সম্ভাৱনীয় সমস্যাসমূহ

অভিব্যপন আৰু পুণৰাবৃত্তি দূৰ কৰিবলৈ কমিছন ফৰ চাইন্টিফিক এণ্ড টেকনিকেল টাৰ্মিন’লজি (CSST), নেচনেল কাউন্সিল ফৰ ইডুকেশ্বনেল এণ্ড ৰিচাৰ্চ ট্ৰেইনিং (NCERT), নেচনেল বুক ট্ৰাষ্ট (NBT), বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC), সাহিত্য একাডেমি, ভাৰতীয় ভাষা সংস্থান (CIIL), গ্ৰন্থ একাডেমিজ, ৰাজহুৱা লাইব্ৰেৰী নেটৱৰ্কসমূহ আদিৰ দৰে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সমন্বয় আৰু সহযোগিতাৰ প্ৰয়োজন হ’ব। প্ৰকাশন গোষ্ঠী, বাতৰি কাকত, মেডিয়া, ব্যৱসায়িক গোষ্ঠী, কিতাপ বিক্ৰেতা আদিৰ লগতো একেধৰণৰ সমন্বয় আৰু সহযোগিতাৰ দৰকাৰ হ’ব। বিদ্যমান ৰাজহুৱা প্ৰতিষ্ঠান আৰু ব্যক্তিগত এজেন্টসমূহৰ লগত সম্পৰ্ক ও সহযোগিতা উন্নত কৰাৰ লগতে ইবিলাকৰ ওপৰত পৰিকল্পিত হস্তক্ষেপৰ প্ৰয়োজন হ’ব:

NTM এ সন্মুখীন হ’বলগীয়া সম্ভাৱনাপূৰ্ণ বিষয়সমূহ তলত বিশদভাৱে আলোচনা কৰা হ’ল।

A. কাৰিকৰী ও বৈজ্ঞানিক পাৰিভাষিক শব্দাৱলীৰ সৃজন

ভাৰতত যিহেতু বহুভাষিক পৰিবেশ বিৰাজমান, ভাষাসমূহৰ মাজত কোনো বিভেদৰ সৃষ্টি নকৰাকৈ এটা ভাষাৰ পৰা আন এটালৈ অনুবাদৰ সোঁত বোৱাই অনাৰ যথেষ্ঠ অৱকাশ আছে, আৰু সতৰ্কতাৰে কাৰ্য্যপন্থা হাতত লৈ এই কাৰ্য্য সমাধা কৰিব পৰা যাব।
জ্ঞান পাঠৰ অনুবাদৰ ক্ষেত্ৰত এক সুদৃঢ় পদক্ষেপৰ প্ৰয়োজন আছে, যি পাৰিভাষিক শব্দাৱলীৰ মানদণ্ড ৰক্ষা কৰাৰ ওপৰিও মানদণ্ডহীন ও অশ্লীল শব্দাৱলী আৰু শব্দৰ কল্পনাপ্ৰসূত উদ্ভাৱন ৰোধ কৰিব আৰু ইয়াৰ জৰিয়তে ভাষাসমূহৰ মাজত সহজ বিচৰণ সম্ভৱ হৈ উঠিব।

