অৰ্থ উত্সৰ মাধ্যম আৰু প্ৰকল্প আৰম্ভণি

পুঁজি

ভাৰতত অনুবাদৰ এক অগ্ৰণী প্ৰতিষ্ঠান হিচাপে NTMক ভাৰত চৰকাৰে প্ৰয়োজনীয় সহায়-সহযোগ আগবঢ়াব। NTM হ’ল এক কেন্দ্ৰীয় আঁচনি। যি কি নহওক আশা কৰা হৈছে যে দ্বাদশ পৰিকল্পনাৰ সময়ছোৱাৰ পৰা অভিধান, শব্দকোষ, অনুবাদ চফ্টৱেৰ আৰু বিভিন্ন ধৰণৰ অনুদিত পাঠ বজাৰত বিক্ৰী কৰি NTMএ নিজাকৈ কিছু আয় কৰিবলৈ সক্ষম হ’ব। NTMৰ অধীনত প্ৰকাশিত গ্ৰন্থবিলাকৰ দাম সকলো শ্ৰেণীৰ মানুহে বহন কৰিব পৰাকৈ নিৰ্ধাৰণ কৰা হ’ব। সহ-প্ৰকাশনত বিভিন্ন প্ৰকাশনক জড়িত কৰা হ’ব আৰু পৰিপোষক প্ৰকাশনৰ বিষয়ে NTM-PACৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

ইতিমধ্যে এইটো সিদ্ধান্ত লোৱা হ’ল যে ৱেব আধাৰিত পাঠ আৰু সঁজুলি বিনামূলীয়াকৈ সকলোৰে বাবে মুকলি থাকিব। অনুবাদ প্ৰশিক্ষণ কাৰ্যসূচী আৰু শলাগনি ও স্বীকৃতিৰ বাবে হয়তো নামমাত্ৰ মাচুল লোৱা হ’ব। অৱশ্যে এই সম্পৰ্কে এতিয়াও চুড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

বাজেট

যদিও NKC আৰু লগতে MHRD মন্ত্ৰালয়ৰ মূল অনুমোদন আছিল 250 কোটি টকা, এইটো অনুভৱ কৰা হ’ল যে প্ৰাথমিক অৱস্থাত ইয়াৰ বাজেট 100 কোটিৰ ভিতৰত সীমাবদ্ধ ৰখাটো উচিত হ’ব। সেই অনুসাৰে মাৰ্চ, 2008 ত EFC ড্ৰাফট তৈয়াৰ কৰা হ’ল আৰু 98.97 কোটি টকাৰ এক বাজেট প্ৰস্তুত কৰা হ’ল। যি কি নহওক, NTM-EFCত এইটো সিদ্ধান্ত লোৱা হ’ল যে CSTT (20 কোটি টকা) আৰু NCERT (5 কোটি টকা)ৰ অনুদান NTMৰ বাজেটৰ পৰা বাদ দিয়া হ’ব। (NTM-EFC সবিশেষ চাওক, দফা 11(iv & v), পৃষ্ঠা 6; PAMDৰ পৰ্যবেক্ষণ, দফা 4ৰ অধীনত প্ৰতিবেদন, পৃষ্ঠা 2; আৰু, দফা 10ত এই পৰিচ্ছেদৰ ঐক্যমত প্ৰতিফলিত হৈছে)

শেষত, EFC সভাত মুঠ 73.97 কোটি টকা NTMৰ বাজেট হিচাপে গৃহীত হ’ল (NTM-EFC সবিশেষ নং F.25-4/2008-IFD, তাৰিখ- মে 22, 2008 চাওক, (NTM সবিশেষ, পৰিচ্ছেদ 11.(i), পৃষ্ঠা 6 চাওক)।

NTMৰ বাবে মঞ্জুৰীকৃত বাজেটৰ বাৰ্ষিক বণ্টন তলত উল্লেখ কৰা হ’ল:

