গোপনীয়তা নীতি

ৰাষ্ট্ৰীয় অনুবাদ অভিযান (“অভিযান”) আপোনাৰ গোপনীয়তা ৰক্ষা কৰিবলৈ দায়বদ্ধ। অভিযানৰ ৱেবছাইট www.ntm.org.in ((“ছাইট”) ভ্ৰমণ আৰু ব্যৱহাৰ কৰা সকলৰ পৰা সংগৃহীত তথ্যসমূহ আমি কিদৰে ব্যৱহাৰ আৰু সংৰক্ষণ কৰো সেইবিষয়ে বুজিবলৈ অনুগ্ৰহ কৰি তলত উল্লেখ কৰা গোপনীয়তা নীতিসমূহ পঢ়ক।

এই ছাইট ব্যৱহাৰৰ দ্বাৰা আপুনি এই নীতি অনুসৰি আপোনাৰ ব্যক্তিগত তথ্যৰ সংগ্ৰহ/সংৰক্ষণ আৰু ব্যৱহাৰৰ বাবে সন্মতি প্ৰদান কৰিছে।
 

আপোনাৰ পৰা আমি সংগ্ৰহ কৰা তথ্য

তলত দিয়া কামসমূহৰ বাবে আমি আপোনাৰ সম্পৰ্কে তথ্য সংগ্ৰহ কৰো:
  » যেতিয়া আপুনি পঞ্জীয়ণ কৰি বা ছাইটৰ যোগেদি কোনো অনুসন্ধান সম্পন্ন কৰিবৰ বাবে আমাক আপোনাৰ ব্যক্তিগত সবিশেষ (যেনে, আপোনাৰ নাম, যোগাযোগ সবিশেষ, ই-মেইল ঠিকনা ইত্যাদি) প্ৰদান কৰে;
  » গৱেষণামূলক কামৰ বাবে যেতিয়া আমি আপোনাক কোনো চাৰ্ভে সম্পন্ন কৰিবলৈ অনুৰোধ কৰো; আৰু
  » ছটা ডেটাবেছ, যেনে ভাৰতীয় বিশ্ববিদ্যালয় ডাটাবেছ, ৰাষ্ট্ৰীয় অনুবাদকৰ পঞ্জী (NRT), প্ৰকাশকৰ ডেটাবেছ, অনুদিত গ্ৰন্থাৱলীৰ ডেটাবেছ, শিক্ষক/বিশেষজ্ঞ সম্পৰ্কীয় তথ্য ভাণ্ডাৰ, অভিধান আৰু শব্দাৱলীৰ ডেটাবেছৰ সৃজন আৰু তত্বাৱধান ।
 

আপোনাৰ তথ্যৰ ব্যৱহাৰ

তলত দিয়া কামসমূহত আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰো:
  » আপুনি অনুৰোধ কৰা সামগ্ৰী, সেৱা আৰু তথ্য আপোনাক প্ৰদান কৰাত আমাক সক্ষম কৰি তোলাৰ বাবে;
  » আপোনাৰ বাবে ছাইটৰ সামগ্ৰীক সৰ্বোত্কৃষ্ট ৰূপত পৰিবেশন সম্ভৱ কৰিবৰ বাবে;
  » আমি এই ছাইটৰ ব্যৱস্থাপন, সমৰ্থন আৰু বিকাশ সাধনৰ লক্ষ্যৰে আমি সংগ্ৰহ কৰা তথ্যসমূহ বিশ্লেষণ কৰিবৰ বাবে;
  » আপুনি আমাৰ পৰা লাভ কৰিব বিচৰা বা আপুনি আগ্ৰহী হ’ব পাৰে বুলি আমি নিৰ্ণয় কৰা কোনো তথ্য, (যিবিলাকৰ বাবে আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাত আপুনি ইতিমধ্যেই সন্মতি প্ৰদান কৰিছে) সামগ্ৰী বা সেৱা আপোনাক প্ৰদান কৰিবৰ বাবে;
  » আমাৰ সেৱাৰ কোনো সালসলনি সম্পৰ্কে আপোনাক জনাবৰ বাবে।
 
