সংযোজন – III:

ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ গাঁঠনি
অৱগাঁঠনিৰ ক্ষেত্ৰত NTM তুলনামূলকভাৱে সৰু হ’ব আৰু প্ৰতিষ্ঠানিক গাঁঠনিৰ ক্ষেত্ৰত নমনীয় হ’ব। কিন্তু NTMৰ পৰ্যাপ্ত পৰিমাণৰ বাজেটৰ প্ৰয়োজন হ’ব যাতে ই চিনাক্তকৰণ কৰা ক্ষেত্ৰসমূহত অনুদান দিয়াত সমৰ্থ হ’ব পাৰে। ইয়াত এজন নিৰ্দেশক জেনেৰেল থাকিব যাক 15ৰ পৰা 20 জন শৈক্ষিক কৰ্মচাৰী আৰু সমসংখ্যক সহায়কাৰীয়ে (বিত্তীয়/ গাণনিক, গ্ৰন্থাগাৰ আৰু তথ্য, ৱেব-ডিজাইনিং ও মুদ্ৰণ বিশেষজ্ঞ, সম্পাদনা সহযোগী, ইভেন্ট পৰিচালনা সহযোগী, কাৰিকৰী বিশেষজ্ঞ, আলেখ্যন কৰ্মী ইত্যাদি) সহযোগ কৰিব। NTMক ইয়াৰ কাম-কাজত সহায় কৰিবলৈ এখন পৰামৰ্শদাতা সমিতি থকাটো যুক্তি সংগত হ’ব। অনুবাদক, শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি, প্ৰকাশক আদিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ NTMৰ সিদ্ধান্তকাৰী সমিতি 10 জন সভ্যৰে গঠিত কৰাটো যুক্তি সংগত হ’ব। ইয়াৰ সভ্যসকলে ক্ৰম অনুসাৰে দায়িত্ব পালন কৰিব (উদাহৰণস্বৰূপে, সভ্য সকলৰ কাৰ্যকাল হ’ব- দুইৰ পৰা তিনি বছৰ আৰু প্ৰতিবছৰে সভ্য সলনি কৰা হ’ব)

অনুবাদৰ লগত জড়িত তথ্য, প্ৰয়োগ, প্ৰশিক্ষণ আৰু সৃজনীশীলতাৰ ক্ষেত্ৰত NTMএ বিশেষ গুৰুত্ব আৰোপ কৰিব। ই কেন্দ্ৰীয়ভাৱে চালিত নহ’ব কিয়নো ইয়াৰ বিভিন্ন স্তৰত ৰাজ্য আৰু স্থানীয় স্তৰৰ বিভিন্ন লোকৰ প্ৰতিনিধিত্ব, সহায়-সহযোগ প্ৰয়োজন হ’ব আৰু বিভিন্ন প্ৰতিষ্ঠান/ এজেঞ্চিৰ লগত সমন্বয় ৰক্ষা কৰাটো প্ৰয়োজন হ’ব।

কৰ্মৰ পুণৰাবৃত্তি ৰোধ কৰিবৰ বাবে, সহযোগিতা সৃষ্টি কৰিবৰ বাবে আৰু সিচৰতি হৈ থকা অনুবাদৰ কাম-কাজ সমূহক একেলগ কৰিবৰ বাবে NTMক বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ লগত সহযোগিতা আৰু সমন্বয় ৰক্ষা কৰাৰ প্ৰয়োজন হ’ব। এইবিলাকৰ ভিতৰত নেচনেল বুক ট্ৰাষ্ট, UGC, সাহিত্য একাডেমী, অনুবাদ কেন্দ্ৰসমূহ, ভাৰতীয় ভাষা সংস্থান, অনুবাদৰ শিক্ষণ আৰু গৱেষণা পাঠ্যক্ৰম প্ৰদান কৰি অহা বিশ্ববিদ্যালয়ৰ বিভাগসমূহ, গ্ৰন্থ একাডেমীসমূহ, অন্য ৰাজ্যিক স্তৰৰ প্ৰতিষ্ঠানসমূহ, ৰাজহুৱা গ্ৰন্থাগাৰ নেটৱৰ্ক আদিৰ দৰে ৰাজহুৱা প্ৰতিষ্ঠান আদিয়েই প্ৰধান। এইবিলাকে প্ৰকাশক, বাতৰিকাকত আৰু আন মিডিয়া, কৰ্পৰেট সংস্থা, কিতাপ বিক্ৰেতা আদিকো অন্তৰ্ভুক্ত কৰিব। ইয়াৰ ওপৰিও NTMক শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, প্ৰাপ্তবয়স্ক শিক্ষাৰ্থী আৰু আন নাগৰিকসকলৰ লগত মত বিনিময় আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাক পূৰণ কৰাৰ প্ৰয়োজন হ’ব। কৌশলপূৰ্ণ হস্তক্ষেপ বা মধ্যস্থতা কৰাটো এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ’ব আৰু বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান আৰু ব্যক্তিগত এজেন্টৰ লগত সহযোগিতা ৰক্ষা কৰাটো আৱশ্যক হ’ব।