    2008-09 2009-10 2010-11 2011-12 মুঠ
  পুণৰাবৃত্তি 1519.712 2026.305 1800.731 2050.682 7397.43
1. মানৱ সম্পদ 99.312 100.305 108.831 118.082 4,26.53
2. প্ৰকাশন+ অন্য কাৰ্য 1181.00 1901.60 1661.00 1901.60 6645.20
3. সাধাৰণ তদাৰক 14.40 14.40 14.40 14.40 57.60
4. সা-সঁজুলি / চফ্টৱেৰ 220.00 00.00 00.00 00.00 2,20.00
5. সা-সঁজুলি তদাৰক 00.00 5.00 11.50 11.50 28.00
6. ভ্ৰমণ 5.00 5.00 5.00 5.00 20.00
তালিকা 1: NTMৰ বাবে মুঠ অনুমোদিত বাজেট (বাৰ্ষিক বণ্টন হিচাপে)
 
সমগ্ৰ কৰ্মক (ওপৰৰ তালিকাৰ পৰিচ্ছেদ 2ত উল্লিখিত) তলত দিয়া ধৰণেৰে বিতংকৈ দেখুৱাব পাৰি (CSTT আৰু NCERTৰ ভাগ বাদ দিয়াৰ পাছত):
 
উপলক্ষ্য/কৰ্মৰ ব্যয় (লাখ হিচাপত)

a. 1760 সাহাৰ্য (reference) গ্ৰন্থ + 200 পাঠ্যপুথিৰ অনুবাদ ও প্ৰকাশন 4520.00
b. অনুবাদৰ জাৰ্ণেললৈ G.I.A. ৰ আৰ্থিক সাহাৰ্য 200.00
c. গ্ৰন্থস্বত্বৰ মাচুলৰ বাবে লিখক/অনুবাদকলৈ G.I.A. 35.20
d. অনুবাদকৰ প্ৰশিক্ষণৰ বাবে G.I.A. ৰ অনুদান 100.00
e. ইলেক্ট্ৰনিক অভিধান/ শব্দকোষৰ কাৰ্য +G.I.A (390 লাখ টকা+600 লাখ টকা) 990.00
f. NLPৰ গৱেষণাৰ বাবে G.I.A. ৰ অনুদান 400.00
g. ডিগ্ৰী/ ডিপ্ল’মা পাঠ্যক্ৰম পৰিচালনা কৰা বিশ্ববিদ্যালয়ৰ বিভাগসমূহলৈ G.I.A. ৰ অনুদান 200.00
h. ৱেব-তদাৰকীকৰণ (ৰাষ্ট্ৰীয় পঞ্জী/বুলেটিন/ই-আলোচনী/সন্ধান/সঁজুলি) 200.00
  মুঠ (লাখ) : টকা 6645.20
তালিকা 2: NTMৰ কাৰ্য, পৰামৰ্শকৰণ, বাহিৰা উত্সৰ যোগেদি কাম ও GIA বাবে অনুমোদিত বাজেট
 
EFC সবিশেষত এইটো উল্লেখ কৰা হৈছিল যে অনুবাদৰ ওপৰত CIILত চলি থকা প্ৰকল্প অনুকৃতি আৰু অন্যান্যক NTMৰ অধীনলৈ অনা হ’ব যাতে কামৰ কোনো পুণৰাবৃত্তি নহয়

