ভূমিকা

ভাৰতত অনুবাদৰ এক বাৰেৰহণীয়া বুৰঞ্জী লক্ষ্য কৰা যায়। সবাতোকৈ পুৰণি অনুবাদ সম্ভৱত সংস্কৃত, প্ৰাকৃত আৰু পালিকে মুখ্য কৰি আন আবিৰ্ভূত আঞ্চলিক ভাষা আৰু আৰবী, ফাৰ্চীৰ মাজত হৈছিল। ভাৰতীয় আখ্যান ও জ্ঞান-পাঠ্য – পঞ্চতন্ত্ৰ, অষ্টাংগহৃদয়, অৰ্থশাস্ত্ৰ, হিতোপদেশ, যোগসূত্ৰ, ৰামায়ণ, মহাভাৰত আৰু ভাগৱত গীতাক অষ্টম শতিকাৰ পৰা ঊনৈশ শতিকাৰ ভিতৰত আৰবীলৈ অনুবাদ কৰা হৈছিল। অতীজ কালৰে পৰা ফাৰ্চী আৰু আন ভাৰতীয় ভাষাসমূহৰ মাজত এক শক্তিশালী বিনিময় লক্ষ্য কৰিব পাৰি। সংস্কৃত সাহিত্য বিশেষকৈ ভাগৱত গীতা আৰু উপনিষদ ভক্তি কালৰ সময়ত আন ভাৰতীয় ভাষা সমূহৰ সংস্পৰ্শলৈ আহে, যাৰ ফলত জ্ঞানেশ্বৰী নামৰ সন্ত মাৰাঠী কবিৰ দ্বাৰা এক মহান ভাষা-পাঠ গীতাৰ অনুবাদ আৰু বিভিন্ন সন্ত কবিৰ দ্বাৰা মহাকাব্যৰ বিশেষকৈ ৰামায়ণ আৰু মহাভাৰতৰ মুক্ত অনুবাদ আৰম্ভ হয়। উদাহৰণস্বৰূপে, পাম্পা, কাম্বৰ, ম’লা, ইজুথাচ্চেন, তুলসীদাস, প্ৰেমানন্দ, একনাথ, বলৰামদাস, মাধৱ কন্দলি আদিৰ ৰামায়ণ অভিযোজনা মন কৰিবলগীয়া।

