প্ৰকল্প কৌশল

মুখ্য কাম আৰু ঘটনাৰ ওপৰত ভিত্তি কৰি সমগ্ৰ অভিযানক ভাগ কৰা হ’ব যাক ইয়াত প্ৰকল্প কৌশল হিচাপে উল্লেখ কৰিব পাৰি।
  » গোটেইকেইটা সংবিধান স্বীকৃত ভাষাতে কাৰিকৰী আৰু বৈজ্ঞানিক শব্দাৱলী উদ্ভাৱনত CSTTলৈ সহায় ও উপদেশ আগবঢ়োৱা
এই লক্ষ্য প্ৰাপ্তিৰ বাবে কমিছন ফ’ৰ চাইন্টিফিক এণ্ড টেকনিকেল টাৰ্মিন’ল’জিয়ে প্ৰয়োজনীয় পদক্ষেপ আগবঢ়াব। CSTTৰ কাৰ্যাধিকাৰ হ’ল হিন্দী আৰু আন আধুনিক ভাষাসমূহত কাৰিকৰী আৰু বৈজ্ঞানিক শব্দাৱলীৰ বিকাশ আৰু এই ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। তেওঁলোকৰ কৰ্মৰ ফলাফলে NTMৰ অনুবাদক উপকৃত কৰিব। অন্যহাতেদি, NTMএ CSTTৰ এই শব্দাৱলী 22 টা সংবিধান স্বীকৃত ভাষাত বিকাশ সাধন কৰাৰ প্ৰক্ৰিয়াক শক্তিশালী কৰি তোলাৰ লগতে জ্ঞান-আধাৰিত পাঠৰ দ্ৰুত অনুবাদ সম্ভৱ কৰি তুলিব। এই পাৰিভাষিক শব্দাৱলীক 22টা ভাষাত অনলাইন উপলব্ধ কৰাৰ ক্ষেত্ৰত NTMৰ বাবে C-DAC আৰু CIILৰ লগত সংঘবদ্ধ হৈ কাম কৰাৰ প্ৰয়োজন হ’ব।
  » নিজাকৈ অথবা বাহিৰৰ উত্সৰ দ্বাৰা ইলেক্ট্ৰনিক অভিধান/শব্দকোষ প্ৰস্তুতকৰণ
  » মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষাদান কৰা সকলো মুখ্য বিষয়তে জ্ঞান-আধাৰিত অনুবাদ প্ৰকাশিত কৰা, যি একাদশ পৰিকল্পনাৰ কালছোৱাত 65ৰ পৰা 70 বিভিন্ন বিষয়ৰ (প্ৰাৰম্ভিক অৱস্থাত 42 টা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল) 1760 জ্ঞান-পাঠ আৰু প্ৰায় 200 পাঠ্যপুথিক সামৰি ল’ব। উল্লেখ কৰাটো সমীচীন হ’ব যে বৰ্তমান 12শ শ্ৰেণীলৈকে NCERTৰ সমূহ পাঠ্যপুথি হিন্দী আৰু উৰ্দু- মাত্ৰ এই দুটা স্বীকৃতিপ্ৰাপ্ত ভাষালৈহে অনুবাদ কৰা হৈছে। প্ৰক্ৰিয়াই গতি লাভ কৰাৰ লগে লগে মুঠ অনুবাদ ও প্ৰকাশনৰ লক্ষ্য পৰৱৰ্তী পৰিকল্পনাৰ সময়ছোৱাত বৃদ্ধি পাব আৰু আশা কৰা হৈছে যে প্ৰতি পৰিকল্পনাৰ কালত এই পৰিমাণ 8800 পৰ্যন্ত বৃদ্ধি পাব।
  » অনুবাদৰ ওপৰত প্ৰকাশিত জাৰ্ণেল বা অনুবাদ সম্পৰ্কিত পাঠৰ প্ৰকাশন আৰু ভাৰতীয় ভাষাৰ বিশ্লেষণ আদিৰ ক্ষেত্ৰত অনুদানৰ যোগান
  » লিখক/অনুবাদকক IPR/গ্ৰন্থস্বত্ব মাচুলৰ যোগান
  » বিভিন্ন স্তৰত অনুবাদ প্ৰশিক্ষণ ও কৰ্তৃত্ব প্ৰদানত মঞ্জুৰী প্ৰদান
  » অনুবাদৰ লগত সম্পৰ্কিত প্ৰকৃতিক ভাষা পৰিবৰ্তন প্ৰণালী (NLP) ৰ গৱেষণাৰ বাবে মঞ্জুৰী প্ৰদান
  » ডিগ্ৰী/ডিপ্ল’মা পাঠ্যক্ৰম পৰিচালনা কৰা বিশ্ববিদ্যালয়ৰ বিভাগলৈ বিশেষ প্ৰকল্পৰ বাবে (যেনে-দুটা ভাষাৰ মাজত অনুবাদৰ বাবে অনুবাদ হাতপুথি তৈয়াৰ কৰা) মঞ্জুৰী প্ৰদান