NTMৰ GIA শাখাৰ ক্ষেত্ৰত, কোনোৱে ‘g’ৰ (‘e’ ৰ বাহিৰে, য’ত কামসমূহ আৰু GIAৰ পৰিমাণসমূহ পৃথক) জৰিয়তে ‘b’ত সামগ্ৰী যোগ কৰিব লাগিব আৰু বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান, অনুবাদ সংস্থা, গৱেষক আদিৰ বাবে সম্প্ৰসাৰিত মঞ্জুৰী হ’ল 1535.20 লাখ। এইটো নিশ্চিত যে b, d, e আৰু f ৰ কাৰণে মঞ্জুৰী দিয়াৰ আগতে দেশৰ সকলো অংশৰ পৰা প্ৰস্তাৱ আহ্বান কৰা হ’ব, যদিও পাঠৰ চিনাক্তকৰণৰ ওপৰত c, আৰু অনুবাদ পাঠ্যক্ৰম আগবঢ়োৱা বিশ্ববিদ্যালয়ৰ বিভাগলৈ পৰিসীমিত মঞ্জুৰীৰ ওপৰত ল’বলগীয়া সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। যি কি নহওক, NTMৰ অধীনত GIAৰ কাৰ্য NTM-প্ৰকল্প উপদেষ্টা কমিটিৰ দ্বাৰা লোৱা প্ৰাৰম্ভিক সিদ্ধান্তৰ পাছত আৰম্ভ হ’ব।

সমগ্ৰ NTM প্ৰকল্প 18 জুন, 2008 তাৰিখে মাননীয় HRD মন্ত্ৰী মহোদয়ে অনুমোদন কৰে। এইটো উল্লেখ কৰিব পাৰি যে 2007-08ৰ (মঞ্জুৰীৰ বাজেট চাওক, 20 পৃষ্ঠা) সময়ছোৱাত NTMৰ বাবে 90 লাখৰ এক মঞ্জুৰী আগবঢ়াইছিল আৰু বাজেট সম্পৰ্কিত শীৰ্ষক আৰু উপশীৰ্ষক সৃষ্টি কৰিছিল। কিন্তু EFC পলম হোৱা বাবে এই ধন খৰচ কৰা নহ’ল। আকৌ 2008-09ৰ সময়ছোৱাত NTMৰ বাবে তলত দিয়া বিস্তৃতিৰে সৈতে 100 লাখ টকাৰ প্ৰতীকী পৰিমাণ বাজেটত অন্তৰ্ভুক্ত কৰা হ’ল।

  2008-09 B.G.    
দৰমহা, পৰামৰ্শদাতা/ অনুবাদকৰ খৰচ/ মাননি আদিক সামৰি 50.00 কাৰ্যালয় খৰচ 13.00
O.T.A. 00.00 O.A.C. 05.00
চিকিত্সা 00.50 O.C. 05.00
ভ্ৰমণ খৰচ 10.00 G.I.A. 16.50
    মুঠ 100.00
তালিকা 3: NTM 2008-09 অনুমোদিত প্ৰতীকী বাজেট
 
সংস্থানে PAOক মন্ত্ৰালয়ে (দ্ৰষ্ট্ৰব্য পত্ৰ নং. F.1-1/2008-09/Accts/BUDGET/(NTM)) ইতিমধ্যে মঞ্জুৰ কৰা প্ৰতীকী বাজেটৰ চতুৰ্থাংশ কিস্তিৰ প্ৰথম দুটা ভাগ (41.75 লাখ টকা মাত্ৰ) মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে। CCAৰ দ্বাৰা লোৱা হোৱা কাৰ্য-প্ৰক্ৰিয়া অনুযায়ী পৃথক NTM-GIA একাউন্ট সৃষ্টি কৰিবলৈ পৃথক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যদিও NTMৰ ক্ষেত্ৰত 2008-09 চনৰ EFC অনুযায়ী বাকী থকা বাজেটৰ পৰিমাণ হ’ব- 1419.7123 লাখ (এপ্ৰিল-মে 2008ৰ হিচাপ অনুযায়ী) আৰু কাৰ্য-প্ৰক্ৰিয়াৰ আৰম্ভণি কৰোঁতে ইতিমধ্যেই যথেষ্ঠ পলম হোৱাৰ বাবে যুক্তিসংগত পৰিমাণ নিৰ্দ্ধাৰণ কৰি প্ৰথম বৰ্ষৰ বাজেট তৈয়াৰ কৰাটো প্ৰয়োজনীয় হ’ব। তলত দিয়া তালিকাখনে NTMৰ নিয়ন্ত্ৰিত বাজেটৰ বাৰ্ষিক বণ্টন দেখুৱাব। এই তালিকা বাহিৰা উত্স আৰু পৰামৰ্শদাতাৰ যোগেদি সম্পন্ন কৰিবলগীয়া কাৰ্যক বাদ দি পূৰ্বৰ তালিকা 1 আৰু 2ৰ পৰা প্ৰস্তুত কৰি উলিওৱা হৈছে।
 
