|  | 
                 
         
         | 
        ছফ্টৱেৰ
                         
    
        
            
                | নব্য প্ৰযুক্তিয়ে তুলনামূলকভাৱে কম খৰচতে ক্ষিপ্ৰ গতিত বিশাল পৰিমাণৰ অনুবাদ সম্ভৱ
                    কৰি তোলাৰ সম্ভাৱনীয়তাৰ সৃষ্টি কৰিছে। নানা সংস্থা, প্ৰতিষ্ঠানে যন্ত্ৰ সমৰ্থিত অনুবাদৰ
                    বাবে ছফ্টৱেৰ সৃষ্টি ও বিকাশত অংশ গ্ৰহণ কৰিছে। 
 NTM-এ চৰকাৰৰ পৰা প্ৰচুৰ পৰিমাণৰ অৰ্থনৈতিক অনুদান লাভ কৰা সংস্থা বা প্ৰতিষ্ঠান, যেনে,
                    C-DAC, TDIL, IIT-সমূহ, আদিয়ে কৰা কামৰ পূনৰাবৃত্তি নকৰে। যি কি নহওক, NTM-এ কিছুমান
                    বিশেষ কামৰ বাবে মানৱ সম্পদৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰি আৰু আন প্ৰকাৰে সহযোগিতা আগবঢ়াই
                    যান্ত্ৰিক অনুবাদলৈ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াবলৈ চেষ্টা কৰি যাব।
 
 NTM-এ In-Lan নামৰ এক ইংৰাজী-কানাড়া যান্ত্ৰিক অনুবাদ পেকেজ (বিধি নিৰ্ভৰ) নিৰ্মাণ
                    কৰি আছে, যাৰ মূল উদ্দেশ্য হ’ল স্বয়ংক্ৰিয়ভাৱে ইংৰাজী বাক্যৰ কানাড়া অনুবাদ সৃষ্টি
                    কৰা।
 
 
                        
                            |  | » | NTM-এ ফলপ্ৰসু আৰু মানদণ্ড সম্পন্ন অনুবাদ সম্ভৱ কৰাৰ বাবে অনলাইন সমাৰ্থক শব্দকোষ,
                                দ্বিভাষিক অভিধান, অনুবাদ মেমৰিৰ বাবে ছফ্টৱেৰ ইত্যাদিৰ দৰে প্ৰয়োজনীয় আধাৰ বা সা-সুবিধা
                                সৃষ্টি কৰি এই ক্ষেত্ৰখনলৈ তাত্ক্ষণিক সহায় আগবঢ়াব। |  
                            |  | » | ই-অভিধান, WordNets, ভাষা বিশ্লেষণ আৰু সংশ্লেষক সজুঁলি, কনকৰডেন্সাৰ, ফ্ৰিকুৱেন্সি
                                বিশ্লেষকৰ দৰে সজুঁলিবিলাক হ’ল এটা যান্ত্ৰিক অনুবাদ প্ৰণালীৰ বাবে অত্যাৱশ্যকীয় উপাদান।
                                এই সকলোবিলাক কেৱল এটা সংস্থান বা প্ৰতিষ্ঠানৰ দ্বাৰা সৃষ্টি আৰু তদাৰক কৰাটো সম্ভৱ
                                নহয়। ইয়াৰ বাবে দীৰ্ঘ সময় ধৰি বহু সংস্থান আৰু প্ৰতিষ্ঠানৰ যৌথ প্ৰচেষ্টাৰ আৱশ্যক।
                                NTM-এ নানা সংস্থান বা প্ৰতিষ্ঠানৰ লগত কৰ্মশালা আৰু নিৰবিচ্ছিন্ন অনলাইন আলোচনাৰ যোগেদি
                                এনেধৰণৰ সহযোগিতাৰ বাবে এক আধাৰ প্ৰস্তুত কৰিব পাৰে। |  
                            |  | » | অনুবাদৰ বাবে NTM-এ চয়ন কৰা কিতাপ আৰু সিবিলাকৰ অনুবাদ যান্ত্ৰিক অনুবাদ প্ৰণালীত ব্যৱহাৰ
                                কৰিব পৰাকৈ উপলব্ধ কৰাৰ কথা বিবেচনা কৰি থকা হৈছে। এনে ডিজিটেল সামগ্ৰী যাতে গ্ৰহণযোগ্য
                                XML টেগ আৰু DTD-ৰ সৈতে মান্য ৰূপত সংৰক্ষণ হৈ থাকে, তাৰ বাবে NTM-এ উপযুক্ত পদক্ষেপ
                                হাতত লব। |  
                            |  | » | বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে উচ্চ মান সম্পন্ন সমান্তৰাল কৰপ’ৰা নিৰ্মাণ কৰাৰ এটা ধাৰা
                                আৰম্ভ হৈছে। যান্ত্ৰিক অনুবাদ প্ৰণালীৰ বিকাশ সাধন কৰিবৰ বাবে যান্ত্ৰিক শিক্ষণ কৌশলসমূহ
                                ব্যৱহাৰ কৰি এনে কৰপ’ৰা বিকাশ কৰা হয়। এনে ধৰণৰ সম্পূৰ্ণ ও উপযুক্ত ডাটা আৰু সিবিলাকৰ
                                সংগ্ৰহৰ বাবে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন যি পৰিমাণৰ অৰ্থ বিনিয়োগ কৰাটো সাধাৰণতে
                                কেৱল এটা সংগঠন বা প্ৰতিষ্ঠানৰ বাবে সম্ভৱ নহয়। যি কি নহওক, এনে ক্ষেত্ৰত NTM-এ কিছু
                                সহায়-সমৰ্থন আগবঢ়াব পাৰে। |  |  |  |