মেনেজমেন্ট ব্যৱস্থাসমূহ

মেনেজমেন্ট
কেন্দ্ৰীয় প্ৰতিষ্ঠান হিচাপে, CIILএ ৰাষ্ট্ৰীয় অনুবাদ অভিযান আৰম্ভ ও তদাৰক কৰিব। এই আঁচনিৰ ৰূপায়ণত CIIL ৰ নিৰ্দেশকে কেন্দ্ৰীয় বিষয়া হিচাপে কাম কৰিব। NTMৰ প্ৰকল্প নিৰ্দেশকে NTMৰ প্ৰকল্প উপদেষ্টা সমিতি (NTM-PAC)ৰ সভ্য-সচিব হিচাপে কাৰ্যভাৰ পালন কৰিব।

প্ৰকল্প উপদেষ্টা সমিতি (NTM-PAC)

NTM-PACৰ গাঁঠনি তলত দিয়া ধৰণৰ হ’ব:
নিৰ্দেশক, ভাৰতীয় ভাষা সংস্থান, মহীশূৰ অধ্যক্ষ
যুটীয়া সচিব (ভাষা) বা নিৰ্দেশক(ভাষা), উচ্চ শিক্ষা বিভাগ, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ মনোনীত এজন প্ৰতিনিধি সভ্য
JS & FA বা IFD(HRD)ৰ মনোনীত এজন প্ৰতিনিধি সভ্য
অধ্যক্ষ, কমিচন ফৰ চাইন্টিফিক এণ্ড টেকনিকেল টাৰ্মিন’ল’জি (CSTT), নতুন দিল্লী সভ্য
অনুবাদ শিক্ষা প্ৰদানৰত ভিন্ন বিশ্ববিদ্যালয়ৰ বিভাগৰ পৰা দুজন প্ৰতিনিধি সভ্য
ক্ৰম অনুসাৰে বিভিন্ন ৰাজ্যৰ পৰা দুজন প্ৰতিনিধি- ভাষা আৰু অনুবাদৰ লগত জড়িত অনুষ্ঠান/প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সভ্য
ভাষা বিশ্ববিদ্যালয়ৰ এখনৰ এজন উপাচাৰ্য সভ্য
কিতাপ-বিক্ৰেতা ও প্ৰকাশকৰ মাজৰ পৰা তিনিজন সভ্য
সচিব, সাহিত্য একাডেমী সভ্য
নিৰ্দেশক, নেচনেল বুক ট্ৰাষ্ট (NBT) সভ্য
অনুবাদ সামগ্ৰী (tools) আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত R&Dৰ লগত জড়িত থকা বিভিন্ন IIT/NIT/উদ্যোগিক সংস্থাৰ পৰা দুজন প্ৰতিনিধি সভ্য
বিভিন্ন ভাৰতীয় ভাষা আৰু ইংৰাজীৰ অনুবাদৰ লগত জড়িত অনুবাদ বিশেষজ্ঞ আৰু অনুবাদৰ ক্ষেত্ৰত আগ্ৰহী ব্যক্তিগত প্ৰতিষ্ঠান/কৰ্পৰেট হাউচ অথবা সতন্ত্ৰ ব্যক্তিৰ মাজৰ পৰা আঠজন প্ৰতিনিধি। সভ্য
প্ৰকল্প নিৰ্দেশক, ৰাষ্ট্ৰীয় অনুবাদ অভিযান অথবা তেখেতৰ অনুপস্থিতিত CIIL ৰ শৈক্ষিক সচিব সভ্য সচিব

NTM সমাজত সদস্যভূক্তি

সাধাৰণভাৱে NTM সমাজত সদস্যভূক্তিৰ সুবিধা সকলো পেশাদাৰী আৰু অপেশাদাৰী সকলোলৈকে খোলা থকাৰ ওপৰিও অনুবাদৰ লগত জড়িত সকলো এজেঞ্চি ইত্যাদিলৈ খোলা থাকিব। NTMৰ অধীনত কেনেকৈ পঞ্জীয়ণ কৰিব পাৰি সেই বিষয়ৰ বিতং তথ্য ৱেবছাইটৰ পৰা জানিব পাৰি।