NTMৰ বাজেট (লাখত)
  2008-09
মুক্ত কৰি দিয়া পৰিমান
2008-09
বিচাৰিবলগীয়া অতিৰিক্ত পৰিমান
2009-10 2010-11 2011-12 মুঠ
দৰমহা, পৰামৰ্শদাতা/
অনুবাদকৰ খৰচ/মাননি
50.00 49.312
100.688
124.950*


274.950
100.305
110.757
183.260+
58.310

452.632
108.831
121.833
331.079#


561.743
118.082
134.016
364.187


616.285
1955.61
O.T.A. 00.00 00.000 00.000 00.000 00.000 00.000
চিকিত্সা 00.50 00.000 00.550 00.600 00.65 002.30
ভ্ৰমণ খৰচ 10.00 05.000 30.000 35.000 45.00 125.00
কাৰ্যালয় খৰচ 13.00 112.000 45.000 50.000 00.000 220.00
O.A.C. 05.00 09.400 14.400 14.400 14.400 057.60
O.C. 05.00 390.050 1099.923 1169.720 837.027 3501.72
G.I.A. 16.50 175.400 383.800 422.18 537.320 1535.20
মুঠ 100.00 966.800        
সৰ্বমুঠ   1066.800 2026.305 2253.643 2050.682 7397.43
টোকা: * 300 গ্ৰন্থৰ বাবে অনুবাদ মাচুল + 440 গ্ৰন্থৰ বাবে অনুবাদ মাচুল আৰু পূৰ্বৱৰ্তী বৰ্ষৰ 140টা কাৰ্যৰ বাবে 58.31 লাখ টকাৰ বাকী পৰিশোধ # 580 গ্ৰন্থৰ বাবে মাচুল ও 0.90 লাখ টকা ৱেব-আধাৰিত সামগ্ৰীৰ অনুবাদৰ বাবে

