সংযোজন – II:

ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ বাবে প্ৰস্তাৱ
জয়তী ঘোষৰ দ্বাৰা NKCত দাখিল
(11ফেব্ৰুৱাৰী, 2006ত NKC অনুবাদ কৰ্মশালাৰ আলোচনা আৰু অংশগ্ৰহণকাৰী আৰু আনসকলৰ লগত কৰ্মশালাৰ পশ্চাত্ৱৰ্তী কথোপকথনৰ ওপৰত আধাৰিত )

বিভিন্ন ধৰণৰ (মানৱ, যন্ত্ৰ-সাহাৰ্যিত, তাত্ক্ষণিক) আৰু বিভিন্ন ডমেইনৰ (সাহিত্যিক, বৈজ্ঞানিক, কাৰিকৰী, ব্যৱসায়িক ইত্যাদি) অনুবাদৰ সম্প্ৰসাৰণ আৰু মানদণ্ডৰ উন্নতি ঘটোৱাৰ বিশেষ প্ৰয়োজন আছে, যি সমগ্ৰ দেশলৈ জ্ঞানৰ বিশাল ক্ষেত্ৰখনত বিচৰণৰ অৰিহণা যোগাব। ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ সুচনা কৰি, উচ্চ মানদণ্ড সম্পন্ন অনুবাদৰ পৃষ্ঠপোষকতা আৰু প্ৰসাৰণৰ দ্বাৰা দেশত এই প্ৰক্ৰিয়াৰ আৰম্ভণি কৰাটো সবাটোকৈ সুন্দৰ পথ হ’ব। ই কম সময়ৰ ভিতৰতে ব্যৱধানসমূহ চিহ্নিত কৰি, উচ্চ মানদণ্ডৰ অনুবাদৰ পৃষ্ঠপোষকতা কৰি, প্ৰশিক্ষণৰ ব্যৱস্থা কৰি, অনুবাদ আৰু অনুবাদকৰ তথ্যৰ প্ৰসাৰণ ঘটাই আৰু ৰাজহুৱা ও ব্যক্তিগত খণ্ডত চলি থকা কৰ্মৰ সমন্বয় সাধন কৰি কাৰ্য প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিব পাৰিব। এই আঁচনি আন ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মৰ নকল বা ইবিলাকক পদদলিত কৰিবৰ বাবে নহয়, বৰঞ্চ তেওঁলোকৰ কৰ্ম অগ্ৰাধিকাৰৰ পুণৰ পৰীক্ষা, মানদণ্ড উন্নয়ন আৰু সজাগতা বৃদ্ধি কৰি তুলিবৰ বাবেহে।

বহু কাল জুৰি, ভাৰতীয় উপমহাদেশত বিভিন্ন দুটা ভাষাৰ মাজত অনুবাদ সম্পন্ন হৈ আহিছে। এক আকৰ্ষণ হিচাপে ভাৰত বা অন্য ঠাইৰ ভিন্ন ভাষিক গোষ্ঠীৰ বহু মহান লোকে অনুবাদৰ কাম-কাজ অব্যাহত ৰাখিছে। অনুবাদ বেছ প্ৰত্যহ্বানপূৰ্ণ যদিও বৰ্তমান দশকত ই পেশা হিচাপে লাভজনক হৈ পৰিছে। গৱেষণাৰ ক্ষেত্ৰ হিচাপে, ভাষা বিজ্ঞান, দৰ্শন শাস্ত্ৰ, সাহিত্য অধ্যয়ন, ভাষাৰ অৰ্থ বিজ্ঞান, অভিধান সংকলন, নৃতত্ব বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰৰ পৰা সমল আহৰণ কৰি অনুবাদ অধ্যয়ন এক নতুন বিষয় হিচাপে থিয় দিছে। কিন্তু, বৃহত্ সংখ্যক ভাষা, সংস্কৃতি আৰু জাতিৰ উপস্থিতিৰ বাবে এই ক্ষেত্ৰত এতিয়াও সমন্বয় সম্ভৱ হৈ উঠা নাই।

