সংযোজন-I :

অনুবাদ উদ্যোগৰ পৃষ্টপোষকতাকৰণ
(জয়তী ঘোষৰ টোকা)
ভাৰতীয় ভাষাৰ বৈচিত্ৰতা আৰু সমৃদ্ধিশীলতা সংৰক্ষণ ও শক্তিশালী কৰিবলৈ আৰু যিমান দূৰ সম্ভৱ, মাতৃভাষাৰ মাধ্যমত বিভিন্ন ধৰণৰ সামগ্ৰীলৈ ভাষিক গোষ্ঠী সমূহৰ প্ৰৱেশাধিকাৰ সুনিশ্চিত কৰাৰ বাবে ভাৰতত এটা দক্ষ, দ্ৰুত আৰু উচ্চ মানদণ্ড সম্পন্ন অনুবাদ উদ্যোগৰ অতীব প্ৰয়োজন। এইটো উল্লেখ কৰিব পাৰি যে জ্ঞানৰ অতিৰিক্ত মূল্য প্ৰদান কৰি অহা সকলো দেশে প্ৰণালীবদ্ধ ভাৱে অনুবাদ সেৱাসমূহৰ পৃষ্ঠপোষকতা কৰি আহিছে আৰু যিমান পাৰি সিমান ভিন্ন ধৰণৰ সামগ্ৰী বিভিন্ন ভাষাত উপলব্ধ কৰিবলৈ চেষ্টা চলাইছে। চীনৰ দৰে বৃহত্ উন্নয়নশীল দেশৰ ক্ষেত্ৰত ই সত্য, কিয়নো চীনত এক বৃহত্ ক্ষেত্ৰত মানদণ্ড সম্পন্ন অনুবাদ যোগান ধৰিবৰ বাবে এক কাৰ্যক্ষম অনুবাদ উদ্যোগ আছে। সৰু উন্নত ৰাষ্ট্ৰৰ ক্ষেত্ৰতো ই সত্য, য’ত এক বৃহত্ সংখ্যক লোক বিদেশী ভাষাত (ইউৰোপ মহাদেশৰ নেদাৰলেণ্ড আৰু ফিনলেণ্ড) সচ্ছন্দ আৰু শিক্ষিত, য’ত বিস্তৃত ও সম্প্ৰসাৰিত অনুবাদৰ উপস্থিতিৰ বাবে স্থানীয় ভাষাসমূহ শক্তিশালী হৈ পৰিছে।

অনুবাদ প্ৰয়োজনীয়:
  » ইংৰাজীৰ পৰা ভাৰতীয় ভাষালৈ
  » ভাৰতীয় ভাষাৰ পৰা ইংৰাজীলৈ
  » ভাৰতীয় ভাষাৰ মাজত

তলত উল্লিখিত সামগ্ৰীসমূহ অনুবাদ কৰা প্ৰয়োজনীয়
  » বিদ্যালয় স্তৰৰ পাঠ্যপুথি
  » উচ্চশিক্ষা স্তৰৰ পাঠ্যপুথি
  » অন্য শিক্ষা সম্বন্ধীয় সামগ্ৰী
  » বিজ্ঞান, সমাজবিজ্ঞান, মানৱ সম্বন্ধীয় বিজ্ঞান, কলা আদিৰ বিশেষ গ্ৰন্থসমূহ
  » উল্লেখ্য পুথি (বিশ্বকোষ ইত্যাদি)
  » সাহিত্য
  » বৰ্তমান জনপ্ৰিয় অকাল্পনিক কাহিনীৰ গ্ৰন্থ
  » নিৰ্দেশ হাতপুথি
  » আলোচনী, জাৰ্ণেলসমূহ
  » ৱেব-আধাৰিত সামগ্ৰী