আমি ডাক, দূৰভাষ বা ফেক্সৰ উপৰিও ই-মেইল আৰু SMS-ৰ যোগেদি আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰো। এই মাধ্যমসমূহৰ যোগেদি ভাৱিষ্যতে আমি আপোনাৰ সৈতে যোগাযোগ কৰাৰ সম্পৰ্কে আপোনাৰ কিবা মতামত থাকিলে অনুগ্ৰহ কৰি আমাক জানিবলৈ দিয়ক।
 

আপোনাৰ তথ্যৰ সঞ্চয়ন

আমি যেতিয়া এই ৱেবছাইটৰ কোনো নিৰ্দিষ্ট অংশত আপোনাৰ প্ৰৱেশাধিকাৰ সম্ভৱ কৰিবৰ বাবে আপোনাক এটা পাছৱৰ্ড প্ৰদান কৰো (বা আপুনি নিজে পচন্দ কৰে), সেই পাছৱৰ্ডটো গোপন কৰি ৰখাৰ ক্ষেত্ৰত আপুনি দায়বদ্ধ। আমি সেই পাছৱৰ্ডটো আন কাৰোবাৰ লগত আদান-প্ৰদান নকৰিবৰ বাবে অনুৰোধ কৰো।

দূৰ্ভাগ্যজনকভাৱে, ইন্টাৰনেটৰ যোগেদি তথ্যৰ প্ৰচাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়। যদিও আমি আপোনাৰ ব্যক্তিগত ডেটা সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত সৰ্বাধিক সাৱধানতা অৱলম্বন কৰিম, ছাইটলৈ প্ৰচাৰিত আপোনাৰ ডেটাৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰাটো সম্ভৱ নহ’ব। এবাৰ আমি আপোনাৰ তথ্য লাভ কৰাৰ লগে লগে, আমি সেই তথ্যলৈ অবিধিসন্মত প্ৰৱেশক বাধা দিবৰ বাবে উপযুক্ত সুৰক্ষা পদক্ষেপসমূহ গ্ৰহণ কৰিম।
 

আপোনাৰ তথ্যৰ প্ৰকাশকৰণ

আপুনি আমাক প্ৰদান কৰা তথ্যত অভিযানৰ কোনো স্বীকৃতিপ্ৰাপ্ত ব্যক্তিয়েহে প্ৰৱেশাধিকাৰ লাভ কৰিব। আপুনি নিৰ্ধাৰিত কৰা নীতি আৰু কামসমূহৰ বাবে আমি আপোনাৰ তথ্যসমূহ আমাৰ সহযোগী পক্ষসমূহলৈও মুকলি কৰি দিব পাৰো।

তৃতীয় পক্ষৰ দ্বাৰা আপোনাৰ তথ্যসমূহৰ ব্যৱহাৰে এই গোপনীয়তা নীতি মানি চলাটো নিশ্চিত কৰিবলৈ আমি সদায় প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম।

কোনো আইনৰ দ্বাৰা বা আইনৰ অধীনত প্ৰয়োজন নোহোৱালৈকে, আপোনাৰ সন্মতি নোলোৱাকৈ আপুনি আমাক প্ৰদান কৰা আপোনাৰ তথ্যসমূহৰ আদান-প্ৰদান, বিক্ৰী আৰু বিতৰণ নকৰো।
 

IP ঠিকনা আৰু কুকিসমূহ

আমি আপোনাৰ IP ঠিকনা, অপাৰেটিং চিষ্টেম আৰু ব্ৰাউজাৰৰ প্ৰকাৰকে সামৰি আপোনাৰ কম্পিউটাৰৰ সম্বন্ধে তথ্য আহৰণ কৰিব পাৰো। এই তথ্য হ’ল ব্যৱহাৰকৰ্তাৰ ব্ৰাউজিং কাৰ্য আৰু ধৰণৰ লগত সম্পৰ্কিত পৰিসংখ্যাগত ডেটা আৰু ই কোনো ব্যক্তিৰ পৰিচয়ৰ লগত সম্পৰ্কিত নহয়। এইবিলাক ডেটা কোনো ৱেবছাইট, প্ৰণালী ব্যৱস্থাপনৰ উন্নতি সাধন আৰু কোনো তৃতীয় পক্ষক সামগ্ৰিক প্ৰতিবেদন প্ৰদান কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