বহুভাষিক আৰু বিবিধ সাংস্কৃতিক দেশ আৰু জ্ঞানৰ এক প্ৰাচীন আধাৰসমূহৰ ভিতৰত এক হিচাপে, ভাৰতে বহু শতিকা ধৰি অনুবাদৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আহিছে। বহু ভাষা আৰু সংস্কৃতিৰে পৰিপূৰ্ণ হোৱাৰ বাবে ভাৰতে সাহিত্যিক আৰু যান্ত্ৰিক অনুবাদ দুয়োটাৰে সমূহ মুখ্য সুত্ৰীয় প্ৰাৰম্ভৰ বাবে পৰীক্ষণ আধাৰ প্ৰদান কৰি আহিছে। এইটো আশা কৰা হৈছে যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় অনুবাদ অভিযানে (NTM) বহু দিনীয়া অভাৱ দূৰ কৰিব পাৰিব, যাৰ জৰিয়তে বিভিন্ন স্তৰৰ লোক- শিক্ষক, শিক্ষাৰ্থী, ভাষা-প্ৰযুক্তিবিদ, ব্যৱসায়িক গোট, বাতৰি কাকত আৰু আন মিডিয়া গোট, সৃজনীশীল লিখক, প্ৰতিযোগিতামূলক অধ্যয়নত ব্যস্ত পাঠক আৰু অনুবাদৰ ব্যৱহাৰ জ্ঞানহীন লোকসকল উপকৃত হ’ব।

NTMৰ লক্ষ্য হ’ব তলত দিয়া ধৰণৰ:
1. ভাৰতীয় ভাষাৰ অনুবাদ সম্পৰ্কীয় তথ্যৰ ভাণ্ডাৰ হিচাপে কাম কৰা আৰু অনুবাদৰ প্ৰকাশ সম্পৰ্কীয় তথ্য একত্ৰিত কৰা, তদাৰক কৰা আৰু সঘনাই উন্নীত কৰা; প্ৰশিক্ষণ কাৰ্যক্ৰমৰ আয়োজন কৰা, উপলব্ধ সঁজুলি আৰু নতুন চিন্তা-চৰ্চা সকলো তথ্য যুগুতাই ৰখা আৰু ৰাষ্ট্ৰীয় অনুবাদক পঞ্জী তৈয়াৰ কৰা
2. যিমান দূৰ সম্ভৱ, সিমান ভাৰতীয় ভাষাৰ সুত্ৰীয় আৰু বাস্তৱিক দুয়ো ধৰণৰ অনুবাদৰ কাম-কাজসমূহৰ বিনিময় ও বিশুদ্ধিকৰণ গৃহ হিচাপে কাম কৰা
3. ভাৰতীয় ভাষা সমূহৰ ক্ষেত্ৰত অনুবাদ আৰু অনুবাদ সম্বন্ধীয় কাৰ্যকলাপৰ লগত জড়িত এজেঞ্চি, প্ৰতিষ্ঠান আৰু স্বাধীন ব্যক্তিলৈ যোগাযোগৰ সূচনা কৰা
4. উচ্চ মানদণ্ড সম্পন্ন অনুবাদৰ জৰিয়তে ভাৰতৰ লগতে বিদেশতো ভাৰতীয় ভাষা আৰু সাহিত্যক চিনাকি কৰি দিয়া
5. অনুবাদৰ বাবে বিভিন্ন ধৰণৰ সঁজুলি সৃজন ও তদাৰকীকৰণ আৰু বিশেষকৈ দ্বিভাষিক আৰু বহুভাষিক, সাধাৰণ আৰু বিশেষ কাৰ্যৰ বাবে সক্ষম দ্বি-দিশ সম্পন্ন অনুবাদ অভিধান, ৱৰ্ড-ফাইণ্ডাৰ, শব্দকোষ আদি তৈয়াৰ কৰা
6. এই ক্ষেত্ৰৰ লগত জড়িত সকলো প্ৰতিষ্ঠান আৰু ব্যক্তিৰ সহায় হ’ব পৰাকৈ স্বাধীন বা যুটীয়াভাৱে অনুবাদ অধ্যয়নৰ ওপৰত মুদ্ৰিত লগতে বাস্তৱিক প্ৰকাশনৰ পৃষ্ঠপোষকতা কৰা
7. জনসাধাৰণে বিভিন্ন প্ৰশ্ন আৰু উত্তৰ প্ৰেৰণ কৰিব পৰাকৈ বুলেটিন বৰ্ড সৃষ্টিৰ জৰিয়তে আলোচনাৰ এক ৰাজহুৱা সভা ক্ষেত্ৰ প্ৰদান কৰা
8. অনুবাদৰ বিধি তত্বৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰা আৰু অনুবাদৰ শিক্ষণ আৰু প্ৰশিক্ষণ কাৰ্যসূচীক সবল কৰিব পৰাকৈ বিভিন্ন পন্থা হাতত লোৱা