তালিকা 4: NTMৰ বাবে অনুমোদিত সমগ্ৰ বাজেটৰ বাৰ্ষিক বণ্টন

এইটো ক’ব পৰি যে প্ৰকল্প প্ৰাৰম্ভিক অৱস্থাত থকা হেতু 2008-09ত তালিকা 1 ৰ মতে মঞ্জুৰী পোৱা পৰিমাণ (NTM সবিশেষ আৰু DPR অনুসৰি) 1519.712 লাখৰ বিপৰীতে যথেষ্ঠ কম পৰিমাণ-1166.88 লাখ টকা মঞ্জুৰী দিয়াৰ বাবে আবেদন কৰা হৈছে। ইয়াৰ বিপৰীতে আন বৰ্ষৰ ক্ষেত্ৰত এই পৰিমাণ আগৰ দৰেই থাকিব, মাত্ৰ 2008-09 বৰ্ষৰ জমা 2010-11 বৰ্ষলৈ লৈ যোৱা হ’ব। আশা কৰা হৈছে যে প্ৰথম বৰ্ষত 440 গ্ৰন্থৰ অনুবাদ চুক্তি (গড় হিচাপত প্ৰতি গ্ৰন্থৰ পৃষ্ঠা সংখ্যা 250) সম্পন্ন কৰা হ’ব আৰু জমাৰ(Submission) পৰিমাণ হ’ব 68%ৰ পৰা 70%। অনুবাদকৰ দ্বাৰা সম্পূৰ্ণ কৰা আৰু জমা হোৱা গ্ৰন্থৰ পৰিমাণ 300 খনতকৈ বেচি নহ’ব। কথা-ভাৰতী কাৰ্যসূচীৰ (10ম পৰিকল্পনাত অনুমোদিত হোৱা) অধীনত অনুবাদৰ মাননি হ’ল 1000 শব্দৰ (মুদ্ৰিত 3টা পৃষ্ঠাৰ প্ৰায় সমান) বাবে 300 টকা। NTMৰ অনুবাদ সম্পূৰ্ণৰূপে কাৰিকৰী হোৱাৰ বাবে NTM-PACএ 1000 শব্দত 500 টকা মাননি দিয়াত যদি ৰাজী হয়, তেনেহ’লে প্ৰতি অনুবাদকক প্ৰদান কৰিবলগীয়া ধনৰ পৰিমাণ হ’ব প্ৰায় 41,665 টকা। 2008-09 বৰ্ষৰ বাবে গ্ৰন্থৰ সমগ্ৰ কাম, অভিযোজনা ও অনুবাদ, মূল্যাংকন, পাঠ-সম্পাদনা আদিৰ বাবে বাজেটত ধাৰ্য কৰা পৰিমাণ হ’ল-4520.00 লাখ (তালিকা 2 চাওক), য’ত মুদ্ৰণ আৰু প্ৰকাশন সাহাৰ্যৰ ধনো অন্তৰ্ভুক্ত হৈ আছে। অনুমান কৰা হৈছে যে 2008-09 বৰ্ষত আমি 440 খন গ্ৰন্থ অনুবাদৰ বাবে অনুবাদকক প্ৰদান কৰিম আৰু মাত্ৰ 300 খন গ্ৰন্থ (প্ৰতিখনত গড় হিচাপত 250 পৃষ্ঠা) সম্পূৰ্ণ কৰি মূল্যাংকন ও পাঠ-সম্পাদনা কৰা হ’ব। গতিকে আমি মাত্ৰ 520.00 লাখ টকা এই শিতানৰ (যাৰ এটা অংশ পৰামৰ্শকৰণ আৰু OC শীৰ্ষৰ অধীনত এটা অংশ হিচাপে দেখুওৱা হ’ব) বাবে বিচাৰি আবেদন কৰিব পাৰো।

অতিৰিক্তৰ ব্যাখ্যা (তালিকা 2, সামগ্ৰী aৰ পৰা): 520.00 লাখ টকা
1. অনুবাদকৰ মাননি 124.95 লাখ (41,650 টকা x300)
2. মূল্যাংকন: 15.00
3. পাঠ-সম্পাদনা: 75.00
4. ডাটা-প্ৰবিষ্টি/প্ৰকাশন চফ্টৱেৰ: 30.00
5. মুদ্ৰণ (বিজ্ঞাপন/কাগজ ইত্যাদি): 200.05
6. IPR/গ্ৰন্থস্বত্ব খৰচ: 75.00

মুঠ 220 লাখ টকাৰ সা-সৰঞ্জামৰ বিপৰীতে প্ৰথম বৰ্ষত মাত্ৰ 125.00 লাখ টকাৰ প্ৰয়োজন হ’ব- বিশেষকৈ দিল্লীত এটা কাৰ্যালয় প্ৰতিষ্ঠা কৰা হ’ব, য’ত আচবাব পত্ৰৰ লগতে প্ৰযুক্তিগত সা-সৰঞ্জামৰ প্ৰয়োজন হ’ব। এইটো প্ৰথম বৰ্ষ হোৱা বাবে যথেষ্ঠ সংখ্যক সভা আয়োজিত হ’ব আৰু সেইবাবে আমি TE (5.00 লাখৰ বিপৰীতে 15.00 লাখ)ৰ অধীনত অতিৰিক্ত মঞ্জুৰীৰ বাবে অনুৰোধ জনাইছো। সাধাৰণ তদাৰকীকৰণ শীৰ্ষকৰ অধীনত থকা ধনৰ পৰিমাণ তালিকা-1 (OAC 14.20 লাখ) ত থকাৰ দৰে থাকিব।