প্ৰকল্প নিৰ্দেশক

অধ্যক্ষ হিচাপে যুটীয়া সচিব (ভাষা), সভ্য সচিব হিচাপে নিৰ্দেশক, CIIL আৰু লগত তিনিজন বিশেষজ্ঞ- দুজন NTM-PAC পৰা আৰু সচিব (উচ্চ শিক্ষা)ৰ মনোনীত এজন সদস্যৰে গঠিত এখন কমিটিয়ে NTMৰ প্ৰকল্প নিৰ্দেশকক নিযুক্তি দিব। প্ৰকল্প নিৰ্দেশকৰ বাবে অত্যাৱশ্যকীয় আৰু প্ৰয়োজনীয় অৰ্হতাসমূহ হ’ব এনেধৰণৰ:

(i) NTMৰ প্ৰকল্প নিৰ্দেশকক 5 বছৰৰ বাবে নিযুক্ত কৰা হ’ব।
(ii) NTMৰ প্ৰকল্প নিৰ্দেশকৰ বয়স 60 বছৰৰ কম হোৱা উচিত
(iii) মনোনীত বিশেষজ্ঞসকল অনুবাদ অধ্যয়ন/ কোনো ভাষা বা সাহিত্য (তুলনামূলক সাহিত্যক সামৰি)/ভাষা বিজ্ঞানত ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত আৰু/অথবা অনুবাদৰ ক্ষেত্ৰত বিদগ্ধ পণ্ডিত হোৱা বাঞ্চনীয়।
(iv) নূন্যতম 15 বছৰৰ শিক্ষাদান/ গৱেষণাৰ অভিজ্ঞতা থকা উচিত
(v) অনুবাদ অধ্যয়ন/অভিধান সংকলন আদি ক্ষেত্ৰত প্ৰকাশন থকা দৰকাৰ
(vi) অনুবাদৰ ক্ষেত্ৰত মূল প্ৰকাশিত ৰচনাৰ প্ৰমাণ

NTMৰ প্ৰকল্প নিৰ্দেশকে CIILৰ নিৰ্দেশকক প্ৰতিবেদন দাখিল কৰিব লাগিব, কিয়নো CIILৰ নিৰ্দেশক এই অভিযানৰ কেন্দ্ৰীয় বিষয়া হ’ব। কৰ্ম-সহযোগিতাৰ যুক্তিসংগত কাৰণ, MoUসমূহ আৰু কৰ্মনিযুক্তকৰণ আদিৰ ক্ষেত্ৰত সকলো প্ৰাৰম্ভিক কাম-কাজ আৰু যোগাযোগ প্ৰকল্প নিৰ্দেশকৰ দ্বাৰা সাধিত হ’ব আৰু যথাযথ কৰ্ম-চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব। তলত দিয়াসমূহ NTMৰ প্ৰকল্প নিৰ্দেশকৰ দায়িত্বত থাকিব, যি


