ট্ৰান্সলেশ্বন টুডে
A Biannual Double-blind Peer-reviewed refereed UGC Approved Journal

ট্ৰান্সলেশ্বন টুডে হ’ল NTM-ৰ দ্বাৰা প্ৰকাশিত এখন ষণ্মাষিক গৱেষণা পত্ৰিকা যি অনুবাদ আৰু অনুবাদ সম্পৰ্কীয় গৱেষণা পত্ৰ, লেখনি প্ৰকাশ কৰে। এইখন হ’ল ‘পীয়েৰ-ৰিভিউ’কৃত আন্তৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকা। ই অনুবাদ আৰু অনুবাদ সম্পৰ্কীয় বিষয়ৰ ওপৰত গৱেষণা পত্ৰৰ লগতে অনুবাদক আৰু অনুবাদ বিশেষজ্ঞৰ সাক্ষাত্কাৰ, গ্ৰন্থ সমীক্ষা আদিও প্ৰকাশ কৰে। ট্ৰান্সলেশ্বন টুডেই নতুন অনুবাদকক দিকদৰ্শন কৰাৰ দায়িত্ব লৈছে আৰু লগতে ই বিশেষজ্ঞসকলৰ মত বিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰিব। ইয়াৰ ওপৰিও এই গৱেষণা পত্ৰিকাই অনুবাদকসকলক নতুন নতুন সম্ভাৱনীয়তাৰ বিষয়ে অনুসন্ধান কৰিবলৈ উত্সাহ যোগাব আৰু অনুবাদকৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে তেওঁলোকক সজাগ কৰি তুলিব। গৱেষণা পত্ৰিকাখনৰ ই-সংস্কৰণ চাবৰ বাবে ইয়াত ক্লিক কৰক
 

ই-আলোচনী

ট্ৰান্সলেছন টুডে-ই অনুবাদৰ ওপৰত নানা ধৰণৰ লেখনি, গৱেষণা পত্ৰ আৰু ভাৰতীয় ভাষাৰ পৰা আৰু ভাষালৈ কৰা হোৱা অনুবাদ প্ৰকাশ কৰি শিক্ষাৰ্থী আৰু গৱেষকৰ মাজত দ্ৰতগতিত জনপ্ৰিয় হৈ পৰা অনুবাদ অধ্যয়নলৈ অৱদান আগবঢ়াই আহিছে।

ট্ৰান্সলেছন টুডে-ই অনুবাদ আৰু অনুবাদ সম্পৰ্কীয় বিষয়ৰ ওপৰত পূৰ্ণ দৈৰ্ঘৰ লেখনি, অনুবাদ সম্পৰ্কীয় সমস্যা বা সাঁথৰৰ ওপৰত আলোকপাত কৰা চমু লেখা, অনুবাদ বা অনুবাদ সম্পৰ্কীয় গ্ৰন্থৰ সমীক্ষাত্মক লেখনি, সম্পাদকলৈ চিঠি, ট্ৰান্সলেছন টুডে-ত এক দ্ৰুত অন্বেষণ, অনুবাদক, লিখক আদিৰ এক নিৰ্ঘন্ট আদিক সামৰি ল’ব। অদূৰ ভৱিষ্যতে ইয়াত অনুবাদকৰ চাকৰিৰ বজাৰ, অনুবাদ চফ্টৱেৰ বজাৰ আদিৰ দৰে শিতানো অন্তৰ্ভুক্ত কৰা হ’ব। সাধাৰণভাৱে অনুবাদ সম্পৰ্কীয় সমস্যাসমূহ আৰু বিশেষকৈ ভাৰতীয় ভাষাৰ অনুবাদৰ লগত জড়িত সমস্যাবিলাকক ইয়াত আলোচনা কৰা হ’ব। যি কি নহওক, এই পত্ৰিকা কেৱল ভাৰতীয় ভাষাৰ অনুবাদৰ লগত সম্পৰ্কিত বিষয় আৰু সমস্যাৰ ওপৰতে সীমাবদ্ধ হৈ নাথাকে।

যিদৰে বৈয়াকৰণিক চিন্তা-চৰ্চা ভাৰতত নতুন নহয়, একেদৰে অনুবাদ সম্পৰ্কীয় চিন্তা-চৰ্চাও ভাৰত আৰু আন উন্নয়নশীল দেশত নতুন নহয়। এনে বহুবিলাক বহুভাষিক দেশ হ’ল অনুবাদকৰ সপোন।
  » আমি অনুবাদ আৰু ইয়াৰ লগত জড়িত কাৰ্যকলাপ অধিক শক্তিশালী কৰি তুলিব বিচাৰো
  » আমি অনুবাদ অধ্যয়নৰ পৰিসৰ বহল কৰি তুলিব বিচাৰো
  » আমি অনুবাদত উত্কৃষ্টতাৰ সন্ধান কৰো