B. অনুবাদকৰ শিক্ষা

অনুবাদ এক বিশেষধৰণৰ কাৰ্য আৰু বিশেষ বিষয়ৰ পাঠৰ অনুবাদৰ বাবে উচ্চতৰ জ্ঞানৰ প্ৰয়োজন হয়। অভিযানে অনুবাদকৰ শিক্ষাৰ ক্ষেত্ৰত তলত দিয়া কাৰ্যপন্থা হাতত লৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে-
1. নিৰ্দিষ্ট বিষয়ৰ বিশেষজ্ঞ ও পণ্ডিতক জড়িত কৰি তৰ্জমা, ব্যাখ্যা, সংলাপ লিখন, আইন, বিশুদ্ধ বিজ্ঞান, প্ৰায়োগিক বিজ্ঞান, সমাজ বিজ্ঞান আদিৰ অনুবাদৰ দৰে বিশেষ কাৰ্যৰ বাবে কম সময়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা।
2. বিষয়সূচী আৰু অনুবাদকৰ বাবে পেকেজৰ সৃষ্টি কৰা যাক সমগ্ৰ দেশতে ভাষা শিক্ষণ কাৰ্যসূচীৰ লগত যুক্ত কৰিব পৰা যায় অথবা বন্ধ, কাৰ্য বা শ্ৰেণী শেষ হোৱাৰ পাছত বিশেষ পাঠ্যক্ৰম হিচাপে আৰম্ভ কৰিব পৰা যায়।
3. বিশ্ববিদ্যালয় আৰু অন্য প্ৰতিষ্ঠানৰ অনুবাদ প্ৰযুক্তি অথবা অন্য সম্পৰ্কিত বিষয়ৰ ওপৰত বিশেষ পাঠ্যক্ৰমৰ উন্নয়নত সহায়-সহযোগ আৰু লগতে উদগনি যোগোৱা;
4. উদ্দেশ্যপূৰ্ণভাবে শিক্ষাৰ্থীক সামৰি উদাহৰণ হিচাপে চিনাক্তকৰণ কৰা পাঠৰ মানদণ্ড পূৰ্ণ অনুবাদ উপলব্ধ কৰাৰ বাবে গৱেষণা প্ৰকল্পক উত্সাহিত আৰু সম্পদ সৃষ্টি কৰা যি শিক্ষাদান সম্বন্ধীয় বিষয়ত সহায়ক হৈ উঠিব পাৰে।
5. ভাৰতীয় ভাষাৰ মাজত অনুবাদক বিশেষভাৱে গুৰুত্ব দি বিভিন্ন প্ৰতিষ্ঠানৰ মাজত বিশেষজ্ঞৰ বিনিময়ৰ ক্ষেত্ৰত সহায় হ’ব পৰাকৈ বৃত্তিমূলক কাৰ্য্যসূচী প্ৰৱৰ্তন কৰা।
6. নিৰ্দিষ্ট পাঠক উদাহৰণ হিচাপে লৈ কৰ্মশালা অনুষ্ঠিত কৰা, য’ত বিশেষজ্ঞ আৰু শিক্ষাৰ্থী একেলগ হৈ জ্ঞান-প্ৰসংগ, শব্দাৱলী, সাংস্কৃতিক আৰু ভাষাতত্ব আদি বিষয়সমূহক সামৰি পাঠৰ লগত সম্পৰ্কিত নিৰ্দিষ্ট বিষয়সমূহ আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ সুযোগ লাভ কৰিব আৰু
7. অনুবাদৰ পৰীক্ষণ ও মূল্যাংকন, সম্পাদনা, পাঠ-সম্পাদনা আদি বিষয়সমূহৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰা।

C. তথ্যৰ প্ৰসাৰণ

অনুবাদ সম্পৰ্কীয় তথ্যবিলাক উপলব্ধ কৰিব পৰাকৈ কোনো উপযুক্ত সুবিধা নথকাৰ বাবে দেশত উপলব্ধ হৈ থকা এই সম্পৰ্কীয় জ্ঞান তথা আন তথ্যপাতিসমূহ এতিয়াও অসুলভ অৱস্থাতেই আছে। এইটো বিশেষভাৱে সত্য যে ভাষাৰ অনুবাদকৰ ভিতৰত সৰ্বভাৰতীয় ক্ষেত্ৰৰ ইংৰাজী অনুবাদকসকলে বেছি মনোযোগ আকৰ্ষণ কৰি আহিছে।

তলত উল্লেখ কৰা পন্থাসমূহ গ্ৰহণ কৰি এই অভিযানে অনুবাদ পাঠৰ সুলভতাৰ পথ ৰুদ্ধ কৰি থোৱা সমস্যাসমূহ সমাধান কৰাৰ লগতে উপলব্ধ কৌশলসমূহ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে।
1. বিভিন্ন ক্ষেত্ৰ ও বিষয়ত থকা ভিন্ন কৌশল আৰু অৰ্হতাসম্পন্ন অনুবাদকসকলৰ তথ্য ভাণ্ডাৰ তৈয়াৰ কৰা
2. বিষয়, ভাষা আৰু ক্ষেত্ৰৰ লগতে ব্যৱহাৰকাৰীয়ে অৱদান যোগাব পৰাৰ সুবিধা ৰাখি অনুসন্ধান কৰিব পৰাৰ সহজ উপায় বিচাৰি উলিওৱা আৰু লগতে সকলো ভাৰতীয় ভাষাৰ বিভিন্ন কৰ্মৰ লগতে ইংৰাজী আৰু আন বিদেশী ভাষাত ইতিমধ্যে সম্পন্ন হোৱা অনুবাদ কৰ্মৰাজিৰ এক অনলাইন গ্ৰন্থপঞ্জী তৈয়াৰ কৰা
এই দুয়োটাই বিশ্ববিদ্যালয়সমূহ, প্ৰকাশনসমূহ, ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰসমূহ, একাডেমিসমূহ, নেচনেল বুক ট্ৰাষ্ট আৰু কমিছন ফৰ চাইন্টিফিক এণ্ড টেকনিকেল টাৰ্মিন’লজি (CSTT) আদিৰ সৈতে থকা সংযোগৰ জৰিয়তে সঘনাই উন্নীত কৰি থকা দৰকাৰ।

