প্ৰসংগ

প্ৰধানমন্ত্ৰীৰ বিবৃতি
ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ ধাৰণা মূলতঃ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ, যি ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ প্ৰথমখন সভাত বিভিন্ন জটিল বিষয়ৰ জ্ঞানৰ বিশাল জগতখনলৈ অনুবাদিত সামগ্ৰীৰ জৰিয়তে কেনেকৈ প্ৰৱেশাধিকাৰ লাভ কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰিছিল। বক্তব্যৰ মূল প্ৰসংগ আছিল শিক্ষাত জনগণৰ যোগদান শক্তিশালী আৰু ব্যাপক কৰি তোলা আৰু শিকাৰ প্ৰক্ৰিয়াক তৰান্বিত কৰা। প্ৰায় লগে লগে শ্ৰীচেম পিত্ৰডাৰ নেতৃত্বাধীন আয়োগে ভাৰতৰ শিক্ষাৰ জগতখনত অনুবাদক পৃষ্ঠপোষকতা কৰাৰ বাবে এক পৃথক প্ৰতিষ্ঠান বা অভিযানৰ প্ৰয়োজনীয়তা অনুভৱ কৰে।

প্ৰসংগ
যদিও ই সত্য যে অনুবাদ এক গতিশীল প্ৰক্ৰিয়া, দেশৰ অনুবাদ ক্ষেত্ৰখনৰ অসুসমতা; বিষয় তথা ভাষাৰ লগতে মানদণ্ড, বিতৰণ আৰু প্ৰৱেশাধিকাৰ ক্ষেত্ৰত থকা অসুসমতাৰ বাবে ইয়াত সচেতন জন-হস্তক্ষেপৰ প্ৰয়োজন আছে। সাহিত্য, বিশুদ্ধ বিজ্ঞান, প্ৰায়োগিক বিজ্ঞান, সমাজবিজ্ঞান, আইন, চিকিত্সা, মেনেজমেন্ট, প্ৰযুক্তিবিদ্যা আদিৰ দৰে ভিন্ন তথা ক্ৰমবৰ্ধমান ক্ষেত্ৰসমূহত অনুবাদৰ বাবে এক অস্বীকৃত দাবী লক্ষ্য কৰা যায়।

ইয়াৰ ওপৰিও, অনুবাদৰ জৰিয়তে উপলব্ধ তথ্যসমূহ সুষম আৰু পৰ্যাপ্ত নহয়। লক্ষ্যিত পাঠক যথেষ্ঠ পৰিব্যাপ্ত আৰু অসামঞ্জস্য আৰু অনুবাদৰ বজাৰ উপলব্ধতা বেচি ক্ষেত্ৰত মূল্যাংকিত আৰু নিশ্চিত নোহোৱাৰ বাবে অনুবাদ প্ৰসাৰণ সন্তোষজনক নহয়। কেৱল মানদণ্ড সম্পন্ন অনুবাদৰ যথোপযুক্ত প্ৰসাৰণেহে এই ক্ষেত্ৰত চলি থকা ব্যক্তিগত কৰ্ম-কাণ্ডক উপযুক্ত গতিবেগ প্ৰদান কৰিব পাৰে। বিভিন্ন বিষয়ৰ উচ্চ মানদণ্ড সম্পন্ন অনুবাদ উপলব্ধ কৰাটো সম্ভৱ কৰি তোলাৰ ব্যক্তিগত চেষ্টাক উদগনি যোগোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰাৰ বাবে পৰিসীমা তৈয়াৰ কৰাৰ ক্ষেত্ৰত অভিযানৰ ৰূপত জনগণৰ হস্তক্ষেপ প্ৰয়োজনীয় হ’ব। অনুবাদৰ কাম-কাজে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ সৃষ্টি কৰিব পাৰে, যেনে- মাননি সম্পন্ন বৃত্তিত জড়িত হৈ জনগণৰ সেৱা কৰাত শিক্ষিত নিবনুৱাক উত্সাহিত কৰিব।

