লক্ষ্য হিতাধিকাৰীসমূহ

অভিযানৰ বাবে লক্ষ্য হিতাধিকাৰীসমূহৰ এক ব্যাপক ক্ষেত্ৰ বিৰাজমান, কিন্তু পাৰ্শ্বাঞ্চলৰ দুৰ্বল শিক্ষাৰ্থীসমূহ হ’ল প্ৰাথমিক ও প্ৰধান। যি তেওঁলোকৰ অৱস্থান আৰু পশ্চাতভূমি, অৱস্থানিক (মুখ্যতঃ গ্ৰাম্য আৰু অৰ্ধ চহৰ ক্ষেত্ৰ), লগতে সামাজিক, বিশেষতঃ কোনো বিশেষ সুবিধাপ্ৰাপ্ত নোহোৱা জাতি অথবা শ্ৰেণীৰ হোৱা বাবে সহায়ৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলগীয়া হয়। এই শিক্ষাৰ্থীসকলৰ কাৰিকৰী ও বৈজ্ঞানিক ক্ষেত্ৰৰ লগত সম্পৰ্কিত জ্ঞানৰ জগতখনৰ লগত যি সাধাৰণতে ইংৰাজী ভাষাত উপলব্ধ, অতি কম পৰিমাণৰ বা একেবাৰেই সম্পৰ্ক নাই বুলি ক’ব পাৰি। এই অভিযান তেতিয়াহে ইয়াৰ লক্ষ্যত উপনীত হ’ব যদি আৰু যেতিয়া বিভিন্ন ক্ষেত্ৰৰ পাঠসমূহে এই জ্ঞান অন্বেষকসকলক স্পৰ্শ কৰিব পাৰিব।

যি কি নহওক, লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়াত বৃহত্ সংখ্যক দল তথা সমষ্টিয়ে পাৰ্শ্বীয় সুফল লাভ কৰিব, যেনে:

1. নিজৰ ভাষাত সাহিত্যিক আৰু জ্ঞান পাঠ পঢ়িব বিচৰা সাধাৰণ জনতা
2. বৃহত্ সংখ্যক অনুবাদক নিযুক্ত হ’ব আৰু তেওঁলোকৰ কামৰ বাবে যথাযোগ্য মাননি প্ৰদান কৰা হ’ব
3. ভাষাৰ ক্ষেত্ৰত নতুন আৰু আকৰ্ষণীয় গ্ৰন্থৰ সন্ধানত থকা প্ৰকাশকসকল
4. বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত নিতৌ পাঠদানৰত শিক্ষকসকল
5. অনানুষ্ঠানিক শিক্ষাৰ লগত জড়িত স্বেচ্ছাসেৱকসকল
6. জন-স্বাস্থ্য, জন-অধিকাৰ, পৰিবেশ, বিজ্ঞানৰ জনপ্ৰিয়কৰণ আদিৰ দৰে ক্ষেত্ৰত কাম কৰি থকা NGOবিলাক
7. দোভাষী সন্ধানৰত এজেন্সিবিলাক
8. পৰ্যটক আৰু বিদেশী পণ্ডিতসকল যাক ভাষান্তৰকৰণৰ প্ৰয়োজন
9. অনুদিত উপশিৰোনামাৰ বাবে আগ্ৰহী বোলছবি নিৰ্মাতা, প্ৰযোজক আৰু প্ৰচাৰকসকল
10. বিভিন্ন ভাষাত অনুষ্ঠান প্ৰচাৰ কৰাত আগ্ৰহী অনাতাঁৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ প্ৰযোজকসকল
11. অনুবাদ প্ৰশিক্ষাৰ্থীসকল
12. বিশ্ববিদ্যালয়ৰ অনুবাদ বিভাগসমূহ আৰু আন অনুবাদ প্ৰতিষ্ঠানসমূহ
13. অনুবাদৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত গৱেষকসকল
14. অনুবাদ চফ্টৱেৰ বিকাশকাৰীসকল
15. তুলনামূলক সাহিত্যৰ গৱেষকসকল