(a) প্ৰকাশন/ই-প্ৰকাশনৰ তথ্য আৰু প্ৰতিষ্ঠানৰ আন এনেধৰণৰ সামগ্ৰীৰ দায়িত্বত থাকিব আৰু প্ৰতিষ্ঠানে তেওঁৰ ওপৰত অৰ্পণ কৰাৰ এই দায়িত্বসমূহ পালন কৰাৰ বাবে দায়বদ্ধ থাকিব;
(b) প্ৰতিষ্ঠানৰ/সংস্থানৰ হৈ কাৰ্যালয়ৰ সকলো ধৰণৰ যোগাযোগ স্থাপন কৰাৰ দায়িত্বত থাকিব;
(c) PACৰ অধ্যক্ষৰ নিৰ্দেশত NTM-PACৰ লগতে আন কৰ্মগোট আৰু বিভিন্ন সমিতিৰ সভা আহ্বান কৰাৰ দায়িত্বত থাকিব;
(d) সমিতিসমূহৰ সভাৰ বিশদ বিৱৰণ নথিভুক্ত কৰিব;
(e) NTMৰ একাউন্টৰ তদাৰক কৰিব;
(f) বিভিন্ন কাৰ্যৰ বাবে অনুমোদিত ও মঞ্জুৰীকৃত অৰ্থ ঠিকমতে ব্যয় কৰা হৈছেনে নাই তাক নিৰীক্ষণ কৰাৰ বাবে দায়বদ্ধ থাকিব;
(g) বিভিন্ন কাৰ্যৰ বাবে অনুমোদিত ও মঞ্জুৰীকৃত অৰ্থ ঠিকমতে ব্যয় কৰা হৈছেনে নাই তাক নিৰীক্ষণ কৰাৰ বাবে দায়বদ্ধ থাকিব;
(h) পৰিচালনা সমিতিয়ে তেওঁৰ ওপৰত ন্যস্ত কৰা প্ৰশাসনীয় ও বিত্তীয় ক্ষমতাসমূহ সুচাৰুৰূপে প্ৰযোগ কৰিব;
(i) উল্লিখিত কোনো দায়িত্বক অৱহেলা কৰিলে, প্ৰকল্প নিৰ্দেশক বাচনি হোৱাৰ পাছত, ভাৰত চৰকাৰে যিকোনো সময়তে পদাধিকাৰী বিষয়াক কুপৰিচালনা বা কৰ্তব্যচুতিৰ আৰোপত পদৰ পৰা অব্যাহতি দিব পৰিব।

কৰ্মচাৰীৰ নিযুক্তি

NTMৰ বাবে কোনো স্থায়ী পদৰ সৃষ্টি কৰা নহয়। সাময়িক বন্দবস্তৰ জৰিয়তে মানৱ সম্পদৰ প্ৰয়োজনীয়তা পূৰণ কৰা হ’ব। বাহিৰা উত্সৰ যোগেদি প্ৰয়োজনীয় কামসমূহ সম্পন্ন কৰা হ’ব। যি কি নহওক, প্ৰকল্পত 65 জন মূল কৰ্মচাৰী থাকিব- ইয়াৰে তিনিভাগৰ এভাগে দিল্লীৰ কাৰ্যালয়ত আৰু বাকীসকলে মহীশূৰৰ কাৰ্যালয়ত যোগদান কৰিব। ইয়াৰ ওপৰিও, বিশেষ বিশেষ কামৰ বাবে বিভিন্ন ভাৰতীয় ভাষাৰ কিছুসংখ্যক পৰামৰ্শদাতা থাকিব।

NTMৰ 65 জন মূল কৰ্মচাৰীৰ বিতং তথ্য তলত দিয়া ধৰণে আঁচনি কৰা হৈছে:

ক্ৰ. নং শীৰ্ষক
1. মানৱ সম্পদ (মুঠ 65 জন)
(a) প্ৰকল্প নিৰ্দেশক (1) @ Rs.40,000 ৰ অধিক
(b) উপ-নিৰ্দেশক/প্ৰাধ্যাপক (4) বিজ্ঞান, প্ৰযুক্তি ও সমাজ বিজ্ঞান/মানৱ সম্বন্ধীয় বিজ্ঞানৰ বাবে এজনকৈ @ Rs.35,000 – 38,000
(c) গৱেষণা বিষয়া/ৰিডাৰ (12)– উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পূব ভাৰত আৰু পশ্চিম ভাৰতৰ বাবে @ Rs.29,000 – 32,000
(d) কনিষ্ঠ গৱেষণা বিষয়া/জ্যেষ্ঠ প্ৰবক্তা ও প্ৰবক্তা (12) চাৰিটা অঞ্চলৰ বাবে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এজন@ Rs.20,000 – 26,000
(e) গৱেষণা সহযোগী (5) @ Rs.15,500 – 18,000
(f) সমন্বয় ৰক্ষণৰ বাবে জ্যেষ্ঠ সম্পাদক/ৱেব সম্পাদক (5) - চাৰিটা অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এজনকৈ @Rs.24,000 – 26,000
(g) উপ-সম্পাদক-মুদ্ৰণ ও ৱেব (5) - @Rs.20,000 – 22,000
(h) প্ৰশাসনীয় বিষয়া (বিত্ত) (1) @Rs.22,000
(i) কাৰ্যালয় অধীক্ষক (2)
(j) জ্যেষ্ঠ প্ৰকল্প প্ৰযুক্তিবিদ (4) @Rs.24,000 – 26,000
(k) কনিষ্ঠ প্ৰকল্প প্ৰযুক্তিবিদ (10) @Rs.20,000 – 22,000
(l) ডাটা প্ৰবিষ্ট কৰ্মী (2) – ইংৰাজী/ভাৰতীয় ভাষা
(m) কাৰ্যালয় কৰ্মচাৰী – গণনা (2)