এই মুহূৰ্তত বিভিন্ন স্থানৰ পৰা ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে কিছুমান এজেঞ্চি আন কৰ্ম-কাণ্ডৰ লগতে এই ক্ষেত্ৰসমূহত জড়িত হৈ আছে। সেইদৰে, নেচনেল বুক ট্ৰাষ্টে বিভিন্ন বিখ্যাত অথবা পুৰষ্কাৰ প্ৰাপ্ত লিখকৰ কিছুমান মুখ্য সাহিত্যিক কৰ্মৰ অনুবাদ (ইংৰাজীৰ পৰা ভাৰতীয় ভাষালৈ আৰু ইয়াৰ বিপৰীত) যোগান ধৰিছে। কিছুমান ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে (উদাহৰণস্বৰূপে কথা প্ৰকাশন, প্ৰজাশক্তি বাতৰিকাকত গোট ইত্যাদি) জনাজাত সাহিত্য ও বৰ্তমান সময়ৰ কিছুমান গ্ৰন্থৰ অনুবাদ যোগান ধৰিছে। উল্লিখিত সকলো দৃষ্টিকোণ আৰি সকলো মুখ্য ভাষাতে প্ৰত্যক্ষ হস্তক্ষেপ, পৃষ্ঠপোষকতা বা তত্বাৱধানক প্ৰণালীৱদ্ধ ভাৱে সামৰি ল’ব পৰাকৈ কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নাই।

বৰ্তমান অৱস্থাত অনুবাদ ক্ষেত্ৰৰ সমস্যাসমূহ হ’ল এনেধৰণৰ:
1. উল্লিখিত সকলো ক্ষেত্ৰতে অনুবাদৰ উপলব্ধতাত বৃহত্ ও জটিল পাৰ্থক্য আছে।
2. অনুদিত সামগ্ৰীৰ মানদণ্ড আৰু সুলভতাৰ ক্ষেত্ৰত বিশেষ সমস্যা আছে। সেই সমস্যা হ’ল অসুসমতা আৰু মানদণ্ডহীনতা। আক্ষৰিক অনুবাদ বা জটিল ভাষা ব্যৱহাৰ কৰি অনুবাদ কৰাৰ প্ৰৱণতা প্ৰায়েই দেখা যায়, যি অনুদিত সামগ্ৰীৰ বোধগম্যতা হ্ৰাস কৰি তোলে। অনুদিত সামগ্ৰীৰ প্ৰকাশন মানদণ্ডৰ ক্ষেত্ৰতো যথেষ্ঠ তাৰতম্য দেখা যায়।
3. অনুবাদৰ ক্ষেত্ৰত যথেষ্ঠ সময় ব্যৱধান লক্ষ্য কৰা যায়। বৰ্তমান কোনো সাহিত্য কৰ্মৰ অনুবাদ বহু বছৰ পৰ্যন্ত উপলব্ধ হোৱা দেখা নাযায়।
4. অনুদিত সামগ্ৰীৰ ক্ষেত্ৰত অযথোচিত পৃষ্ঠপোষকতা আৰু প্ৰসাৰণ দেখা পোৱা যায়, যেনে- কোনো ব্যক্তিৰ বাবে দৰকাৰী কোনো বিশেষ মানদণ্ড সম্পন্ন অনুবাদ সামগ্ৰী উপলব্ধ হোৱা স্বতেও এই উপলব্ধতাৰ বিষয় তেওঁলোকৰ জ্ঞাত লহয়।
5. অনুবাদ প্ৰকাশিত অথবা সম্পাদন কৰাৰ ক্ষেত্ৰত উপযুক্ত সমন্বয়ৰ অভাৱৰ বাবে গুৰুত্বপূৰ্ণ পাৰ্থক্য থকা স্বতেও অপ্ৰয়োজনীয় পুণৰাবৃত্তি লক্ষ্য কৰা যায়।
6. ইংৰাজীৰ পৰা ক্ষেত্ৰীয় ভাষাসমূহলৈ ৱেব-আধাৰিত অনুবাদ সেৱাসমূহ এতিয়াও যথেষ্ঠ অবিকশিত অৱস্থাতেই আছে। C-DACৰ Vyakarta, MANTRA, NCST মুম্বাইৰ MaTra, IITসমূহৰ (বিশেষকৈ কানপুৰ) Anusaaraka, Anglabharati, আদি প্ৰাথমিক MT উপলব্ধ হৈ আছে। এই সঁজুলিবিলাক এতিয়াও সম্পূৰ্ণ কাৰ্যক্ষম নহয় আৰু একেধৰণৰ বাক্য গঠন ৰীতি মানি চলা ভাৰতীয় ভাষাসমূহতহে তুলনামূলকভাৱে অলপ বেচি সফল। অনলাইন শাব্দ্য সম্পদৰ সাধাৰণ অভাৱ আৰু সমন্বয়হীনতা লক্ষ্য কৰিব পাৰি।

