ঘোষণা

২-সপ্তাহৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

আবেদন পত্ৰ ((ডাউনলোড কৰক আৰু পূৰ কৰক)
 
ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ (এনটিএম) গুৰুত্বপূৰ্ণ উদ্দেশ্য সমূহৰ ভিতৰত এটা হ’ল অনুবাদকৰ দক্ষতা বিকাশ। এই অভিযানে বিশেষ কাৰ্যসূচী আৰু দিকদৰ্শন কাৰ্যসূচীৰ দ্বাৰা অনুবাদকসকলক প্ৰশিক্ষণ প্ৰদান কৰে। ই লগতে বৃত্তিগত অনুবাদকক শৈক্ষিক সহযোগীতাও প্ৰদান কৰে। অনুবাদ বিষয়ত চাৰ্টিফিকেট আৰু ডিপ্লমা পাঠ্যক্ৰম প্ৰদান কৰাৰ বাবেও প্ৰয়াস চলি আছে।

২-সপ্তাহৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

কোনে অংশগ্ৰহণ কৰিব পাৰে? এই কাৰ্যসূচী সেইসকলৰ বাবে যি অনুবাদ কৰ্মক ৰুচি হিচাপে গ্ৰহণ কৰিছে অথবা অনুবাদ কৰ্মক পেছা ৰূপে গ্ৰহণ কৰিব খোজে। নিজৰ জ্ঞান বৃদ্ধি আৰু দক্ষতা বিকাশৰ বাবে আগ্ৰহী পেছাদাৰী অনুবাদকৰ লগতে অনুবাদ অধ্যয়নৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও এই কাৰ্যসূচী মুকলি থাকিব। সাধাৰণতে এই কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকল হ’ল- (ক) সেৱাত নতুনকৈ যোগদান কৰা কৰ্মচাৰী আৰু বিভিন্ন বিশ্ববিদ্যালয়/সংস্থানত পঞ্জীভুক্ত ছাত্ৰ-ছাত্ৰী, (খ) বিভিন্ন চৰকাৰী আৰু অৰ্ধ-চৰকাৰী সংস্থানত কৰ্মৰত ভাষা বিষয়া (গ) বৈজ্ঞানিক তথা কাৰিকৰী শব্দাৱলী আয়োগৰ লগত জড়িত ব্যক্তি ইত্যাদি।

স্থান? প্ৰশিক্ষণ আৰু দিকদৰ্শন কাৰ্যসূচীসমূহ ৰাষ্ট্ৰীয় অনুবাদ অভিযান, ভাৰতীয় ভাষা সংস্থান, মহীশূৰত অনুষ্ঠিত হয়। এই কাৰ্যসূচী বিভিন্ন সংস্থানৰ লগত সহযোগীতাৰে আন ঠাইতো অনুষ্ঠিত কৰা হয়।

 
মাছুল: এই কাৰ্যসূচীৰ বাবে কোনো মাছুলৰ প্ৰয়োজন নাই, কিন্তু কৰ্যক্ৰমৰ আৰম্ভণিতে প্ৰতিজন অংশগ্ৰহণকাৰীয়ে ৫০০/- টকাকৈ জমা দিব লাগে। এই ধনৰাশী ‘ট্ৰেনছলেছন টু়ডে’ গৱেষণা পত্ৰিকাখনৰ ১ বছৰীয়া সদস্যভুক্তিৰ মাছুল হিচাপে গ্ৰহণ কৰা হয়।

আবেদন কেনেকৈ কৰিব? ইচ্ছুক ব্যক্তিয়ে সংস্থানৰ ৱেবছাইটৰ www.ciil.org / www.ntm.org.in পৰা আবেদন পত্ৰ ডাউনলড কৰি উপযুক্ত প্ৰমাণপত্ৰ তথা প্ৰয়োজনীয় নথিৰ প্ৰতিলিপিসহ সম্পূৰ্ণকৈ পূৰণ কৰা স্বাক্ষৰিত আবেদন তলৰ ঠিকনাত পঠিয়াব পাৰিব।
  The Project Director,
National Translation Mission,
Central Institute of Indian Languages,
Manasagangotri, Hunsur Road,
Mysore, Karnataka 570006.

প্ৰশিক্ষক? এনটিএম হ’ল অনুবাদ জগতৰ অভিজ্ঞ প্ৰশিক্ষকসকলৰ মিলনস্থলী। কিছুসংখ্যক প্ৰশিক্ষক হ’ল এনটিএম, চিআইআইএলৰ সমল ব্যক্তি, ইয়াৰ উপৰিও আন বিভিন্ন প্ৰতিষ্ঠিত সংস্থানৰ পৰাও অভিজ্ঞ প্ৰশিক্ষকক আমন্ত্ৰণ কৰা হয়।
বিঃদ্রঃ- আবেদন-পত্ৰ বছৰৰ যিকোনো সময়তে পঠিয়াব পাৰিব। আবেদন-পত্ৰ প্ৰেৰণ কৰা লেফাফাৰ বাওঁফালে শীৰ্ষত 'Application for NTM Translation Training programme' বুলি উল্লেখ কৰিব লাগিব। কোনো সেৱা অথবা যিকোনো নিয়মীয়া কৰ্মত জড়িত আবেদনকৰীয়ে নিয়োগকৰ্তা বা সংস্থানৰ মুৰব্বীৰ আগতীয়া অনুমোদন ল’ব লাগিব। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নামৰ তালিকা এনটিএম আৰু চিআইআইএলৰ ৱেবছাইটযোগে প্ৰকাশ কৰা হ’ব।

যোগাযোগ: সকলো ধৰণৰ অনুসন্ধানৰ বাবে অনুগ্ৰহ কৰি ntmtrainingprog2016[at]gmail[dot]com ত ই-মেইল কৰক।