বৃদ্ধিঘাত সম্বন্ধীয় কাৰণতে, সংবিধানৰ অষ্টম অনুসূচী ভূক্ত 22 টা মুখ্য ভাষাক সাঙুৰি কাৰ্যাধিকাৰ আৰম্ভ কৰাটো NTMৰ বাবে সমীচীন হ’ব। কিন্তু ইয়াৰ ফল আন ক্ষেত্ৰীয় ভাষালৈ প্ৰসাৰণ কৰাটোৰ গুৰুত্ব পাহৰি যোৱাটো উচিত নহব।

এইটো ধৰি লোৱা হৈছে যে একাদশ পৰিকল্পনাৰ কালছোৱাত 250 কোটি টকাৰ প্ৰস্তাৱিত বাজেটেৰে (প্ৰায় 80 কোটি টকা সাংগঠনিক কাৰ্য, মানৱ সম্পদ আৰু গৱেষণা বৃত্তিৰ বাবে, 170 কোটি টকা আন কাৰ্যসমূহৰ বাবে, য’ত আন সহযোগী প্ৰতিষ্ঠান/এজেঞ্চিক দিবলগীয়া অনুদান অন্তৰ্ভুক্ত থাকিব) ৰাষ্ট্ৰীয় অনুবাদ অভিযান চলাই নিব পৰা যাব। একাদশ পৰিকল্পনাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি, পাছত এই পৰিমাণ বৃদ্ধি কৰিব পৰা যাব। NTMক প্ৰয়োজনীয় অৱগাঁঠনিৰ নিৰ্মাণ কৰিবলৈ কোনো ক্ষেত্ৰত এককালীন অনুদানৰ প্ৰয়োজন হ’ব পাৰে।

NTM গঠন আৰু তদাৰক কৰাৰ বাবে কোনটো মন্ত্ৰালয়ক দায়িত্ব দিয়া হ’ব সেইটোও সিদ্ধান্ত ল’বলগীয়া কথা, কিয়নো মানৱ সম্পদ মন্ত্ৰালয়ৰ অধীনত (বিশেষকৈ ভাষা বিভাগ, যাৰ অধীনত NBTয়ে কাম কৰে) বিশ্ববিদ্যালয়সমূহ, IITসমূহ, NBT আৰু CIILকে সামৰি বহু ভাষা সম্পৰ্কিত সংস্থা আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত সাহিত্য একাডেমীয়ে কাম কৰে।

এই প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰাৰ আগতে অধিকতৰ ব্যাখ্যা আৰু উন্নীত কৰাৰ প্ৰয়োজন আছেনে নাই তাক পৰীক্ষা কৰি চোৱাতো যুক্তিসংগত হ’ব। সম্পৰ্কিত মন্ত্ৰালয়ৰ (HRD, সাংস্কৃতিক, IT) ওপৰিও ‘থিংক-টেংক’ হিচাপে কাম কৰিবলৈ 10 জনীয়া সমিতি এখন গঠনৰ সম্ভাৱনা আছে।

1. প্ৰা. বিপন চন্দ্ৰ, অধ্যক্ষ, NBT
2. প্ৰা. কে সছিদানন্দন (সচিব, সাহিত্য একাডেমী) বা ড. নিৰ্মল কান্তি ভট্টাচাৰ্য (সম্পাদক, ভাৰতীয় সাহিত্য, আৰু সভ্য, সাহিত্য একাডেমী)
3. প্ৰা. প্ৰমোদ টেলগি (ভূতপূৰ্ব উপাচাৰ্য, CIEFL, বৰ্তমান JNUত কৰ্মৰত) বা প্ৰা. আলোক ভাল্লা, (CIEFL, হাইদৰাবাদ)
4. প্ৰা. ইন্দ্ৰনাথ চৌধুৰী (ভূতপূৰ্ব প্ৰাধ্যাপক, হিন্দী, দিল্লী বিশ্ববিদ্যালয়; নিৰ্দেশক, নেহেৰু কেন্দ্ৰ আৰু সচিব, সাহিত্য একাডেমী)
5. প্ৰা. ইউ আৰ অনন্তমূৰ্তি (ভূতপূৰ্ব অধ্যক্ষ, সাহিত্য একাডেমী আৰু উপাচাৰ্য, মহাত্মা গান্ধী বিশ্ববিদ্যালয়) বা গিৰিশ কাৰ্নাড (ভূতপূৰ্ব নিৰ্দেশক, নেহৰু কেন্দ্ৰ)
6. প্ৰা. অমিয় দেৱ বা প্ৰা. নৱনীতা দেৱ সেন (দুয়ো ভূতপূৰ্ব প্ৰাধ্যাপক, তুলনামূলক সাহিত্য, যাদৱপুৰ বিশ্ববিদ্যালয়)
7. প্ৰা. এছ বি ভাৰ্মা ((ভূতপূৰ্ব প্ৰাধ্যাপক, জাপানী ভাষা, JNU, আৰু জনপ্ৰিয় অনুবাদক)
8. প্ৰা. হৰিশ ত্ৰিবেদী, ইংৰাজী বিভাগ, দিল্লী বিশ্ববিদ্যালয়
9. প্ৰা. পুষ্পক ভট্টাচাৰ্য (IIT-মুম্বাই)
10. প্ৰা. উদয় নাৰায়ন সিং (নিৰ্দেশক, CIIL, মহীশূৰ) - আহ্বায়ক