যি কি নহওক, ইবিলাকৰ কিছু পৰিমাণৰ সুবিধাও আছে যি ভাৰতৰ অনুবাদ সেৱা সমূহৰ দ্ৰুত বিকাশত অৰিহণা যোগাইছে।
1. ভাৰতত যথেষ্ঠ সংখ্যক দ্বিভাষিক শিক্ষাৰে শিক্ষিত লোক আছে যাক এই ধৰণৰ কাম-কাজৰ লগত জড়িত কৰিব পাৰি আৰু ই শিক্ষিত নিয়োজন সৃষ্টিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উত্স হৈ উঠিব পাৰে।
2. ভাষা প্ৰশিক্ষণ প্ৰদান কৰা যথেষ্ঠ সংখ্যক প্ৰতিষ্ঠান আছে আৰু তুলনামূলকভাৱে অতি সহজতেই এই প্ৰতিষ্ঠানসমূহ সম্প্ৰসাৰিত কৰিব পাৰি। কাৰ্যকৰী ও ফলদায়ক অনুবাদৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত কৌশলসমূহ অৰ্জন কৰাটো বৰ বেচি কঠিন নহয় আৰু ইবিলাকক বৰ্তমান উপলব্ধ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি।
3. যেতিয়া অনুবাদৰ বজাৰ তুলনামূলকভাৱে সীমিত হয়, গ্ৰন্থস্বত্বৰ বিষয়সমূহ যথেষ্ঠ কম হয় আৰু ইয়াৰ অৰ্থ হ’ল যে গ্ৰন্থ ইত্যাদিৰ নিম্ন মূল্যৰ সংস্কৰণসমূহ অতি সহজতে যোগান ধৰিব পাৰি।
4. এবাৰ সাধাৰণ আধাৰ সৃষ্টি হোৱাৰ পাছত সংখ্যা বৃদ্ধি কৰা উচিত আৰু ই কম মূল্যৰ উত্পাদন আৰু বৃহত্ ব্যক্তিগত খণ্ডৰ যোগদানত অৰিহণা যোগাব।