সামৰণিত, NTM-GIAৰ মুঠ চাৰি বছৰৰ বাবে ধনৰ পৰিমাণ হ’ব- 1535.20 লাখ টকা (তালিকা-2 চাওক), 2008-09 বৰ্ষৰ বাবে এই পৰিমাণ হ’ব- 383.80 লাখ। যি কি নহওক, যিহেতু এই বৰ্ষত মাত্ৰ সাত মাহ সময়হে বাকী আছে গতিকে অতিৰিক্তৰ অধীনত 191.20 লাখ টকা অনুৰোধ কৰিব পাৰি।

প্ৰাৰম্ভিক পদক্ষেপসমূহ

প্ৰকল্পৰ বাবে এক সাধাৰণ গাঁঠনি তৈয়াৰ কৰিবলৈ আৰু আঁচনিভূক্ত কাৰ্যসমূহ কাৰ্যকৰী কৰি তুলিবলৈ তলত দিয়া পন্থাসমূহ অৱলম্বন কৰাৰ সিদ্ধান্ত লোৱা হ’ল:

1. যিহেতু বৃহত্ সংখ্যক সাধাৰণ আগ্ৰহী লোকে অভিযানৰ কাম-কাজত অংশগ্ৰহণ কৰিবলৈ বিচাৰিব, সেয়েহে সংস্থানৰ মূল ৱেবছাইটত NTMৰ বিষয়ে সাধাৰণ তথ্য প্ৰদৰ্শন কৰা হ’ব।
2. অনুবাদ আৰু অভিধান ইত্যাদিৰ কাম-কাজৰ লগত জড়িত সকলো প্ৰকল্প NTMত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হ’ল (NTM সবিশেষ, পৰিচ্ছেদ 11.(vi), পৃষ্ঠা 6; FA’ৰ নিৰীক্ষণৰ অধীনত দফা 8 চাওক) আৰু অনুকৃতিৰ দৰে এই প্ৰকল্পসমূহত কৰ্মৰত ব্যক্তিসকলক পৰামৰ্শদাতা হিচাপে অস্থায়ীভাৱে নিযুক্তি দিয়া হ’ব।
3. NTMৰ বাবে এক খচৰা ডমেইন/ৱেবছাইট পঞ্জীয়ণ কৰা হ’ল (NTM সবিশেষ, পৰিচ্ছেদ 11.(vii), পৃষ্ঠা 6 চাওক) আৰু এই খচৰা ৱেবছাইটৰ সমগ্ৰ তথ্য 22টা ভাষালৈ ৰূপান্তৰিত কৰিবলৈ কৰ্মগোট সৃষ্টি কৰা হ’ল।
4. ওপৰৰ সকলো কাম বাহ্য-উত্সৰ দ্বাৰা পৰামৰ্শদাতাৰ যোগেদি সম্পন্ন কৰি থকা হৈছে। (NTM সবিশেষ, পৰিচ্ছেদ 11.(vii), পৃষ্ঠা লগতে দফা 7 ত সচিব- HE’ৰ নিৰীক্ষণৰ “ইয়াৰ বেছিভাগ কাম কৰিবলৈ এক নিৰ্মাণগত প্ৰণালীৰ সৃজন” চাওক) যেতিয়াই এই প্ৰাৰম্ভিক কাম সমাপ্ত হ’ব; অনুমোদনৰ বাবে সমগ্ৰ কৰ্ম PACত দাখিল কৰা হ’ব অথবা তেওঁলোকৰ বা মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে ৱেবছাইটক আৰম্ভ কৰা হ’ব।