সাহিত্যৰ ক্ষেত্ৰত অনুবাদৰ এক গ্ৰন্থপঞ্জী সাহিত্য একাডেমীয়ে ইতিমধ্যেই যুগুতাই উলিয়াইছে- যি CIILৰ অনুকৃতি ৱেবছাইটত উপলব্ধ হৈ আছে। ভাৰতীয় ভাষাৰ বহু অনুবাদকৰ তালিকাৰে সাহিত্য একাডেমীয়ে এক অনুবাদকৰ পঞ্জীও প্ৰকাশ কৰিছে-যি NTM ৱেবছাইটৰ অংশ হ’ব পাৰে। নতুনকৈ স্বীকৃতিপ্ৰাপ্ত ভাষাৰ তথ্যাদিৰে এই দুয়োখন তালিকাকেই উন্নীত কৰা দৰকাৰ। যিহেতু এই তালিকা কেৱল সাহিত্যৰ ক্ষেত্ৰতেই সীমাবদ্ধ, অন্য ক্ষেত্ৰ ও বিষয়ৰ বাবে অনুবাদ ও অনুবাদকৰ তালিকা নতুনকৈ যুগুতোৱাৰ প্ৰয়োজন, যি কাৰ্যৰ বাবে NTMএ ভাৰতৰ বিভিন্ন অঞ্চলৰ সংগ্ৰাহক আৰু সম্পাদকক জড়িত কৰিব পাৰে।

D. দৃশ্যতা আৰু সক্ষমতা

অনুবাদ আৰু অনুবাদক দুয়োটাই আৰু বেচি দৃশ্যমান হোৱা দৰকাৰ। অনুবাদকৰ মাননি স্তৰৰ ক্ষেত্ৰত ইয়াৰ সম্পৰ্ক আছে, যাক নতুনকৈ পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন হৈ পৰিছে। ভাৰতত অনুবাদ উদ্যোগৰ সম্ভাৱনা থকাৰ বাবে আমি অনুবাদক পেশা হিচাপে লোৱাৰ চিন্তা-চৰ্চা কৰিছোঁ। আমি এক সুবিধাজনক পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছোঁ, যাৰ জৰিয়তে অনুবাদকসকলে (তেওঁলোকৰ বিশেষ ক্ষেত্ৰ যিয়েই নহওক কিয়?) কেৱল অনুবাদৰ দ্বাৰাই এক যথোচিত জীৱন-যাপন কৰিব পাৰে।

NTMৰ বাবে বিভিন্ন ক্ষেত্ৰৰ অনুবাদক সকলৰ পঞ্জীয়ণ কৰিবৰ বাবে এক প্ৰক্ৰিয়া ও কাৰ্যপ্ৰণালী উদ্ভাৱন কৰা সম্ভৱপৰ যাৰ সহায়ত মান-নিয়ন্ত্ৰণ আৰু লগতে প্ৰতিভা স্বীকৃতকৰণ সম্ভৱ হৈ উঠিব। সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞসকল, মূল আৰু লক্ষ্য ভাষাৰ পণ্ডিতসকল আৰু সচেতন ও জ্ঞানী পাঠকে এই মূল্যায়ন সমিতি গঠন কৰিব পাৰে যি অনুবাদৰ মানদণ্ড পৰীক্ষা কৰাৰ লগতে অনুবাদকক পঞ্জীয়ণ কৰি লাভৱান হোৱা হ’লনে নাই আৰু তেওঁলোকক ৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ লৈ যোৱাটো যুক্তিসন্মত হ’বনে নহয় তাৰ ওপৰত সিদ্ধান্ত ল’ব। তেওঁলোকক NTM ৱেবছাইটত নাম প্ৰদৰ্শিত কৰাৰ সুবিধা প্ৰদান কৰাৰ ওপৰিও শলাগনি ও মানপত্ৰ প্ৰদান কৰা হ’ব।

