অনুবাদকৰ শিক্ষা কাৰ্যসূচী

NTM-ৰ অনুবাদকৰ শিক্ষা কাৰ্যসূচীৰ প্ৰধান লক্ষ্য হ’ল জ্ঞান পাঠ্যৰ অনুবাদ সম্পৰ্কে অনুবাদকক দিকদৰ্শন কৰা। যিসকলে অনুবাদক পেশা হিচাপে লবলৈ ইচ্ছা কৰে, এই কাৰ্যসূচীৰ অধীনত সেইসকলক NTM-এ বিদ্যায়তনিক সহযোগ আগবঢ়ায়। ইবিলাকৰ ভিতৰত প্ৰধান হ’ল ভাৰতত অনুবাদৰ বুৰঞ্জী আৰু পৰম্পৰা, জ্ঞান পাঠ্যক ভাৰতীয় ভাষালৈ অনুবাদ কৰাত সন্মুখীন হবলগীয়া সমস্যা ও প্ৰত্যাহ্বান আৰু অভিধান, সমাৰ্থক শব্দকোষৰ দৰে অনুবাদৰ সঁজুলি কিদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বিশদ জ্ঞান প্ৰদান কৰা। NTM-ৰ মূল লক্ষ্য হৈছে দক্ষ পেশাদাৰী অনুবাদকৰ সৃষ্টি কৰা। ওপৰত উল্লিখিত লক্ষ্যত উপনীত হোৱাৰ বাবে NTM-এ অনুবাদৰ ওপৰত কৰ্মশালা, অনুশীলন কাৰ্যসূচী, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰে। ট্ৰান্সলেশ্বন টুডে (NTM-ৰ ষান্মাসিক জাৰ্ণেল), অনুবাদকৰ হাতপুঠি, NTM-ৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ আৰু NTM-ৰ দ্বাৰা তৈয়াৰী আন সামগ্ৰীয়ে অনুবাদকক অনুবাদ সম্পৰ্কে জ্ঞান প্ৰদান কৰি উপকৃত কৰিব।