FAQসমূহ

1. মই কেনেকৈ NTMৰ অংশ হ’ব পাৰো?/ মই NTMৰ বাবে অনুবাদক হিচাপে পঞ্জীকৃত হ’ব খোজো। মই এই কাম কেনেকৈ কৰা উচিত?/ NTMত নিম্ন-স্নাতক (Undergraduate) শিক্ষাৰ্থী হিচাপে মই কেনেকৈ ভৰ্তি হ’ব পাৰিম?
উত্তৰ: আপোনাৰ বিশদ বিৱৰণ আমালৈ পঠাওক। http://www.ntm.org.in/languages/english/login.aspx. ৰ যোগেদি আপুনি এই কাম কৰিব পাৰে। খুওব সোনকালেই আপুনি আমাৰ পৰা বাৰ্তা লাভ কৰিব।

2. মই এক বিশেষ গ্ৰন্থ অনুবাদ আৰু প্ৰকাশ কৰিব বিচাৰো। NTMৰ অধীনত এই কাম মই কেনেকৈ কৰিব পাৰিম?
উত্তৰ: আপোনাৰ কামৰ নমুনাৰ সৈতে এক বিশদ প্ৰকল্প প্ৰতিবেদন দাখিল কৰক। আমাৰ দলে তাক পৰীক্ষা কৰিব আৰু আপুনি বিশেষজ্ঞৰ মতামত জানিব পাৰিব

3. NTMৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে আৱশ্যকীয় উপকৰণসমূহ কি কিয?
উত্তৰ:অনুবাদকৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত NTMহ’ল অনন্য। উত্স ভাষা আৰু লক্ষ্য ভাষাত আপোনাৰ দক্ষতা আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্য সম্পন্ন কৰিব পৰা ক্ষমতাৰ বাহিৰে NTMএ আপোনাৰ পৰা আন একো নিবিচাৰে। NTMৰ বাবে প্ৰতিভাশালী অনুবাদকৰ বয়স, অৰ্হতা অথবা অৱস্থান কোনো সমস্যাই নহয়।

4. মোৰ অৱস্থানৰ সমস্যা আছে। তথাপিও মই NTMৰ সৈতে যুক্ত হ’ব পাৰিমনে?
উত্তৰ: অনুবাদ উদ্যোগক পৃষ্ঠপোষকতা আৰু অনুবাদৰ ক্ষেত্ৰত আগ্ৰহ থকা সকলক উদগনি যোগোৱা বাবে NTMৰ সুত্ৰপাত ঘটোৱা হৈছে। অৱস্থান এই প্ৰকল্পৰ বাবে সমস্যা নহয়। পৃথিৱীৰ যিকোনো অংশৰ পৰা আপুনি এই অভিযানৰ লগত যুক্ত হ’ব পাৰে।

5. মাল্টিমিডিয়া অনুবাদ কি?
উত্তৰ: সাধাৰণতে লিখিত আৰু কথিত নথিপত্ৰসমূহ অনুদিত বা ভাষান্তৰ কৰা হয়। এই দুই ক্ষেত্ৰৰ ভিতৰত অন্তৰ্ভুক্ত নোহোৱা বাকী সকলো বিলাককেই মাল্টিমিডিয়া অনুবাদে সামৰি লয়। উদাহৰণস্বৰূপে, নেৰেশ্বন অথবা ভইচ-অভাৰ সেৱাৰ লগতে চাব-টাইটলকৰণ, বেৱছাইট অনুবাদ আৰু বহুভাষিক ডেস্কটপ প্ৰকাশন আদিক মাল্টিমিডিয়া অনুবাদৰ ভিতৰত সামৰি ল’ব পাৰি।

6. ভইচ-অভাৰ অথবা নেৰেশ্বন অনুবাদ প্ৰকল্পৰ অংশ হ’ব নেকি?
উত্তৰ: CIILএ বিভিন্ন বিষয়ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন ধৰণৰ প্ৰকল্পৰ তদাৰক কৰে য’ত ভইচ-অভাৰ, নেৰেশ্বন অথবা তেনেধৰণৰ কাৰ্যৰ প্ৰয়োজন হ’য়। এই কাৰ্যসমূহ সুচাৰুৰূপে সমাধা কৰিবৰ বাবে CIILৰ চৌহদৰ ভিতৰত পেশাদাৰী পৰ্যায়ৰ ষ্টুডিঅ’ আছে। যদি কোনো প্ৰকল্পত এই বিশেষ সঁজুলিসমূহৰ প্ৰয়োজন হয়, তেন্তে NTMএ নিশ্চয় ইবিলাক ব্যৱহাৰ কৰিব।

7. কোনো অনুবাদ সঁজুলি ব্যৱহাৰ কৰা হ’ব নেকি?
উত্তৰ: অভিধান অনুবাদৰ বাবে চফ্টৱেৰ নিৰ্মাণ, Wordnet আদিৰ দৰে উচ্চ পৰ্যায়ৰ সঁজুলি নিৰ্মাণ কৰাটো হ’ল NTMৰ মূল লক্ষ্যসমূহৰ ভিতৰত এটা। যিসকল লোক এই সঁজুলিসমূহৰ জৰিয়তে উপকৃত হ’ব পাৰে সেই সকলোলৈকে ইবিলাক উপলব্ধ কৰা হ’ব।

8. এক পাঠ অনুবাদ কৰাৰ সময়ত মই কি সজ্জা গ্ৰহণ কৰা উচিত?
উত্তৰ:

9. অনুবাদৰ বাবে মই কেনেকৈ এটা পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰিম?
উত্তৰ:

10. অনুবাদক বাচনি কৰাৰ বাবে কোনো পাঠ্যক্ৰম/দিকবিন্যাস থাকিব নেকি?
উত্তৰ: অনুবাদকৰ শিক্ষা NTMৰ প্ৰাথমিক লক্ষ্য সমূহৰ ভিতৰ এটা, কিয়নো এই কামৰ বাবে বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন আছে। NTMএ চুটি প্ৰশিক্ষণ কাৰ্যক্ৰম আয়োজন কৰি, অনুবাদকৰ বাবে পাঠ্যক্ৰম মডিউল আৰু পেকেজ তৈয়াৰ কৰি অনুবাদ প্ৰযুক্তিৰ ওপৰত বিশেষ পাঠ্যক্ৰমসমূহক উত্সাহ, সমৰ্থন আৰু সহায়-সহযোগ প্ৰদান কৰি, গৱেষণা প্ৰকল্পক উত্সাহিত কৰি, বৃত্তিমূলক কাৰ্যক্ৰম হাতত লৈ, কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে অনুবাদৰ পৰীক্ষণ ও মূল্যাংকন, সম্পাদনা, পাঠ-সম্পাদনা আদি বিষয়সমূহত এনেধৰণৰ বহুতো পন্থা হাতত লৈ প্ৰতিভাৱান অনুবাদকক সুবিধা প্ৰদান কৰিব।

11. মই মোৰ পচন্দৰ গ্ৰন্থ এখন অনুবাদ কৰিব পাৰিম নেকি? অথবা NTMএ মোক পচন্দ অনুযায়ী পাঠ প্ৰদান কৰিব?
উত্তৰ: জ্ঞান পাঠৰ NTMৰ সমল-আধাৰ হ’ব সকলো অনুবাদ সামগ্ৰীৰ উত্স।