প্ৰস্তাৱিত ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ কাম-কাজসমূহ
অনুবাদকৰ শিক্ষা
যেতিয়া অনুবাদৰ বাবে দ্বিভাষিকতাৰ প্ৰয়োজন হৈ পৰে, তেতিয়া এই কথা প্ৰমাণিত হৈ পৰে যে ই এটা বিশেষ কৰ্ম আৰু ইয়াক সম্পন্ন কৰিবৰ বাবে বিশেষ জ্ঞান সম্পন্ন হোৱা নিতান্তই আৱশ্যক, কেৱল ইচ্ছা কৰিয়েই ইয়াত সফলতা লাভ কৰিব নোৱাৰি। লগতে বিভিন্ন ধৰণৰ অনুবাদৰ বাবে বিভিন্ন ধৰণৰ কৌশলৰ প্ৰয়োজন হয়, উদাহৰণস্বৰূপে- বৈজ্ঞানিক আৰু কাৰিকৰী অনুবাদৰ বাবে সাহিত্যিক অনুবাদতকৈ বেলেগ ধৰণৰ কৌশল আৰু দিশস্থিতিৰ প্ৰয়োজন হয়। তাত্পৰ্য ব্যাখ্যাৰ কৌশলসমূহ তুলনামূলক ভাৱে কম পৰিবৰ্ধিত আৰু লগতে বিভিন্ন সম্পৰ্কিত মিডিয়া (যেনে- অনাতাঁৰ, দূৰদৰ্শন) আৰু প্ৰসংগৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ প্ৰয়োজন হয়।

এই ক্ষেত্ৰত NTMৰ কাম-কাজ হ’ব এনে ধৰণৰ:
  » কম সময়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা
  » সমগ্ৰ দেশ জুৰি অনুবাদৰ বাবে পাঠ্যক্ৰমৰ পেকেজ সৃজন কৰা, যি ভাষা শিক্ষণ কাৰ্যসূচীৰ অংশ হ’ব পাৰে।
  » গৱেষণা বৃত্তি কাৰ্যসূচীৰ সূচনা কৰা, যি বিভিন্ন প্ৰতিষ্ঠানৰ মাজত বিশেষজ্ঞৰ বিনিময় সম্ভৱ কৰি তুলিব। এই ক্ষেত্ৰত, ইংৰাজীৰ পৰা বা ইংৰাজীলৈ কৰা অনুবাদৰ বিপৰীতে ভাৰতীয় ভাষা সমূহৰ মাজত অনুবাদত বিশেষ গুৰুত্ব আৰোপ কৰা উচিত।
  » বিশেষকৈ, উদাহৰণ হিচাপে, কোনো বিশেষ পাঠৰ মানদণ্ড সম্পন্ন অনুবাদ উপলব্ধ কৰা আৰু সম্পদ উত্পাদনৰ বাবে গৱেষণা প্ৰকল্পক (শিক্ষাৰ্থীৰ গৱেষণাক সামৰি) উত্সাহিত কৰা, যি শিক্ষাদান শৈলীৰ ক্ষেত্ৰত বৰঙণি যোগাব