বিবেচনা কৰিবলগীয়া বিষয়সমূহ হ’ল:
  » অনুবাদ যোগান ধৰি অহা বৰ্তমান বিৰাজমান ৰাজহুৱা প্ৰতিষ্ঠান কোনবিলাক আৰু সেইবিলাক কিমান দূৰ কাৰ্যকৰী অথবা সক্ষম?
  » এনেধৰণৰ কামকাজত ৰাজহুৱা খণ্ডৰ যোগদানৰ প্ৰকৃতি কেনে হোৱা উচিত? ইবিলাকৰ ক্ষেত্ৰত ৰাজহুৱাভাৱে প্ৰদান কৰিবলগীয়া কোনো বিশেষ অৱগাঁঠনিৰ প্ৰয়োজন আছে নেকি?
  » বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ সাময়িক সামগ্ৰীক (যেনে বৰ্তমানৰ সাহিত্য, বৰ্তমানৰ জনপ্ৰিয় সাহিত্য কৰ্ম, গুৰুত্বপূৰ্ণ জাৰ্ণেল) বিভিন্ন মুখ্য ভাষালৈ অনুদিত কৰাক সুনিশ্চিত কৰিবলৈ কোনো পন্থা আছেনে? এইবিলাকৰ ক্ষেত্ৰত কোনে সিদ্ধান্ত ল’ব।
  » এনে ধৰণৰ সিদ্ধান্তবিলাক কেন্দ্ৰীকৰণ কৰা হৈছেনে বা ৰাজ্য চৰকাৰসমূহৰ জৰিয়তে সমন্বয় সাধন কৰা হৈছেনে?
  » বিভিন্ন ধৰণৰ অনুবাদ সেৱাক গ্ৰন্থস্বত্ব দায়িত্ব লৈ, পৃষ্ঠপোষকতা, নিৰীক্ষণ বা প্ৰতিনিধিত্ব কৰিব পৰাকৈ কোনো ৰাজহুৱা খণ্ডৰ এজেঞ্চি আছেনে?
  » এই ক্ষেত্ৰত আৰু বেচি ব্যক্তিগত কাৰ্যকলাপৰ কেনেকৈ পৃষ্ঠপোষকতা কৰিব পাৰি? এই কাৰ্যকলাপত মূলধন বিনিয়োগৰ বাবে শুল্ক টিকট বা অন্য আৰ্থিক সহায় প্ৰদান কৰিব পাৰি নেকি? প্ৰকাশন প্ৰতিষ্ঠানসমূহৰ লগত অংশীদাৰিত্ব সৃষ্টি কৰা উচিতনে?
  » মানদণ্ড সম্পন্ন অনুবাদ কেনেকৈ নিশ্চিত, নিৰীক্ষণ আৰু তত্বাৱধান কৰিব পৰা যায়? এই ক্ষেত্ৰত পেশাদাৰী কৰ্মী সৃষ্টি কৰিবলৈ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ বিশেষ সম্পদ নিয়োজিত কৰা প্ৰয়োজনীয় নেকি?
  » অনুদিত সামগ্ৰীৰ খৰতকীয়া নিৰ্গমণ আৰু বিতৰণৰ বাবে কেনেকৈ উত্সাহ যোগাব পাৰি?
  » MTৰ বাবে সম্ভাৱনাসমূহ কেনেধৰণৰ আৰু MT আৰু পৰম্পৰাগত অনুবাদৰ পন্থাসমূহৰ মাজত বিশেষ সম্পৰ্ক আছে নেকি?

বাঞ্ছনীয় তাত্ক্ষণিক পদক্ষেপ:
অনুবাদ উদ্যোগৰ পৃষ্ঠপোষকতা কৰাৰ বিষয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আলোচনাত তলত দিয়া ক্ষেত্ৰসমূহৰ পৰা প্ৰতিনিধিক জড়িত কৰা হৈছিল
  » কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিষয়া (চৰকাৰী ভাষা বিভাগ, শিক্ষা, সাংস্কৃতিক, বিজ্ঞান বিভাগৰ পৰা)
  » বিদ্যালয়, বিশ্ববিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠান
  » উদ্যোগ (অনুবাদৰ বাবে বিভিন্ন স্তৰৰ কৰ্মীৰ প্ৰয়োজন)
  » মিডিয়া
  » প্ৰকাশন প্ৰতিষ্ঠান
  » ভাষা বিদ্যালয়

যিমান পাৰি সোনকালে উপযুক্ত ব্যক্তি আৰু প্ৰতিষ্ঠানক চিনাক্তকৰণ কৰা দৰকাৰ আৰু বিতৰণৰ বাবে এই ক্ষেত্ৰৰ বিশেষজ্ঞৰ লগত কৰা আলোচনাৰ ভিত্তিত সংকল্পনা টোকা আৰু খচৰা কাৰ্যসূচী যুগুতাই উলিওৱা উচিত।