এই সচেতনতাই অনুবাদ কৰ্ম-কাণ্ড, ইয়াৰ প্ৰকাশন আৰু প্ৰসাৰণৰ লগত জড়িত ব্যক্তি ও এজেঞ্চিক একগোট কৰাৰ বাবে NKCক প্ৰা. জয়তী ঘোষৰ নেতৃত্বত এক কৰ্মগোট গঠন কৰিবলৈ উদগনি দিয়ে। ভাৰতৰ বিভিন্ন প্ৰাসংগিক চৰকাৰী আৰু অৰ্ধ-চৰকাৰী সংস্থা, শৈক্ষিক প্ৰতিষ্ঠান, ভাষা-বিজ্ঞানী, অনুবাদক, শিক্ষা-বিশেষজ্ঞ, প্ৰকাশক আৰু অনুবাদৰ লগত জড়িত আন ব্যক্তিসকলৰ মাজৰ পৰা প্ৰতিনিধি এই কৰ্মগোটত অন্তৰ্ভুক্ত কৰা হয়। 2006 চনৰ ফেব্ৰুৱাৰীত দিল্লীত এই গোটৰ সভা আৰম্ভ হোৱাৰ লগে লগে প্ৰা. উদয় নাৰায়ণ সিঙে এই ক্ষেত্ৰৰ এক বিস্তৃত ৰূপৰেখা তৈয়াৰ কৰে। 2006 চনৰ 6 মাৰ্চত NTM সমিতিৰ সভ্য-আহ্বায়ক প্ৰা. জয়তী ঘোষে আয়োগলৈ আগবঢ়োৱা NKCৰ অনুমোদনসমূহ আৰু পৰিশোধিত প্ৰস্তাৱসহ পৰিকল্পনা আয়োগৰ উপাধক্ষ্যলৈ পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ পাছত গোটে বহুবাৰ মিলিত হয় আৰু 2007 চনৰ, 12-13 এপ্ৰিলত ভাৰতীয় ভাষা সংস্থান, মহীশূৰত বহুল ভিত্তিত এক দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰে। 7 এপ্ৰিল, 2007 ত দ্ৰষ্ট্ৰব্য পত্ৰ নং P.11060/4/2005-Edn ৰ যোগেদি 5 টা প্ৰশ্ন উত্থাপন কৰি পৰিকল্পনা আয়োগে মন্তব্য প্ৰকাশ কৰে, যি প্ৰশ্নৰ যথাযোগ্য উত্তৰ প্ৰেৰণ কৰা হয়। একে সময়তে বিভিন্ন সমাজ-বিজ্ঞান বিশেষজ্ঞ, বিশেষকৈ চেন্টাৰ ফৰ দি ষ্টাডিজ অব ডেভলপিং ছচাইটিজ (CSDS) আৰু ইণ্ডিয়ান কাউন্সিল ফৰ হিষ্টৰিকেল ৰিচাৰ্ছ (ICHR)ৰ দৰে অন্য প্ৰতিষ্ঠানৰ পৰা কিছুমান বিস্তৃত মন্তব্য প্ৰাপ্ত হয়। এইবিলাকত বিভিন্ন বিষয় উত্থাপিত হয় আৰু ইবিলাকে NTMৰ কাৰ্য-পৰিসৰ আৰু সংগঠনৰ বিষয়ে সৃজনীমূলক পৰামৰ্শ প্ৰদান কৰে। এই পৰামৰ্শসমূহৰ কিছু বিস্তৃত প্ৰকল্প প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 21 জুন আৰু 3 জুলাই, 2006ত অনুবাদৰ লগত জড়িত বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানৰ পৰা পৰামৰ্শ প্ৰাপ্ত হয়। পিছত, 31 আগষ্ট, 2006ত ভাষা আৰু গ্ৰন্থ পৃষ্ঠপোষকতাৰ লগত জড়িত HRD মন্ত্ৰালয়ৰ কৰ্মগোটে XI পৰিকল্পনাৰ বাবে ইয়াৰ অনুমোদন দ্ৰষ্ট্ৰব্যত এই ধাৰণাক সমৰ্থন কৰে। ইয়াৰ ঠিক পিছতেই, ছেপ্তেম্বৰ, 2006ত NKC অধ্যক্ষ চেম পিত্ৰডাই NTMৰ বিষয়ে বিস্তৃত বিৱৰণসহ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে আৰু HRD মন্ত্ৰালয়ৰ দ্বাৰা এক বিস্তৃত প্ৰকল্প প্ৰতিবেদন যুগুত কৰা হয়।