তথ্যৰ প্ৰসাৰণ
যিহেতু অনুবাদ বৰ্তমান এক বিশেষভাৱে অভিক্ষিপ্ত আৰু জনপ্ৰিয় কৰ্ম নহয়, গতিকে দেশত উপলব্ধ হৈ থকা অনুবাদ সক্ষমতাৰ বিষয়ে পৰিপূৰ্ণ তথ্য পাঠক বা সৰ্ব সাধাৰণ লোকৰ জ্ঞাত নহয়। উদাহৰণস্বৰূপে-বিভিন্ন ক্ষেত্ৰীয় ভাষা সমূহত যথেষ্ঠ সংখ্যক মানদণ্ড সম্পন্ন অনুবাদক আছে যদিও এই সকলৰ বিষয়ে প্ৰকাশক সকল বা আনসকল লোকে (যি এইসকলৰ সেৱা লাভ কৰি উপকৃত হ’ব পাৰে) বিশেষভাৱে নাজানে। মহীশূৰৰ ভাৰতীয় ভাষা প্ৰতিষ্ঠানে ইয়াৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহত প্ৰতিবছৰে কোনো এটা ভাষাত অভ্যস্ত প্ৰায় 400 জন শিক্ষকক 20 টা মুখ্য ভাৰতীয় ভাষাৰ যিকোনো এটাৰ প্ৰশিক্ষণ প্ৰদান কৰে। লাহে লাহে এই কাৰ্যই প্ৰয়োজনীয় অথচ দুৰ্লভ কৌশল হিচাপে স্বীকৃতি পাইছে। কিন্তু সম্ভাৱনীয় ব্যৱহাৰকাৰী সকল এই প্ৰশিক্ষিত লোকসকলৰ বিষয়ে জ্ঞাত নহয়। বিভিন্ন ভাষাত, কম সংখ্যক প্ৰকাশকৰ দ্বাৰা কিছুমান বিষয়ত অনুবাদ ইতিমধ্যে সম্পন্ন আৰু মুদ্ৰিত কৰা হৈছে যদিও এই বিষয়ৰ উপযুক্ত তথ্যই সৰহ সংখ্যক লোককেই স্পৰ্শ কৰিবগৈ পৰা নাই।

সেইবাবে এইক্ষেত্ৰত NTMৰ প্ৰয়োজনীয় কাম-কাজ হ’ব এনেধৰণৰ:
  » বিভিন্ন কৌশল ও মানদণ্ডৰে বিভিন্ন ক্ষেত্ৰত অনুবাদৰ সমল ও তথ্য ভাণ্ডাৰ সৃষ্টি কৰা। এই ভাণ্ডাৰ অনলাইন উপলব্ধ হ’ব আৰু বিশেষ প্ৰয়োজনত NTMৰ সৈতে সম্পৰ্ক স্থাপন কৰি প্ৰাপ্ত কৰিব পৰা যাব।
  » বিভিন্ন ক্ষেত্ৰত বিভক্ত উপলব্ধ অনুবাদৰ বিভিন্ন কামৰ সমল ও তথ্য ভাণ্ডাৰ আৰু প্ৰয়োজনীয় টীকা সমন্বিতে হাতপুথিৰ সংকলন কৰা যিবিলাকক শৈক্ষিক প্ৰতিষ্ঠান, গ্ৰন্থাগাৰ নেটৱৰ্ক আদিলৈ নিয়মিত ৰূপত প্ৰেৰণ কৰা হ’ব।

উচ্চ মানদণ্ড সম্পন্ন অনুবাদ সামগ্ৰীৰ পৃষ্ঠপোষকতা আৰু প্ৰসাৰণ
যুক্তিসংগতভাৱে এই প্ৰশ্ন উত্থাপিত হ’ব পাৰে যে- যদি সকলোৱে অনুদিত সামগ্ৰীৰ প্ৰয়োজন বোধ কৰিলে হয়, তেন্তে ইবিলাক ইতিমধ্যেই বজাৰত উপলব্ধ হ’লহেতেন। যি কি নহওক, সম্ভাৱনীয়তাৰ বিষয়ে উপযুক্ত জ্ঞানৰ অভাৱে পাঠকৰ পৰা এই দাবী সৃষ্টি হোৱাত বাধা প্ৰদান কৰি আহিছে। প্ৰকৃততে জ্ঞানৰ বিশাল ভাণ্ডাৰক ভালকৈ উপলব্ধি কৰিব নোৱাৰালৈকে কোনোৱে এই বুজি উঠিব নোৱাৰে যে তেওঁলোকে কি এক বৃহত্ সুযোগ লাভ কৰা নাই। ইয়াৰ ওপৰিও, সাহিত্যৰ অনুবাদৰ লগত জড়িতসকলে (যেনে নেচনেল বুক ট্ৰাষ্ট আৰু গ্ৰন্থ একাডেমিসমূহ) কোনো স্থানীয় ভাষাত প্ৰকাশৰ লগে লগে প্ৰকাশিত গ্ৰন্থৰ চাহিদা কিমান বেছি সেই কথা প্ৰমাণ কৰি আহিছে।

