন এটালৈ পাঠ ৰূপান্তৰ কৰাত সক্ষম। অৱশ্য ই পাঠকে বুজিব পৰাকৈ অনুবাদ কৰাত সক্ষম হ’লেও ব্যাকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ নহয়। উদাহৰণস্বৰূপে, বাংলাৰ পৰা হিন্দী Anusaarakaই উপভোক্তাৰ বোধগম্য হোৱাকৈ এক নিৰ্দিষ্ট পাঠৰ হিন্দী ৰূপান্তৰ কৰাত সক্ষম, কিন্তু সেই পাঠ সম্পূৰ্ণ ব্যাকৰণসন্মত নহয়। একেধৰণে, এটা ভাষাৰ ছাইট দৰ্শন কৰা এজন ব্যক্তিয়ে কেনেকৈ Anusaaraka ব্যৱহাৰ কৰি পাঠ পঢ়িব পাৰে সেইটো জ্ঞাত নহয়। Anusaaraka তেলেগু, কানাড়া, বাংলা, মাৰাঠী আৰু পাঞ্জাৱীৰ পৰা হিন্দীলৈ তৈয়াৰ কৰি উলিওৱা হৈছে। এই প্ৰণালী এক মুক্ত উত্সৰ চফ্টৱেৰ হিচাপে উপলব্ধ হ’ব। IIT হায়দৰাবাদে ইতিমধ্যে SAKTI নামৰ আন এটা অনুবাদ সমৰ্থিত প্ৰণালী সৃজন কৰাত সাফল্য লাভ কৰিছে।

এই দিশৰ লগত সৰ্বান্তঃকৰণে জড়িত গৱেষক, বিশ্ববিদ্যালয়সমূহ/IITসমূহ আৰু চফ্টৱেৰ উদ্যোগে এতিয়াও যথেষ্ঠ উন্নতি কৰিবলৈ বাকী আছে, য’ত NTMৰ সাহাৰ্য যথেষ্ঠ প্ৰয়োজনীয় হ’ব।