ঔপনিৱেশিক কালত, ইউৰোপীয় ভাষা আৰু ভাৰতীয় ভাষা বিশেষকৈ সংস্কৃতৰ ক্ষেত্ৰত অনুবাদে হঠাতে গতিশীলতা লাভ কৰে। যদিও জাৰ্মান, ফৰাচী, ইটালীয়ান, স্পেনিচ আৰু ভাৰতীয় ভাষাসমূহৰ মাজত বিনিময় লক্ষ্য কৰা যায়, উপনিৱেশতাবাদীৰ ভাষা হোৱা বাবে ইংৰাজীয়েহে আধিপত্যসূচক কৰ্তৃত্ব লাভ কৰিছিল। ইংৰাজীলৈ কৰা অনুবাদৰ ক্ষেত্ৰত উইলিয়াম জনছৰ দ্বাৰা অনুদিত অভিজ্ঞানশকুন্তলমত বৃটিছ কালৰ অনুবাদে উন্নতিৰ চৰম অৱস্থা লাভ কৰিছিল। সাহিত্য হিচাপে শকুন্তলম বৰ্তমান ভাৰতীয় সংস্কৃতিৰ এক ধ্বজা বহনকাৰী আৰু জাতীয় চেতনা ও মূল্যবোধৰ ক্ষেত্ৰত প্ৰাথমিক পাঠ। ইয়েই প্ৰমাণ কৰে যে ঊনৈশ শতিকালৈকে ইয়াক কিয় দহটাতকৈ বেছি ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছে। অনুবাদৰ ক্ষেত্ৰত ইংৰাজসকলৰ প্ৰয়াস প্ৰাচ্যবাদী তত্বৰ ওপৰত নিৰ্ধাৰিত আছিল আৰু ভাৰতক নিয়ন্ত্ৰণ, প্ৰসাৰণ, সংজ্ঞাবদ্ধ আৰু বৰ্গীকৰণ কৰাৰ ক্ষেত্ৰত এই নব্য শাসক সকলৰ বাবে প্ৰয়োজনীয় আছিল। তেওঁলোকে তেওঁলোকৰ নিজস্ব ধাৰণা তৈয়াৰ কৰি লৈছিল বাবে ইংৰাজীলৈ কৰা অনুবাদৰ লগত জড়িত ভাৰতীয় অনুবাদকে পৰিবৰ্ধন, সংশোধন আৰু কোনো কোনো ক্ষেত্ৰত বৃটিছ বোধগম্যতাক প্ৰত্যাহ্বান জনাবলগীয়া হৈছিল। অৱশ্যে এই মতানৈক্য হৈছিল প্ৰাচীন পাঠৰ ক্ষেত্ৰতহে, সমসাময়িক পাঠৰ ক্ষেত্ৰত নহয়। ৰাজা ৰামমোহন ৰায়ে কৰা শংকৰৰ বেদান্ত আৰু কেনা আৰু ঈশবৈশ্যম উপনিষদ হ’ল ভাৰতীয় পণ্ডিতৰ দ্বাৰা ইংৰাজীলৈ কৰা হোৱা অনুবাদৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ। ইয়াৰ ঠিক পাছতেই আৰ চি দত্তই ঋগবেদ, উপনষদসমূহ, ৰামায়ন, মহাভাৰত আৰু কিছু সংস্কৃত নাটৰ অনুবাদ কৰে। এই অনুবাদসমূহে বাধ্য আৰু নিৰ্লিপ্ত ভাৰতীয় সকলৰ ৰোমান্তিক আৰু বস্তুবাদী মানসিকতাক প্ৰত্যাহ্বান জনাইছিল। ইয়াৰ পাছতেই অনুবাদৰ জোৱাৰ উঠিছিল দীনবন্ধু মিত্ৰ, অৰবিন্দ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰকে আদি কৰি অন্য লিখকসকলৰ প্ৰচেষ্টাত। এইখিনি সময়তেই পৰিসীমিত ৰূপত হলেও ভাৰতীয় ভাষা সমূহৰ মাজত অনুবাদৰ আৰম্ভ হৈছিল।

সচাঁ কথাটো হ’ল যে ইংৰাজী এতিয়াও বেচিভাগ শিক্ষিত ভাৰতীয়ৰ বাবে সহজলভ্য হৈ উঠা নাই আৰু এই সকল লোকৰ জাগৰণ ভাৰতীয় ভাষাসমূহত উপলব্ধ হৈ থকা গুৰুত্বপূৰ্ণ সাহিত্যক আৰু জ্ঞান পাঠসমূহৰ অনুবাদৰ জৰিয়তেহে সম্ভৱ হৈ উঠিব। অনুবাদৰ ওপৰত গান্ধীৰ উক্তি ইয়াত নিশ্চয় প্ৰাসংগিক হ’ব- ‘মই ইংৰাজীক আন্তৰ্জাতিক বাণিজ্য আৰু ব্যৱসায়ৰ ভাষা বুলি গণ্য কৰো। সেইবাবে কিছুসংখ্যক লোকে এই ভাষা শিকাৰ প্ৰয়োজন...আৰু সেইসকলক মই (ইংৰাজীত) পাৰ্গত হৈ উঠাত উত্সাহ যোগাব খুজোঁ আৰু তেওঁলোকে ইংৰাজীৰ সবোত্কৃষ্ট কৰ্মসমূহ ক্ষেত্ৰীয় ভাষাসমূহলৈ অনুবাদ কৰাটো কামনা কৰো। তেওঁ অনুভৱ কৰিছিল যে শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজীৰ ব্যৱহাৰে ভাৰতীয় ভাষাসমূহৰ বিকাশ ৰোধ কৰাৰ সম্ভাৱনা আছে।