সামৰণিত, যদিও অভিযানে প্ৰাথমিক লক্ষ্য হিচাপে নিম্ন লিখিত ক্ষেত্ৰসমূহত গুৰুত্ব আৰোপ কৰিব, তথাপিও NTMএ ওপৰত উল্লেখ কৰা সম্ভাৱনীয় বিষয়সমূহৰ বাবে যথাযোগ্য আঁচনি হাতত ল’ব।
  » বিভিন্ন কৌশল ও মানদণ্ডৰে বিভিন্ন ক্ষেত্ৰত অনুবাদৰ সমল ও তথ্য ভাণ্ডাৰ সৃষ্টি কৰা। এই ভাণ্ডাৰ অনলাইন উপলব্ধ হ’ব আৰু NTMৰ সৈতে বিশেষ সম্পৰ্ক বজাই ৰাখিব
  » বিভিন্ন ক্ষেত্ৰত বিভক্ত উপলব্ধ অনুবাদৰ বিভিন্ন কামৰ সমল ও তথ্য ভাণ্ডাৰ আৰু প্ৰয়োজনীয় টীকা সমন্বিতে হাতপুথিৰ সংকলন কৰা যিবিলাকক শৈক্ষিক প্ৰতিষ্ঠান, গ্ৰন্থাগাৰ নেটৱৰ্ক আদিলৈ নিয়মিত ৰূপত প্ৰেৰণ কৰা হ’ব।
  » অনুবাদকৰ বাবে কম সময়ৰ প্ৰশিক্ষণ কাৰ্যসূচী
  » উচ্চ মানদণ্ডৰ অনুবাদ সামগ্ৰীৰ পৃষ্ঠপোষকতাকৰণ আৰু প্ৰসাৰণ
  » যান্ত্ৰিক অনুবাদৰ পৃষ্ঠপোষকতাকৰণ

অনুদানৰ বাবে যোগ্যতাসম্পন্ন জাৰ্ণেলৰ এখন সম্ভাৱনাপূৰ্ণ তালিকা তলত উল্লেখ কৰা হ’ল। প্ৰকল্পৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰাৰ পাছত আলোচনাৰ জৰিয়তে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব।
 
অনুবাদৰ বাবে জাৰ্ণেলসমূহ
(প্ৰস্তাৱিত NTMৰ অধীনত অনুদান যোগ্যতাসম্পন্ন)

অসমীয়া
1. গৰীয়সী (সম্পাদক হৰেকৃষ্ণ ডেকা)
2. প্ৰান্তিক (সম্পাদক পি জি বৰুৱা)
3. Anuraadh Parampar (editor P. Thakur)

বাংলা/বেংগলী
4. অনুবাদ পত্ৰিকা
5. ভাষানগৰ (বৰ্তমান বিশেষ উপলক্ষ্যত)
6. ভাষাবন্ধন
7. এবং মুচাইৰা (জ্ঞান-আধাৰিত পাঠৰ বিভিন্ন বিষয়ৰ ওপৰত ভিন্নৰুপত ৰচনা প্ৰকাশ কৰে)
8. বিজ্ঞাপন পৰ্ব (কলাৰ অনুবাদ ও সমালোচনাত্মক লিখনি)
9. আন্তৰ্জাতিক আংগিক (আঞ্চলিক/আন্তৰ্জাতিক উত্সৰ পৰা অনুবাদত মনোযোগ দিয়ে)
10. পৰ্বান্তৰ (সাধাৰণতে আঞ্চলিক অনুবাদ-পাঠ ও লিখকৰ ওপৰত গুৰুত্ব দি)

