আইনী আধাৰ

চৰকাৰৰ কাৰ্যকৰী নিৰ্দেশত ৰাষ্ট্ৰীয় অনুবাদ অভিযান বা NTMৰ কাৰ্যাৰম্ভ কৰা হৈছে যি ক্ষেত্ৰত মহীশূৰস্থিত ভাৰতীয় ভাষা সংস্থানে কেন্দ্ৰীয় অভিকৰণ হিচাপে কাৰ্য তদাৰক কৰিব আৰু দিল্লীত ইয়াৰ এটা শাখা কাৰ্যালয় থাকিব। এই ব্যৱস্থাই কাৰ্যসঞ্চালনৰ ক্ষেত্ৰত এক বিশেষ সুবিধা প্ৰদান কৰিব। যি কি নহওক, বৰ্তমান পৰিকল্পনাৰ শেষত ইয়াক পৰীক্ষণৰ সুবিধা থাকিব আৰু যদি এই কাৰ্যসূচীয়ে আশা কৰা মতে গতি লাভ কৰে তেন্তে ছচাইটি পঞ্জীয়ণ আইনৰ(1860, ৰাষ্ট্ৰীয় আইন) অধীনত ইয়াক CIILৰ পৰা পৃথক কৰি এক স্বনিয়ন্ত্ৰিত সংস্থালৈ ৰূপান্তৰিত কৰা হ’ব।

এক নূন্যতম অৱগাঁঠনিৰে NTMৰ পৰিচালনা গাঁঠনি তুলনামূলক ভাৱে সৰু আৰু নমনীয়কৈ তৈয়াৰ কৰা হৈছে। NTMৰ প্ৰতিষ্ঠানিক গাঁঠনিৰ ক্ষেত্ৰত প্ৰাৰম্ভিক অৱস্থাত ইয়াক তিনিটা স্তৰত প্ৰস্তাৱ কৰা হৈছিল।

  » মাননীয় HRMৰ নেতৃত্বত সভ্যৰে সৈতে উপদেষ্টা সমিতি 1
  » জ্যেষ্ঠ পণ্ডিত/ HRD মন্ত্ৰালয়ৰ মনোনীত ব্যক্তিৰ নেতৃত্বত পৰিচালনা পৰিষদ (GB), যি আঁচনিৰ অগ্ৰগতিৰ বুজ ল’বলৈ সঘনাই মিলিত হ’ব। 2
  » আনুষ্ঠানিক আৰু ব্যক্তিগত দুয়ো ধৰণৰ ক্ষেত্ৰৰ পৰা 101 সভ্যৰে সাধাৰণ পৰিষদ (GC), যি NTMৰ অংশ হ’ব। 3

যি কি নহওক, বৰ্তমান যে মাত্ৰ এখন প্ৰকল্প উপদেষ্টা সমিতি (NTM-PAC) গঠন কৰাৰ সিদ্ধান্ত লোৱা হ’ল, যি 25 জন সভ্যৰে গঠিত হ’ব আৰু প্ৰয়োজন অনুসৰি উপদেশ প্ৰদান কৰাৰ ওপৰিও পৰ্যবেক্ষণ এজেঞ্চি হিচাপে কাম কৰিব। NTMৰ কেন্দ্ৰীয় বিষয়া হিচাপে CIILৰ নিৰ্দেশকে NTM-PAC সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰিব। NTMৰ প্ৰকল্প নিৰ্দেশকৰ নিযুক্তি নোহোৱা পৰ্যন্ত CIILৰ শৈক্ষিক সচিবে (Academic secy.) সমিতিৰ সভ্য-সচিব হিচাপে অভিযানৰ কাম-কাজ সুচাৰুৰূপে চলাই যোৱাত সহায় কৰিব। ইয়াত আৰু তিনিজন পদাধিকাৰী বিষয়া থাকিব- যুটীয়া সচিব (ভাষা) বা নিৰ্দেশক(ভাষা), উচ্চ শিক্ষা বিভাগ, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ মনোনীত এজন, JS&FA বা IFD(HRD)ৰ মনোনীত এজন আৰু অধ্যক্ষ, কমিচন ফৰ চাইন্টিফিক এণ্ড টেকনিকেল টাৰ্মিন’ল’জি (CSTT), নতুন দিল্লী।

