অভিধান

অভিধান আৰু সমাৰ্থক শব্দকোষৰ দৰে মানদণ্ড সম্পন্ন অনুবাদ সঁজুলিৰ সৃজন NTM-ৰ মূল লক্ষ্য বিলাকৰ ভিতৰত প্ৰধান। 22 টা ভাৰতীয় ভাষাত দ্বিভাষিক অভিধান প্ৰণয়ণৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে। ভাষাৰ প্ৰচলিত ৰূপ, প্ৰাসংগিক বাক্য গঠন, নানা ধৰণৰ উদাহৰণ, সঘনাই ব্যৱহৃত শাব্দিক আৰু ব্যৱহাৰিক পদ আৰু সিবিলাকৰ ব্যৱহাৰৰ ক্ষেত্ৰত এই অভিধান হ’ল অনন্য।

NTM–এ বিভিন্ন ভাৰতীয় ভাষাত অভিধান প্ৰণয়ণৰ কাম আৰম্ভ কৰিছে। এই অভিধানসমূহ হ’ল দুই প্ৰকাৰৰ-
   क)    দ্বিভাষিক বুনিয়াদী অভিধান
   ख)    দ্বিভাষিক বৈদ্যুতিন অভিধান

দ্বিভাষিক বুনিয়াদী অভিধান

2006 চনৰ মে-জুন মাহত, দ্বিভাষিক অভিধান প্ৰণয়ণ কৰিবৰ বাবে মহীশূৰত অৱস্থিত ভাৰতীয়া ভাষা সংস্থানে সংযুক্ত ৰাষ্ট্ৰৰ (United Kingdom) লংমেন পিয়েৰচন গ্ৰুপৰ (Longman Pearson Group) লগ লাগি এটা যুটীয়া পদক্ষেপ হাতত লয়। অনুবাদ সঁজুলিৰ অভাৱ দূৰ কৰিবলৈকে এই কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু 2008 চনত NTM-ৰ সূচনা হোৱাৰ লগে লগে এই কাৰ্যসূচী NTM-ৰ অধীনলৈ অনা হয়। এই দ্বিভাষিক অভিধান ব্ৰিটিছ নেছনেল কৰ্পাছ (BNC)ৰ ওপৰত আধাৰিত আৰু সকলোৰে মাজত বিশেষভাৱে জনপ্ৰিয় Basic English-English dictionaryৰ আৰ্হিত তৈয়াৰ কৰা হৈছে। এই অভিধানে সবাতোকৈ জনপ্ৰিয় 14,000 শব্দ আৰু বাক্যাংশক সামৰি লৈছে।

লংমেন-NTM-CIIL বুনিয়াদী দ্বিভাষিক অভিধান পৰ্যায়ক্ৰমে প্ৰণয়ণ কৰাৰ কাম হাতত লোৱা হৈছিল। বৰ্তমানলৈকে 6 খন অভিধান বঙালী, হিন্দী, কানাড়া, মালায়ালম, উড়িয়া আৰু তামিল ভাষাত প্ৰকাশ কৰা হৈছে (তলত এই অভিধানসমূহৰ এখন তালিকা দিয়া হৈছে)। পঞ্জাৱী, গুজৰাটী, মাৰাঠী, তেলুগু আৰু উৰ্দু ভাষাত এই অভিধান সোনকালেই প্ৰকাশ কৰা হব।
 
2011-2012 চনত পিয়েৰচন ইডুকেশ্বনে (ভাৰত) এই লানি অভিধানৰ প্ৰকাশ আৰম্ভ কৰে। এতিয়ালৈকে প্ৰকাশিত অভিধানসমূহ হ’ল –

  1. Longman-CIIL English English Hindi Dictionary
  2. Longman-CIIL English English Bengali Dictionary
  3. Longman-CIIL English English Kannada Dictionary
  4. Longman-NTM-CIIL English English Oriya Dictionary
  5. Longman-NTM-CIIL English English Malayalam Dictionary
  6. Longman-NTM-CIIL English English Tamil Dictionary

অভিধান প্ৰণয়ণৰ এই কাম NTM-এ ভাৰতৰ সংবিধান স্বীকৃত 22 টা ভাৰতীয় ভাষালৈ সম্প্ৰসাৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

দ্বিভাষিক বৈদ্যুতিন অভিধান:

NTM-CIIL-এ ডৰ্লিং কিণ্ডাৰছলি (ভাৰত) প্ৰা. লি. [Dorling Kindersley (India) Pvt. Ltd.]ৰ লগত কনছালটেনছি সেৱা আৰু পিয়েৰচন ইডুকেশ্বনৰ ‘Longman Advanced Bilingual Framework’ (LABF)ৰ XML ডাটাছেট ব্যৱহাৰ কৰিবৰ বাবে এক চুক্তি স্বাক্ষৰিত কৰে। Longman UK-ই A-Z আখৰৰ বাবে LABF ডাটাছেট NTM-ৰ ব্যৱহাৰৰ উপযোগীকৈ IDM-ৰ ছাৰ্ভাৰত আপলোড কৰি দিয়ে। এই LABF ডাটাছেট অভিধান সৃজন প্ৰণালী [Dictionary Production System (DPS)]ৰ যোগেদি ব্যৱহাৰ কৰা হব। লংমেনৰ দ্বাৰা বিকশিত এই DPS ফ্ৰান্সৰ IDM-এ বিতৰণ কৰে। NTM দ্বিভাষিক বৈদ্যুতিন অভিধান তলত দিয়াসমূহৰ ওপৰত আধাৰিত –

  » Longman Dictionary of Contemporary English
  » Longman Advanced American Dictionary
  » Longman Dictionary of English and Culture
  » Longman Business Dictionary Longman Dictionary of English Language
  » Longman Corpus Networkৰ পৰা আহৰণ কৰা নানা তথ্য

এই সহযোগিতা সম্বন্ধে সম্পাদন কৰিবলগীয়া সকলো আনুষ্ঠানিকতা সম্পন্ন কৰিবৰ বাবে NTM-এ পিয়েৰচন ইডুকেশ্বনৰ লগত পৰ্যায়ক্ৰমে আলোচনা কৰি আছে।