বড়ো
11. বড়ো সাহিত্য সভা পত্ৰিকা

ইংৰাজী
12. ইণ্ডিয়ান লিটাৰেচাৰ (সাহিত্য একাডেমী)
13. ট্ৰেন্সলেচন টুডে (অনুবাদ অধ্যয়নৰ ওপৰত CIILৰ পৰা প্ৰকাশিত জাৰ্ণেল)
14. যাত্ৰা (অসমীয়াৰ পৰা অনুবাদ)
15. অনিকেতন (কানাড়াৰ পৰা অনুবাদ)
16. মালায়ালম লিটাৰেৰী চাৰ্ভে (মালায়ালমৰ পৰা)
17. উৰ্দু এলাইভ (উৰ্দুৰ পৰা)
18. কবিতা ৰিভিউ (দ্বিভাষিক, বাংলা-ইংৰাজী)
19. ইন্টাৰনেচনেল জাৰ্ণেল ইন ট্ৰান্সলেচন (বাহৰী প্ৰকাশন)

গুজৰাটী
20. ভাই (যথেষ্ঠ সংখ্যক অনুবাদ বহন কৰে)
21. গদ্যপৰ্ব

হিন্দী
22. তন্‍ভ (ভাৰতীয় আৰু বিদেশী-বিভিন্ন ভাষাৰ পৰা)
23. অনুবাদ (অন্য ভাষাৰ পৰা অনুবাদ, লগতে অনুবাদৰ ওপৰত লিখনি)
24. পহল (বিশেষভাৱে অনুবাদৰ ওপৰত নহ’লেও যথেষ্ঠ অনুবাদ প্ৰকাশ কৰে)
25. সমকালীন ভাৰতীয় সাহিত্য (সাহিত্য একাডেমী)
26. ভাগাৰ্থ
27. নয়া জ্ঞানোদয়
28. ভাৰতীয় অনুবাদ পৰিষদ পত্ৰিকা

কানাড়া
29. অনিকেতন (অন্য ভাৰতীয় ভাষাৰ পৰা, ই ইংৰাজী অনিকেতনৰ এক চিকুৱেল)
30. দেশ-কাল (যথেষ্ঠ অনুবাদ প্ৰকাশ কৰে)
31. সংক্ৰমণ (যথেষ্ঠ অনুবাদ প্ৰকাশ কৰে))
32. সম্বাদ (যথেষ্ঠ পৰিমাণৰ অনুবাদ প্ৰকাশ কৰে)
33. সংকলন (অনুবাদো প্ৰকাশ কৰে)

কাশ্মীৰী
34. চিৰাজ-কাশ্মীৰী (সংস্কৃতি বিভাগ)
35. আলাৱ (তথ্য ও প্ৰযুক্তি বিভাগ)

কোংকনী
36. জাগ (মাহেকীয়া, যথেষ্ঠ অনুবাদ প্ৰকাশ কৰে)

মালায়ালম
37. কেৰেলা কবিতা (যথেষ্ঠ অনুবাদ প্ৰকাশ কৰে, বিশেষকৈ সাহিত্যিক পাঠ)
38. মাতৃভূমি (অনুবাদৰ বিশেষ সংখ্যা)
39. কলা-কৌমুদী
40. মধ্যমান

মাৰাঠী
41. কেল্যানে ভাষান্তৰ
42. ভাষা আণী জীৱন
43. প্ৰতিষ্ঠান (যথেষ্ঠ অনুবাদ প্ৰকাশ কৰে)
44. পঞ্চধাৰা (মাৰাঠী মূলৰ লগতে হিন্দী, উৰ্দু, তেলেগু আৰু কানাড়াৰ পৰা অনুবাদ প্ৰকাশ কৰে)
45. সাক্ষাত (অনুবাদৰ বিশেষ সংখ্যা প্ৰকাশ কৰে)

মৈথিলী
46. মৈথিলী একাডেমী পত্ৰিকা (জ্ঞান-আধাৰিত পাঠ বহন কৰে)
47. ঘৰ-বাহাৰ (অনুবাদ প্ৰকাশ কৰে)

উড়িয়া
48. সপ্তভিক্ষা

পাঞ্জাৱী
49. সমদৰ্শী (পাঞ্জাৱী একাডেমী, দিল্লী, কেতিয়াবা অনুবাদ প্ৰকাশ কৰে)
50. আখৰ (অমৃতসৰ, মুখ্যতঃ সৃজনীশীল আৰু জটিল অনুবাদ প্ৰকাশ কৰে)

চান্তালী
51. সৰ-শগুন
52. ল’হান্তি পত্ৰিকা

তামিল
53. ডিচাইকাল এট্টুম (ভাৰতীয় ভাষাৰ পৰা)

তেলেগু
54. বিপুলা (বিশেষকৈ সকলো ভাষাৰ পৰা)
55. তেলেগু বৈজ্ঞানিক পত্ৰিকা (তেলেগু একাডেমী)