এই পাঁচজনৰ ওপৰিও মনোনয়নৰ দ্বাৰা HRD মন্ত্ৰালয়ে ক্ৰমানুসৰি কাৰ্যনিৰ্বাহৰ বাবে আন বিশজন সভ্য বাচনি কৰিব: (a) অনুবাদ শিক্ষা প্ৰদানৰত ভিন্ন বিশ্ববিদ্যালয়ৰ বিভাগৰ পৰা দুজন প্ৰতিনিধি (b) ক্ৰম অনুসাৰে বিভিন্ন ৰাজ্যৰ পৰা দুজন প্ৰতিনিধি- ভাষা আৰু অনুবাদৰ লগত জড়িত অনুষ্ঠান/প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰিব পৰাকৈ (c) ভাষা বিশ্ববিদ্যালয়ৰ এখনৰ এজন উপাচাৰ্য (d) কিতাপ-বিক্ৰেতা ও প্ৰকাশকৰ মাজৰ পৰা তিনিজন (e) সচিব, সাহিত্য একাডেমী (f) নিৰ্দেশক, নেচনেল বুক ট্ৰাষ্ট (NBT) (g) অনুবাদ সামগ্ৰী (tools) আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত R&Dৰ লগত জড়িত থকা বিভিন্ন IIT/NIT/উদ্যোগিক সংস্থাৰ পৰা দুজন প্ৰতিনিধি (h) বিভিন্ন ভাৰতীয় ভাষা আৰু ইংৰাজীৰ অনুবাদৰ লগত জড়িত পাঁচজন অনুবাদ বিশেষজ্ঞ (i) বিভিন্ন বিষয়ৰ দুজন প্ৰতিনিধি (j) অনুবাদৰ ক্ষেত্ৰত আগ্ৰহী ব্যক্তিগত প্ৰতিষ্ঠান/কৰ্পৰেট হাউচ অথবা সতন্ত্ৰ ব্যক্তিৰ মাজৰ পৰা এজন।

এইসকলৰ ওপৰিও, NTMত বিভিন্ন উপদেষ্টা উপ-সমিতি বা কৰ্মগোট থাকিব- যি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু পৰামৰ্শদাতাৰে গঠিত হ’ব- যেনে বৈজ্ঞানিক অনুবাদ, কাৰিকৰী অনুবাদ, তাত্ক্ষণিক অনুবাদ/ভাষান্তৰ বা যান্ত্ৰিক অনুবাদ ইত্যাদি।


1. HRD মন্ত্ৰালয়ৰ আগতীয়া অনুমোদন অনুযায়ী ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ উপদেষ্টা সমিতি প্ৰথম অৱস্থাত 25 জন সভ্যৰে গঠন কৰাৰ পৰিকল্পনা কৰা হৈছিল, আৰু ই উচ্চতম সমিতি হোৱাৰ কথা আছিল।