E. অনুবাদ ব্যাপককৰণত প্ৰৱেশাধিকাৰ নিশ্চিতকৰণ

অনুবাদক দৃশ্যমান ও পৃষ্ঠপোষকতা কৰাৰ আন কিছুমান উপায়:
1. অনুবাদৰ বাবে গ্ৰন্থ উন্মোচনৰ ব্যৱস্থাকৰণ;
2. অনুবাদৰ ক্ষেত্ৰত পুৰষ্কাৰ আৰু বৃত্তি প্ৰৱৰ্ত্তন;
3. পঠন, আলোচনা, গ্ৰন্থ-প্ৰদৰ্শনী, স্থানীয় অনুবাদকক সম্বৰ্দ্ধনা, আদিক অন্তৰ্ভুক্ত কৰি আঞ্চলিক অনুবাদ উত্সৱ (অনুবাদ মেলা) অনুষ্ঠিত কৰা;
4. মানদণ্ড সম্পন্ন অনুবাদৰ প্ৰাৰম্ভিক বজাৰ নিশ্চিত কৰিবৰ বাবে লাইব্ৰেৰী নেটৱৰ্কৰ লগত সংযোগ স্থাপন কৰা;
5. প্ৰকাশক, লিখক, আৰু অনুবাদকৰ আবেদনৰ ওপৰত ভিত্তি কৰি NTM-অনুদান ও সহায়তা (GIA) আঁচনিৰ অধীনত পুণৰ ক্ৰয়ৰ বন্দবস্তকৰণ;
6. অনুবাদ কাৰ্যক উত্সাহ যোগাবলৈ NTM-GIAৰ পৰা অনুবাদক আৰু প্ৰকাশনসমূহক সাহাৰ্য প্ৰদান কৰা;
7. প্ৰতি ডাউনল’ডৰ বাবে প্ৰকাশকক নামমাত্ৰ মাননি সিদ্ধান্ত অনুসৰি প্ৰদান কৰি শিক্ষাবিজ্ঞান সম্বন্ধীয় অনুবাদৰ বাবে প্ৰধানত কোনো মুক্ত উত্সৰ ছাইটৰ পৰা সুবিধাসমূহ নিশ্চিত কৰা;
8. অনুবাদৰ বিশেষ শিক্ষা প্ৰদান কৰা বিশ্ববিদ্যালয়ৰ বিভাগ, অনুবাদক, বহু বেচি অনুবাদ কৰ্ম প্ৰকাশিত কৰিবৰ বাবে আগ্ৰহী প্ৰকাশনসমূহ, জনসাধাৰণৰ লগতে ব্যক্তিগত খণ্ড আৰু অতি প্ৰয়োজনীয়ভাৱে গ্ৰাহক- অনুবাদৰ উপভোক্তাসমূহৰ মাজত এক ইন্টাৰফেচ যোগান ধৰা;
9. অনুবাদক গুৰুত্ব দি ইংৰাজী আৰু ভাৰতীয় ভাষাসমূহত জাৰ্ণেল প্ৰকাশৰ বাবে প্ৰকাশনসমূহক অনুদান আৰু সহায়তা(GIA)ৰ অধীনত সাহাৰ্য প্ৰদান বা সেই জাৰ্ণেললৈ অনুদান আগবঢ়োৱা যি অনুবাদৰ ওপৰত প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে অথবা বিভিন্ন বিষয়ত প্ৰকাশিত পেশাদাৰী ইংৰাজী জাৰ্ণেল বা ধাৰাবাহিক প্ৰকাশনসমূহৰ মুদ্ৰিত সংস্কৰণসমূহ বিভিন্ন আঞ্চলিক ভাষাত প্ৰকাশ কৰি আহিছে;
10. ৰাষ্ট্ৰীয়/আঞ্চলিক পাঠ্যক্ৰম গাঁঠনি আৰু বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্য তালিকাৰ লগত অনুদিত হ’বলগীয়া সামগ্ৰীৰ প্ৰস্তাৱ কৰা আৰু সন্মিলিত কৰা;
11. সকলো পৰ্যায়ৰ সমূহ শিক্ষানুষ্ঠানতে অনুদিত গ্ৰন্থসমূহ আদান-প্ৰদান কৰিবলৈ ভাষা-সম্পদ কেন্দ্ৰ আৰু গ্ৰন্থকেন্দ্ৰ/গ্ৰন্থালয় স্থাপনত সহায় কৰা;
12. পৰীক্ষা আৰু চাকৰিৰ লগত সম্পৰ্কিত পৰীক্ষণক সামৰি দ্বিভাষিক আৰু বহুভাষিক দক্ষতাৰ ব্যৱহাৰ আৰু ব্যৱহাৰিতা নিৰ্ধাৰণ কৰি ইয়াৰ প্ৰয়োজনীয়তা প্ৰক্ষিপ্তকৰণ;
13. বিশেষকৈ ভাৰতৰ সৰু চহৰ আৰু গাঁওসমূহত অনুবাদ সামগ্ৰীলৈ আৰু বেচি প্ৰৱেশাধিকাৰ নিশ্চিত কৰি ৰাজহুৱা আৰু সামাজিক সংগঠনসমূহক সংযোগ কৰা।