ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ডাটাবেছ

ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ডাটাবেছ হৈছে NTM-ৰ এক উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ যোগেদি ভাৰতৰ সকলো বিশ্ববিদ্যালয় আৰু অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ নানা তথ্যক উপলব্ধ কৰি তোলা হব। এই ডাটাবেছে বিশ্ববিদ্যালয়সমূহত শিক্ষাদান কৰা বিষয়সমূহ, পাঠ্য-পুথি তালিকা সম্পৰ্কীয় সকলো তথ্য উপলব্ধ কৰি তুলিব। বিশ্ববিদ্যালয়সমূহৰ ৱেব-ঠিকনাসমূহো ইয়াত উপলব্ধ কৰি তোলা হব। বৰ্তমান বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃত 155 খন ভাৰতীয় বিশ্ববিদ্যালয়ৰ বিতং তথ্য এই ডাটাবেছত উপলব্ধ হৈ আছে। ডাটাবেছটোত এই প্ৰতিষ্ঠানসমূহত শিক্ষাদান কৰা বিবিধ বিষয়ৰ পাঠ্যপুথিৰ তথ্য উপলব্ধ হৈ আছে। এই তথ্যই বিশ্ববিদ্যালয়সমূহৰ পাঠ্যপুথিৰ তালিকাৰ লগতে সেই কিতাপসমূহৰ লিখক, প্ৰকাশক ইত্যাদিৰ তথ্যকো সামৰি লৈছে।

এই মডিউলত থকা অন্বেষণ বিকল্পৰ যোগেদি দেশৰ পণ্ডিত আৰু গৱেষকে যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ বিষয় আৰু পাঠ্য-তালিকা সম্বন্ধে নানা তথ্যপাতি সংগ্ৰহ কৰিব পাৰিব। কোনো বিশ্ববিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠানে নিজৰ পাঠ্যক্ৰম বা পাঠ্যতালিকা সাল-সলনি কৰাৰ আগতে আন আন প্ৰতিষ্ঠানৰ পাঠ্য তালিকাসমূহৰ তুলনামূলক অধ্যয়ন কৰাৰ সুবিধা পাব আৰু ই গ্ৰাম্যাঞ্চল আৰু নগৰ অঞ্চলত অৱস্থিত বিশ্ববিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠানৰ সমোন্নতি সম্ভৱ হৈ পৰিব। অনাগত ভবিষ্যৎত NTM-এ এই ডাটাবেছবিলাক ছপা আকাৰৰ লগতে, CD বা তেনে ধৰণৰ মাধ্যমত উপলব্ধ কৰি তুলিব।