2. অনুবাদ শিক্ষা প্ৰদান কৰা বিভিন্ন বিশ্ববিদ্যালয়ৰ বিভাগ, মূলত অনুবাদত গুৰুত্ব দি অহা বিভিন্ন ৰাজ্যিক সংস্থানসমূহ, কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধি, প্ৰকাশনৰ লগত জড়িত ব্যক্তি, অনুবাদ সঁজুলি আৰু প্ৰযুক্তি সৃষ্টিত ৰত IIT, NIT আৰু উদ্যোগসমূহৰ কৰ্মকৰ্তা আৰু অনুবাদৰ স্বীকৃতিপ্ৰাপ্ত স্বত্বধাৰক আদিৰ মাজৰ পৰা ব্যক্তি বাচি লৈ পৰিচালনা পৰিষদ গঠন কৰাৰ আঁচনি আছিল। অনুবাদ শিক্ষা প্ৰদান কৰা বিভিন্ন বিশ্ববিদ্যালয়ৰ বিভাগৰ পৰা দুজন, বিভিন্ন ৰাজ্য চৰকাৰৰ অধীনস্থ মূলত ভাষা আৰু অনুবাদত গুৰুত্ব দি অহা প্ৰতিষ্ঠান/সংস্থা/শিক্ষানুষ্ঠানৰ পৰা দুজন(ক্ৰম অনুসৰি), কিতাপ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠানৰ পৰা তিনিজন, অনুবাদ সঁজুলি আৰু প্ৰযুক্তি সৃষ্টিত ৰত IIT, NIT আৰু উদ্যোগসমূহৰ পৰা দুজন আৰু অনুবাদৰ দুজন স্বীকৃতিপ্ৰাপ্ত স্বত্বধাৰকক লৈ পৰিচালনা পৰিষদ গঠন কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল। ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (NKC) আৰু পৰিকল্পনা আয়োগৰ পৰামৰ্শ অনুযায়ী ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে এই পৰিষদ গঠন কৰাৰ পৰিকল্পনা কৰা হৈছিল। কিছু পদাধিকাৰী বিষয়াৰে (যেনে HRD মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু বিত্তীয় পৰামৰ্শদাতা আৰু CSTTৰ অধ্যক্ষৰ মনোনীত ব্যক্তি) এই পৰিষদৰ কাৰ্যকাল 2 বছৰৰ বাবে ৰখাৰ আঁচনি লোৱা হৈছিল। প্ৰতি দুবছৰৰ মূৰে মূৰে এই পৰিষদ HRD মন্ত্ৰালয়ৰ দ্বাৰা পুণৰ গঠন কৰাৰ চিন্তা কৰা হৈছিল।

3. অভিযান আৰম্ভ কৰিবলৈ সাধাৰণ পৰিষদ 101 জন সভ্যৰে গঠন কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল। পৰিচালনা পৰিষদে সাধাৰণ পৰিষদৰ পৰা পৰামৰ্শ লাভ কৰিব পৰাকৈ তিনিস্তৰীয় গাঁঠনি তৈয়াৰ কৰাৰ চিন্তা কৰা হৈছিল। অনুবাদ উদ্যোগ, বিভিন্ন অনুবাদ সন্থা, স্বাধীন লিখক, অভিধান সংকলক, বিভিন্ন ভাষাৰ অনুবাদক, CSTT, নেচনেল বুক ট্ৰাষ্ট, সাহিত্য একাডেমী, ICSSR, ICPR ইত্যাদিৰ অধ্যক্ষ/ নিৰ্দেশক/ সচিব, অনুবাদ আৰু ইয়াৰ লগত সম্পৰ্কিত পাঠ্যক্ৰম (হিন্দী/ ইংৰাজী/ ভাষা-বিজ্ঞান/ তুলনামূলক সাহিত্য ইত্যাদি) বা অনুবাদ অধ্যয়নত M.A./ M.Phil./ PG ডিপ্ল’মা পাঠ্যক্ৰম পৰিচালনা কৰি অহা বিশ্ববিদ্যালয়ৰ লব্ধপ্ৰতিষ্ঠ বিশেষজ্ঞ, বিভিন্ন খ্যাতিসম্পন্ন প্ৰতিষ্ঠানৰ পৰা অনুবাদৰ লগত জড়িত বিভিন্ন বিভাগৰ (যেনে- আইন, চিকিত্সা, ভৌতিক বিজ্ঞান, জীৱ বিজ্ঞান, সমাজ বিজ্ঞান, সাহিত্য, কলা ইত্যাদি) বিশেষজ্ঞক সভ্য হিচাপে লৈ GC গঠন কৰাৰ চিন্তা কৰা হৈছিল। ইয়াৰ ওপৰিও, মানৱ সম্পদ উন্নয়ন, সাংস্কৃতিক, গৃহ পৰিক্ৰমা (চৰকাৰী ভাষা বিভাগক সামৰি), তথ্য ও প্ৰচাৰ, জনসংযোগ ও তথ্য প্ৰযুক্তি আৰু বৈদেশিক পৰিক্ৰমা আদি মন্ত্ৰালয়ৰ অধীনত থকা ভাৰতীয় ভাষা আৰু/অথবা অনুবাদ আদিৰ লগত জড়িত বিভিন্ন প্ৰতিষ্ঠান/সংস্থাক GCত অন্তৰ্ভুক্ত কৰাৰ আঁচনি লোৱা হৈছিল।