এল এম খুবচান্দিনীয়ে আঙুলিয়াই দিয়াৰ দৰে, স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত পাঠশালা আৰু মুক্তাবৰ যোগেদি কাম কৰি অহা প্ৰাক-ঔপনিবেশিক ভাৰতৰ শিক্ষা ব্যৱস্থাই প্ৰাথমিক সমাজ গঠন প্ৰক্ৰিয়াত এক সম্প্ৰসাৰণ আৰু স্থানীয় দোৱানৰ পৰা বৌদ্ধিক শৈলীলৈকে সকলো সামৰি ভাষা দক্ষতাৰ ক্ষেত্ৰত অভিলম্বীয় মানদণ্ড সৃষ্টি কৰিছিল, যি এক পাৰস্পৰিক বোধগম্য ভাষিক বৈচিত্ৰতাৰ এক শৃংখলৰ পৃষ্ঠপোষকতা কৰি আহিছিল। বিভিন্ন ক্ৰিয়াত্মক অভিবিন্যাসী ভাষা আৰু লিপিয়ে শিকাৰুক বিভিন্ন চহকী আৰু প্ৰবাহিত ভাষিক বিবিধতাৰ জৰিয়তে তত্পৰ কৰি তোলে। ভাৰতৰ পৰম্পৰাগত ভাষিক বৈচিত্ৰতাৰ ক্ষেত্ৰত সাচ্ছন্দ্যবোধ নকৰা ঔপনিবেশিক শাসকসকলে ইংৰাজী আৰু ভাষাৰ মাজত এক বৈপৰিত্যৰ সৃষ্টি কৰি ভাৰতীয় শিক্ষাত এক অদ্বৈতবাদী সমাধানৰ প্ৰস্তাৱ কৰে। মেকলেৰ ‘ভাৰতীয় শিক্ষাৰ সবিশেষ’ (1835) আৰু তেওঁৰ পৰৱৰ্তী অনুগামীসকলে ভাৰতীয় ভাষাক আওকাণ কৰি আহিছিল। উত্তৰ-ঔপনিবেশিক কাল নিৰ্দেশনাৰ মাধ্যম হিচাপে মাতৃভাষা ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ববৃদ্ধি আৰু বিভিন্ন ভাষা-পৰিকল্পনা কৰ্তৃপক্ষই মানসিক, সামাজিক আৰু শৈক্ষিকভাৱে এটা শিশুৱে তাৰ নিজৰ মাতৃভাষাৰ মাধ্যমত খৰকৈ শিকে বুলি UNESCOই দিয়া অনুমোদনৰ পুনৰুক্তিৰ সাক্ষী।

সেইবাবে সমাজৰ প্ৰতিভূ স্বৰূপ বিভিন্ন ভাষাৰ বাবে সমাজ আৰু বিদ্যালয় এই দুয়োটাতে উপযুক্ত স্থানৰ সৃষ্টি কৰা প্ৰয়োজন। শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে সাহিত্যৰ লগতে জ্ঞান পাঠৰ অনুবাদ অপৰ্যাপ্ত হ’লেহে ই সম্ভৱ হৈ উঠিব। তথাকথিত শীৰ্ষ স্থানত অৱস্থিত পশ্চিমীয়া দাতা ভাষাৰ পৰা জ্ঞান পাঠ অনুবাদ কৰাতকৈ এটা ভাৰতীয় ভাষাৰ পৰা আন এটালৈ আনুভূমিক ও সমমানৰ অনুবাদ কৰাটোহে বেচি গুৰুত্বপূৰ্ণ হ’ব। (সিং 1990) এইটো আমাৰ দৃঢ় বিশ্বাস যে এই জ্ঞান ভাৰতৰ সাধাৰণ পুৰুষ-নাৰীৰ বাবে উপলব্ধ হোৱা দৰকাৰ, যি তেওঁলোকৰ মাতৃভাষাৰ মাধ্যমদি উচ্চ পৰ্যায়ৰ জ্ঞান লাভ কৰিবলৈ উত্সুক। এইটোৱেই হ’ল প্ৰাথমিক আধাৰ য’ৰ পৰা ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ (NTM) ধাৰণা বিকশিত হৈছে।