উল্লেখ কৰাটো প্ৰয়োজনীয় যে এনে অনুবাদ কেৱল ইংৰাজীৰ পৰা ভাৰতীয় ভাষালৈ এক দিশ সম্পন্ন হোৱা উচিত নহয়, বৰঞ্চ, ভাৰতীয় ভাষাত যি সম্পদ উপলব্ধ হৈ আছে সেয়াও ইংৰাজী আৰু ভাৰতীয় ভাষালৈ প্ৰসাৰিত কৰাটো আৱশ্যকীয়। বিশেষকৈ, অনুবাদ কৰ্মক সৃজনীশীলতাৰ সমান্তৰাল মাৰ্গ হিচাপে গ্ৰহণ কৰাৰ গ্ৰহণ কৰাৰ পৰম্পৰাক উত্সাহ যোগোৱা উচিত। এইক্ষেত্ৰত এক সমমান বিশিষ্ট আৰ্হিৰ প্ৰয়োজন যি দাতা ভাষা আৰু গ্ৰাহী ভাষাৰ মাজত আভিলম্বিক বৈষম্য সৃষ্টি নকৰে আৰু ভাৰতৰ বহুভাষিকতা আৰু সাংস্কৃতিক বৈচিত্ৰতাক পৃষ্ঠপোষকতা কৰে। ইতিমধ্যে কিছু কিছু ক্ষেত্ৰত অনুবাদৰ সুত্ৰপাত ঘটিছে (উদাহৰণস্বৰূপে ড. আম্বেদকাৰৰ কৰ্মসমূহ, যিবিলাক বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে।) যি বিস্তৃত সামাজিক আন্দোলন আৰু লগতে ন-শিক্ষিত সকলৰ প্ৰয়োজনীয়তা আৰু অভিপ্ৰায়ক প্ৰতিফলিত কৰে।

বিজ্ঞান আৰু কাৰিকৰী অনুবাদৰ, সাহিত্যিক অনুবাদক বাদ দি, শ্ৰেষ্ঠতৰ উপলব্ধি আৰু ভাষাসমূহৰ মাজত সহজ বিচৰণ নিশ্চিত কৰিবৰ বাবে শব্দ আৰু ধাৰণাসমূহক মান বিশিষ্ট কৰি তোলাটো আৱশ্যক। ইয়াৰ ওপৰিও, বৰ্তমান অনুবাদ সামাজিক স্বীকৃতি আৰু আৰ্থিক মাননিৰ ক্ষেত্ৰত নিম্ন উদগনিমূলক কৰ্ম আৰু সেইবাবে এই ধাৰণাক সলনি কৰা উচিত। এই কথা উপলব্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ যে অনুবাদ এক সতন্ত্ৰ কৰ্ম, কিন্তু একে সময়তে ই হ’ল এক সামাজিক উদ্যোগ, য’ত সফলতাৰ বাবে বিভিন্ন সময়ত বিভিন্ন লোকৰ অংশগ্ৰহণ আৰু দলবদ্ধ কাৰ্যৰ প্ৰয়োজন হ’ব।

