NTMৰ বিষয়ে

ৰাষ্ট্ৰীয় অনুবাদ অভিযান (NTM) হ’ল ভাৰত চৰকাৰে দেশত অনুবাদক এটা উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰাৰ মূল লক্ষ্য লৈ সূচনা কৰা এটা আঁচনি। NTM-এ জ্ঞান পাঠসমূহক (knowledge texts) ছাত্ৰ-ছাত্ৰী ও শিক্ষা ক্ষেত্ৰৰ লগত জড়িতসকলৰ বাবে ভাৰতীয় ভাষাত উপলব্ধ কৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰখনক অধিক সৱল কৰি তুলিব খোজে। ভাষাগত দুৰত্ব দূৰ কৰি এক শৈক্ষিক সমাজ গঠনেই NTM-ৰ মূল সপোন। NTM-এ অনুবাদৰ মাধ্যমেৰে ভাৰতীয় সংবিধান VIII অনুসূচীত উল্লিখিত ভাষাসমূহত জ্ঞানৰ নিয়মিত আৰু অধিক প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে।

অনুবাদকৰ বাবে অনুশীলন অনুষ্ঠানৰ আয়োজন, অনুদিত গ্ৰন্থৰ প্ৰকাশৰ বাবে প্ৰকাশকক উদগনি প্ৰদান, অনুদিত গ্ৰন্থৰ তথ্যৰ ডাটাবেছ নিৰ্মাণ আদিৰ দৰে নানা ধৰণৰ কাম আৰম্ভ কৰিছে। উপৰোক্ত প্ৰচেষ্টাসমূহৰে NTM-এ অনুবাদক এটা উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰাৰ মানস কৰিছে। তদুপৰি অনুবাদৰ জৰিয়তে পাৰিভাষিক শব্দাৱলীৰ সৃজন ও নিৰ্মাণৰ উপৰিও অনুবাদৰ ওপৰত নানা ধৰণৰ তাত্বিক আৰু ব্যৱহাৰিক আলোচনাৰ বাট মুকলি কৰি ভাৰতীয় ভাষাসমূহক অধিক সৱল কৰাৰ আশা ৰাখিছে। NTM-এ আশা কৰে যে ভাষাৰ আধুনিকীকৰণ প্ৰক্ৰিয়াত, বিশেষকৈ ভাৰতীয় ভাষাসমূহৰ সম্বন্ধে হোৱা তাত্বিক আলোচনাৰ ক্ষেত্ৰত অনুবাদকসকলে বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হব।

জ্ঞান পাঠৰ অনুবাদ হৈছে অনুবাদক এটা উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰ দিশত প্ৰথম পদক্ষেপ। NTM-ৰ বাবে জ্ঞান বিতৰণ কৰিব পৰা সকলো পাঠেই হ’ল জ্ঞান পাঠ। বৰ্তমান NTM উচ্চ শিক্ষাৰ সকলো শৈক্ষিক বিষয় সম্বন্ধীয় কিতাপ ২২ টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা কাৰ্য্যৰ সৈতে জড়িত হৈ আছে। মুলতঃ ইংৰাজী ভাষাত উপলব্ধ হৈ থকা উচ্চ শিক্ষাৰ পাঠ্যপুথিসমূহক ভাৰতীয় ভাষাসমূহলৈ অনুবাদৰ দ্বাৰা সকলোৰে বাবে জ্ঞানৰ এক বিশাল ভাণ্ডাৰ নিৰ্মাণ কৰাৰ লক্ষ্য আগত লৈ NTM-এ কাম আৰম্ভ কৰিছে। আশা কৰা হৈছে যে এনে ধৰণৰ পদক্ষেপে এখন জ্ঞান সমৃদ্ধ সমাজ নিৰ্মাণৰ পথ প্ৰশস্ত কৰি তুলিব।