একাদশ পৰিকল্পনা সময়ছোৱাৰ বাবে নিৰূপিত মুঠ খৰচ: 4,26,53,012 টকা
 

অৱস্থান

EFC (আৰু লগতে PAMD)এ ইতিমধ্যে সিদ্ধান্ত লৈছে যে অভিযানৰ সমগ্ৰ কাম-কাজ এটা কাৰ্যালয়ৰ পৰাই তদাৰক কৰা হ’ব, য’ত অভিযানৰ সমগ্ৰ কৰ্মগোটে একেলগে কাম কৰিব আৰু NTMৰ বাবে কোনো স্থায়ী গৃহ নিৰ্মাণৰ আঁচনি লোৱা নহ’ব বুলি এতিয়াই কব নোৱাৰি। সেইবাবে এই অভিযান CIIL, মহীশূৰত আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ল, কিয়নো এই অভিযানৰ বাবে CIILত যথাযোগ্য সা-সৰঞ্জাম ও মানৱ-সম্পদ মজুত হৈ আছে। কাৰ্যালয়ৰ বাবে প্ৰয়োজন হ’লে মহীশূৰত এক উপযুক্ত গৃহ ভাড়ালৈ লোৱা হ’ব।

যিহেতু NTMএ চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থান, কৰ্পৰেট গৃহ, IT/চফ্টৱেৰ বিশেষজ্ঞ, প্ৰকাশন গৃহ, স্বয়ংচালিত সাংস্কৃতিক প্ৰতিষ্ঠান, ভাৰতীয় আৰু বিদেশী ভাষাৰ বিশেষজ্ঞ আদিৰ লগত এক নিবিড় সম্পৰ্ক ৰখিব আৰু লগতে বিভিন্ন সমিতিৰ অধীনত যথেষ্ট সংখ্যক বিশেষজ্ঞ আৰু পৰামৰ্শদাতাক বিভিন্ন কামৰ দায়িত্ব অৰ্পণ কৰিব, সেইবাবে ভাৰতৰ ৰাজধানী দিল্লীত NTMৰ এক যোগাযোগ কাৰ্যালয় থাকিব। দিল্লীত যোগাযোগ কাৰ্যালয় স্থাপন কৰাৰ মূলতে হ’ল বৃহত্ সংখ্যক প্ৰকাশনৰ ওপৰিও IT আৰু বিভিন্ন ভাৰতীয় ভাষাৰ বিশেষজ্ঞ, বিভিন্ন চৰকাৰী কাৰ্যালয় ও বিভাগ আৰু যথেষ্ট সংখ্যক সাংস্কৃতিক প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ উপস্থিতি। বৰ্তমান দিল্লীত ভাড়ালৈ লোৱা এক গৃহত এই যোগাযোগ কাৰ্যালয় আৰম্ভ কৰা হ’ব।

কালদৈৰ্ঘ্য

যেতিয়ালৈকে বিভিন্ন ভাষাৰ মাজত জ্ঞান-আধাৰিত পাঠৰ অনুবাদ প্ৰয়োজনীয় ও দৰকাৰী বিবেচিত হয় তেতিয়ালৈকে NTMক জাৰী ৰখা হ’ব। জ্ঞানৰ বিশাল সীমনা আৰু সদায়েই নতুন নতুন পাঠ ৰচিত হৈ থকাৰ বাবে NTMৰ সামৰণিৰ কথাটো এতিয়াই কোৱাটো বৰ আগতীয়া হ’ব।