এইক্ষেত্ৰত NTMৰ তলত উল্লেখ কৰা কাৰ্যসমূহ লক্ষ্য কৰিব পাৰি:
  » গ্ৰন্থ উন্মোচন, উত্সৱ, গৱেষণা বৃত্তি আৰু পুৰষ্কাৰৰ যোগেদি মানদণ্ড সম্পন্ন অনুবাদৰ সক্ৰিয় পৃষ্ঠপোষকতাকৰণ
  » উমৈহতীয়া বা যৌথ অনুবাদ কৰ্মক উত্সাহিত কৰা, লগতে দীৰ্ঘকালীন বহু-অনুবাদৰ প্ৰকল্প, আলোচনা আৰু মতামত ও অভিজ্ঞতা বিনিময়ৰ বাবে অনুবাদকক জড়িত কৰি কৰ্মশালা অনুষ্ঠিত কৰা।
  » প্ৰকাশকৰ লগত পুণৰ ক্ৰয়ৰ বন্দবস্তকৰণ আৰু গ্ৰন্থাগাৰ নেটৱৰ্কৰ লগত সংযোগ স্থাপন কৰি মানদণ্ড সম্পন্ন অনুবাদৰ বাবে এক প্ৰাৰম্ভিক বজাৰ সুনিশ্চিত কৰা।
  » অনুদিত কৰ্মৰ প্ৰযোজক আৰু প্ৰকাশনসমূহ বা গ্ৰাহকৰ (জনসাধাৰণৰ আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান) মাজত এক ইন্টাৰফেচ যোগান ধৰা;
  » ক্ষেত্ৰীয় ভাষাসমুহলৈ বহুল প্ৰসাৰণৰ বাবে সাময়িকী জাৰ্ণেল আৰু অন্য উপযোগী ও চিত্তাকৰ্ষক সামগ্ৰী যেনে-নতুন বৈজ্ঞানিকী, অৰ্থ সংক্ৰান্তীয় আৰু ৰাজনৈতিক সাপ্তাহিকীৰ প্ৰাৰম্ভিক অনুবাদৰ বাবে অনুদান আগবঢ়োৱা।
  » বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমলৈ অনুদিত সামগ্ৰী যোগ কৰিবৰ বাবে আৰু বিশেষকৈ সকলো স্তৰৰে সাহিত্য অধ্যয়নত আন ভাৰতীয় ভাষাৰ পৰা অনুদিত সামগ্ৰী যোগ কৰিবৰ বাবে পৰামৰ্শ প্ৰদান কৰা।
  » সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ বিশেষ গ্ৰন্থ কেন্দ্ৰৰ (অনুদিত সামগ্ৰীৰ লগত জড়িত থকা) বাবে ভাষা সমল কেন্দ্ৰ প্ৰস্তাৱ কৰা।
  » বৰ্তমান চলি থকা কম জনপ্ৰিয় কৰ্মসমূহক পৃষ্ঠপোষকতা আৰু প্ৰসাৰণ কৰা, যি দ্বিভাষিক কৌশলৰ (কৰ্ণাটক আৰক্ষী বিষয়াৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ বাধ্যতামূলক অংশৰ দৰে) ওপৰত গুৰুত্ব প্ৰদান কৰে।
  » ৰাজহুৱা ও অসামৰিক সামাজিক প্ৰতিষ্ঠানৰ যোগেদি (যেনে-ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান আৰু ভাৰত জ্ঞান-বিজ্ঞান সমিতি) অনুদিত সামগ্ৰীক সৰু চহৰ আৰু গাঁৱত সুলভ কৰাক নিশ্চিত কৰিবৰ বাবে পন্থা নিৰ্ণয় কৰা।