5. অতি কমেও ছটা মুখ্য ভাষাত লংমেন গোটৰ লগত (PPP পদ্ধতিত) যুটীয়াভাৱে প্ৰাৰম্ভিক মুদ্ৰিত অভিধান সম্পূৰ্ণ কৰা হ’ব। NTMৰ এই প্ৰথম পৰ্যায়ৰ অনুবাদ সঁজুলিৰ কাম বৰ্তমান চলি আছে (সবিশেষৰ দফা 2, পৃষ্ঠা 1ত উল্লেখ কৰাৰ দৰে) আৰু একেই পৰামৰ্শদাতাৰ সহায়ত ইবিলাকক ই-অভিধানলৈ ৰূপান্তৰ কৰা হ’ব।
6. পাঠ আৰু সহায়ক পুথিৰ এক সমল-আধাৰ তৈয়াৰ কৰিবলৈ মুখ্য বিশ্ববিদ্যালয়, UGC আৰু UPSCৰ পাঠ্যক্ৰম সংগ্ৰহ কৰি থকা হৈছে য’ৰ পৰা PACএ অনুবাদৰ বাবে পাঠ বাছনি কৰিব।
7. NTM ৱেবছাইটত প্ৰদৰ্শন কৰিব পৰাকৈ মূল DPR ক বিস্তৃত কৰি থকা হৈছে।
8. সমূহ 22 ভাষাতে বিজ্ঞাপন/ মেডিয়াৰ জৰিয়তে অভিযান সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ জৰুৰী পদক্ষেপ লোৱা হ’ব।
9. সমূহ 22 ভাষাতে বিজ্ঞাপন/ মেডিয়াৰ জৰিয়তে অভিযান সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ জৰুৰী পদক্ষেপ লোৱা হ’ব।
10. অনুকৃতি ৱেবছাইট (এতিয়ালৈকে CIIL, সাহিত্য একাডেমী আৰু NBTএ তদাৰক কৰি আছে; www.anukriti.net ) চাওক) NTMৰ নতুন ছাইটৰ (NTM সবিশেষৰ, দফা 2, পৃষ্ঠা 2ত উল্লেখ কৰাৰ দৰে: “পৰিকল্পনা আয়োগৰ দ্বাৰা অনুমোদিত অনুকৃতিৰ অধীনত পূৰ্বৰ ৱেব-আধাৰিত অনুবাদৰ কামকাজ NTMত বিলীন কৰা হ’ব”) সৈতে সংযোগ কৰিবলৈ প্ৰয়োজনীয় কৰ্মপন্থা হাতত লোৱা হৈছে আৰু ইয়াৰ বাবে সামগ্ৰীৰ পৃথকীকৰণ আৰু নব্যকৰণৰ বাবে প্ৰয়োজনীয় সিদ্ধান্ত লোৱা হৈছে।
11. যিমান দূৰ সম্ভৱপৰ, ৰাজহুৱা ডমেইন হিচাপে NTMত যিকোনো ভাৰতীয় ভাষাত সহজতে প্ৰাপ্ত হ’ব পৰা মুক্ত উত্সৰ চফ্টৱেৰ আৰু ব্যৱহাৰত উজু পশ্চাত ভূমি ব্যৱহাৰ কৰি থকা হৈছে (পৰিকল্পনা আয়োগৰ উপদেশ অনুসৰি, NTMৰ সবিশেষ, দফা-3, পৃষ্ঠা-2 চাওক), আৰু
12. সংস্থানে ইতিমধ্যেই মুখ্য আন্তৰাষ্ট্ৰীয় প্ৰকাশনবিলাকৰ ম্যাদ আৰু চৰ্ত, যিবিলাক NTMলৈ আগবঢ়োৱাৰ সম্ভাৱনা আছে, জনাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে আৰু সেইবিলাক PAC স্তৰত পৰ্যালোচনা আৰু বিবেচনা কৰা হ’ব।