একে কাৰণসমূহৰ বাবে, আপোনাৰ কম্পিউটাৰৰ হাৰ্ড ড্ৰাইভত সঞ্চিত হৈ থকা এটা কুকি ফাইল ব্যৱহাৰ কৰি আমি আপোনাৰ দ্বাৰা ইন্টাৰনেটৰ সাধাৰণ ব্যৱহাৰৰ সম্বন্ধে তথ্য আহৰণ কৰিব পাৰো। আমি এই তথ্য ছাইটত আপুনি কেনেদৰে বিচৰণ কৰিছে, ছাইটটো আপুনি কেনেদৰে ব্যৱহাৰ কৰিছে বা ই আপোনাৰ বাবে উপযোগী হৈছেনে নাই সেই সম্পৰ্কে জানিবলৈ ব্যৱহাৰ কৰিম। এই ‘ট্ৰেকিং’ প্ৰক্ৰিয়াত আপোনাৰ কোনো ব্যক্তিগত তথ্য সংগ্ৰহ কৰা নহয়।
 

সুৰক্ষা

স্বীকৃতিহীন ব্যক্তিৰ দ্বাৰা ব্যৱহাৰ আৰু অবিধিগত সংসাধন, দূৰ্ঘটনামূলক ক্ষতি, ধংস আৰু হানিৰ পৰা আপোনাৰ তথ্যক সুৰক্ষা প্ৰদান কৰিবৰ বাবে আমি নানা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰো।

অনুগ্ৰহ কৰি আপোনাৰ ইমেইল ঠিকনা আৰু আন যোগাযোগ সবিশেষৰ সালসলনিৰ সম্পৰ্কে আমাক অৱগত কৰি আমাৰ অভিলেখ উন্নীত কৰি ৰখাত আমাক সহায় কৰক।
 

আমাৰ গোপনীয়তা নীতিৰ পৰিৱৰ্তন

আমি সময়ে সময়ে এই নীতিসমূহৰ সংশোধন ঘটাব পাৰো। যদি আমি কোনো গুৰুত্বপূৰ্ণ সালসলনি ঘটাও, তেন্তে ছাইটত চকুত পৰাকৈ এক গোঁহাৰি দি আপোনাৰ অৱগত কৰিম।
 

আপোনাৰ অধিকাৰসমূহ

আমাৰ ওচৰত অভিলেখিত হৈ থকা আপোনাৰ তথ্যসমূহৰ এটা প্ৰতিলিপি বিচাৰিবৰ বাবে আপোনাৰ অধিকাৰ আছে আৰু সেই প্ৰতিলিপি আপোনাক প্ৰদান কৰাৰ বাবদ আমি আপোনাৰ পৰা এক সামান্য মাচুল ল’ব পাৰো।

এই ছাইটে সময়ে সময়ে তৃতীয় পক্ষৰ ৱেবছাইটৰ লিংক বহন কৰিব পাৰে। যদি আপুনি তেনে কোনো ৱেবছাইটৰ লিংকত প্ৰৱেশ কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি মনত ৰাখিব যে সেইবিলাক ৱেবছাইটৰ নিজা গোপনীয়তা নীতি আছে আৰু সেই নীতিসমূহৰ বাবে আমি কোনোধৰণেৰে দায়বদ্ধ নহয়। সেই ৱেবছাইটসমূহত আপোনাৰ ব্যক্তিগত তথ্য প্ৰবিষ্ট কৰাৰ আগতে অনুগ্ৰহ কৰি সেই নীতিসমূহ পৰীক্ষা কৰক।