মানদণ্ড সম্পন্ন অনুবাদ উদ্যোগৰ সূত্ৰপাত ঘটাবলৈ, সাহিত্য একাডেমীয়ে ছপা-মাধ্যমত আৰম্ভ কৰা আৰু বৰ্তমান অনুকৃতি ৱেবছাইটত উপলব্ধ অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জী উন্নীত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ইয়াৰ লগে লগে, সকলো অনুবাদকৰ সংস্থাসমূহ (বৰ্তমান দেশত যথেষ্ট সংখ্যক এনে সংস্থান আছে) আৰু ব্যক্তিগত প্ৰকাশন সমূহৰ অনুবাদকৰ গোটসমূহক জড়িত কৰা দৰকাৰ। সমগ্ৰ প্ৰক্ৰিয়াটোক পেশাদাৰী মনোভাৱেৰে পৰিচালনা কৰাৰ লগতে চৰকাৰী আৰু অন্য এজেঞ্চিসমূহলৈ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্দিষ্ট পাঠৰ অনুবাদ যোগান ধৰাৰ প্ৰয়োজন হ’ব। ইয়াৰ ওপৰিও, অনুবাদ মেলা (সৰু বৰ সকলো চহৰতে অনুবাদ উত্সৱ আৰু এনে ধৰণৰ অনুষ্ঠান) আৰু পেশাদাৰী অনুবাদকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি নতুন প্ৰজন্মক সহায় কৰাৰ লগতে যথাযোগ্য মানৱ-শক্তি চিনাক্তকৰণ কৰা হ’ব। আমি আশা কৰো যে এটা বৃহত্ অনুবাদ উদ্যোগত এই মনোবৃত্তিৰ প্ৰতিফলন ঘটিব।

সাধাৰণ জনতাৰ বাবে সৰ্বাধিক লাভ সৃষ্টি কৰিবলৈ আৰু লগতে আমাৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞান আধাৰিত পাঠ আৰু অনুবাদৰ প্ৰতি আগ্ৰহী সকলৰ বাবে মুদ্ৰিত গ্ৰন্থসমূহ নিয়ন্ত্ৰিত মূল্যত যোগান ধৰা হ’ব। CIILৰ চাৰ্ভাৰৰ পৰা NTM সৃষ্ট ও পৰিচালিত বিস্তৃত নেটৱৰ্কৰ এক ৱেবচাইটত এই সকলোবোৰ পাঠ ই-গ্ৰন্থৰ ৰূপত বিনামূল্যে উপলব্ধ কৰা হ’ব। নেট-আধাৰিত পাঠৰ অন্তিম-উপভোক্তাৰ বিতং তথ্য ৰাখিবলৈ উপভোক্তাৰ এখন পঞ্জী সংৰক্ষণ কৰি ৰখা হ’ব। ইয়াৰ জৰিয়তে আমি তেওঁলোকৰ মতামত লাভ কৰিব পৰিম। শেষত, অভিধান, শব্দকোষ, ৱৰ্ড-ফাইণ্ডাৰ, নিৰ্ঘন্ট, শব্দৰ ব্যুত্পত্তি সম্বন্ধীয় অভিধান, দৃশ্য আৰু শ্ৰাব্য অভিধান-আদিৰ দৰে অনুবাদ সঁজুলিসমূহ উপলব্ধ কৰা হ’ব আৰু মুক্ত উত্সৰ পেকেজ হিচাপে উন্নীত কৰা হব।

দুটা ভিন্ন ভাষাৰ ক্ষেত্ৰত NTMএ ডিজিটেল অভিধান আৰু যন্ত্ৰ-সাহাৰ্যিত অনুবাদ চফ্টৱেৰ সৃজনত অগ্ৰাধিকাৰ দিব। যোৱা দুটা দশকত IIT আৰু বিশ্ববিদ্যালয়সমূহ, IIITসমূহ, TIFR আৰু IIScএ একেলগে আৰু লগতে বহু বৃহত্ চফ্টৱেৰ প্ৰতিষ্ঠানে যান্ত্ৰিক অনুবাদৰ সমস্যাসমূহৰ ওপৰত কাম কৰি আছে যদিও আজি পৰ্যন্ত ত্ৰুটীহীন উচ্চস্তৰীয় সঁজুলিৰ নিৰ্মাণ সম্ভৱ হৈ উঠা নাই। সেইবাবে NTMএ এই বিষয়ত সাৱধানতাৰে প্ৰয়োজনীয় পদক্ষেপ আগবঢ়াব। এই অনুমোদনৰ বিশেষ অংশ (যেনে ডিজিটেল অভিধান, ৱৰ্ড-ফাইণ্ডাৰ, শব্দকোষ ইত্যাদি) আনবিলাকতকৈ (যেনে স্বয়ংক্ৰিয় সঁজুলিবিলাক) আগতীয়াকৈ ৰূপায়ণ কৰা হ’ব।