যান্ত্ৰিক অনুবাদৰ পৃষ্ঠপোষকতা
বৰ্তমানৰ প্ৰযুক্তিয়ে তুলনামূলকভাৱে কম খৰচতে ক্ষিপ্ৰ আৰু বৃহত্ পৰিমাণৰ অনুবাদৰ বাবে নতুন নতুন সুবিধা প্ৰদান কৰিছে, যদিওবা এইক্ষেত্ৰত প্ৰযুক্তি উন্নয়ন আৰু মানৱ সম্পদৰ কথা আহি পৰে। NTMএ তলত দিয়া বিষয়সমূহৰ ক্ষেত্ৰত যুক্তিপূৰ্ণ পন্থা গ্ৰহণ কৰি প্ৰযুক্তিৰ বিকাশ ও ব্যৱহাৰত আৰু যান্ত্ৰিক অনুবাদ প্ৰযুক্তি উন্নয়নত সহায় আগবঢ়াব পাৰে।
  » সাৰ্থক আৰু সক্ষম অনুবাদৰ ক্ষেত্ৰত তত্কালীন ব্যৱহাৰ থকা প্ৰয়োজনীয় অৱগাঁঠনি, বিশেষকৈ শব্দকোষ, দ্বিভাষিক অভিধান, অনুবাদ মেমৰিৰ বাবে চফ্টৱেৰ ইত্যাদিৰ দৰে ডিজিটেল সঁজুলি সৃজন কৰাক নিশ্চিত কৰা
  » ই-অভিধান, ৱৰ্ডনেট, ভাষা বিশ্লেষণ আৰু সংশ্লেষণ সঁজুলি, নিৰ্ঘণ্ট নিৰ্মাণকাৰী, তৰংগদৈৰ্ঘ্য বিশ্লেষক আদিৰ দৰে শাব্দ্য সমল হ’ল যান্ত্ৰিক অনুবাদৰ বাবে প্ৰয়োজনীয় উপাদান। এইবিলাক সৃজন আৰু তদাৰক কৰাটো কেৱল মাত্ৰ এটা প্ৰতিষ্ঠানৰ বাবে সম্ভৱ নহয়, বৰঞ্চ দীৰ্ঘদিনীয়া বহু প্ৰতিষ্ঠানিক সহযোগিতাৰেহে সম্ভৱ কৰি তুলিব পাৰি। অবিৰাম মত-বিনিময় আৰু সভা ও অনলাইন আলোচনাৰ যোগেদি NTMএ সংঘবদ্ধ কাৰ্যৰ বাবে আধাৰ প্ৰদান কৰিব পাৰে।
  » যিমান দূৰ পাৰি উত্স পাঠ আৰু অনুবাদসমূহ নিকা ডিজিটেল ৰূপত উপলব্ধ কৰি তোলা উচিত আৰু ইবিলাকৰ প্ৰয়োজনীয় গ্ৰন্থস্বত্বৰ বিষয়সমূহ চোৱাচিতা কৰিব। NTMএ এই ডিজিটেল সম্পদসমূহ XML টেগ আৰু DTDসমূহৰ যোগেদি তদাৰক কৰাটো নিশ্চিত কৰিব।
  » বৰ্তমান কালত আন্তৰ্জাতিক ক্ষেত্ৰত টীকাকৰণ আৰু সংৰেখনেৰে এক উচ্চ মানদণ্ড সম্পন্ন সমান্তৰাল শব্দপুঞ্জ সৃষ্টি কৰাৰ প্ৰৱণতা লক্ষ্য কৰিবলগীয়া। এনে ধৰণৰ শব্দপুঞ্জত যন্ত্ৰ শিক্ষা কৌশল ব্যৱহাৰ কৰি যান্ত্ৰিক অনুবাদ প্ৰণালী পাব পৰা যায়। এই বিশাল পৰিমাণৰ সমল আৰু প্ৰচেষ্টাৰ গুৰুত্বতালৈ চাই পৰ্যাপ্ত প্ৰাৰম্ভিক বিনিয়োগৰ প্ৰয়োজন, যিবিলাক এতিয়ালৈকে স্বাধীন প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত সম্ভৱ হৈ উঠা নাই। যি কি নহওক, NTMএ এনে প্ৰচেষ্টাক আদৰণি জনাব আৰু সহায়-সহযোগ আগবঢ়াব।
  » 15 খন ৰাষ্ট্ৰক যুক্ত কৰি 1996 চনত ৰাষ্ট্ৰসংঘৰ নেতৃত্বত আৰম্ভ হোৱা সাৰ্বজনীন নেটৱৰ্কিং ভাষা (UNL)ৰ সৈতে একে শাৰীতে অৱস্থান গ্ৰহণ কৰি এক ইন্টাৰ-লিংগুৱা (Interlingua) আধাৰিত অভিগমনৰ পৃষ্ঠপোষকতা কৰা (IIT মুম্বায়ে ইতিমধ্যে ইংৰাজী আৰু ভাৰতীয় ভাষাৰ MTৰ বাবে বিভিন্ন সঁজুলি, কৌশল আৰু সমল নিৰ্মাণ কৰি উলিয়াইছে, যাক সৰ্বত্ৰ ব্যৱহাৰ কৰিব পৰা যায়)।