পাৰিভাষিক শব্দাৱলী

পাৰিভাষিক আৰু বৈজ্ঞানিক শব্দাৱলীৰ অনুবাদ আৰু মান্যকৰণ হ’ল জ্ঞান পাঠ্যৰ অনুবাদৰ বাবে এটা অতি প্ৰয়োজনীয় পদক্ষেপ। ভাৰতীয় ভাষাসমূহত পাৰিভাষিক শব্দাৱলীৰ সৃজন আৰু ব্যৱহাৰ আজিলৈকে সম্ভৱ হৈ উঠা নাই বা কোনো কোনো ক্ষেত্ৰত পৰিকল্পনাও কৰা হোৱা নাই। তামিল, বাংলা আদিৰ দৰে কিছুমান ভাষাত একাধিক পাৰিভাষিক শব্দকোষ আছে যদিও কিছুমান ভাৰতীয় ভাষাত এনে শব্দকোষৰ উপস্থিতিৰ সংখ্যা শূণ্য। NTM-এ বৈজ্ঞানিক তথা কাৰিকৰী শব্দাৱলী আয়োগ (CSTT)ৰ লগত সহযোগিতা কৰি ভাৰতীয় ভাষাত পাৰিভাষিক শব্দাৱলীৰ মান্যকৰণ কাম হাতত লৈছে। NTM-ৰ এনে পদক্ষেপে ক্ষিপ্ৰ আৰু মানদণ্ডসম্পন্ন অনুবাদত সহায় হব পৰাকৈ ভাৰতীয় সংবিধান স্বীকৃত ২২টা ভাষাত বৈজ্ঞানিক আৰু পাৰিভাষিক শব্দাৱলীৰ সৃজন আৰু ব্যৱহাৰ সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত বৈজ্ঞানিক তথা কাৰিকৰী শব্দাৱলী আয়োগ (CSTT)ক সহায় কৰিব।